ETV Bharat / state

অইলক সকীয়নি আলফা স্বাধীনৰ : জনালে কেবাটাও দাবী - Oil India Limited

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 5:31 PM IST

ULFA I warns oil India limited: দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা বিভাগ হস্তান্তৰ নকৰিবলৈ অইলক সকীয়নি আলফা স্বাধীনৰ ৷ ডিগবৈ শোধনাগাৰত থলুৱা প্ৰাৰ্থীক নিযুক্তিৰ দাবী ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত গ্ৰহণ কৰিবলৈও বটলিফ ফেক্টৰীক আহ্বান ৷

ULFA I warns oil India limited
অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় (ETV Bharat Assam)

ডিব্ৰুগড়, ৮ জুন: দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অইল ইণ্ডিয়াই ৷ ১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘসময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে ।

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কামকাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে । কিন্তু দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱা বুলি খবৰ ওলাইছে । দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিচত নয়দালৈ স্থানান্তৰ কৰিব বুলি খবৰ ওলাইছে ।

অইল ইণ্ডিয়াৰ এই সিদ্ধান্ত বাতিল দাবীত ধাৰাবাহিকভাৱে দল-সংগঠনে প্ৰতিবাদ কৰা পিচতে আজি আলফা স্বাধীনে পত্ৰ প্ৰেৰণ কৰি অইল ইণ্ডিয়াক সকীয়নি প্ৰদান কৰিছে ৷ অইল ইণ্ডিয়াক দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে আন কেতবোৰ দাবী উল্লেখ কৰিছে আলফা স্বাধীনে ।

আলফা স্বাধীনে জনোৱা দাবীসমূহ:

  • ১.অইল ইণ্ডিয়া লিমিটেডৰ সকলো বিভাগ হস্তান্তৰ প্ৰক্ৰিয়া বন্ধ কৰি সকলোখিনি দুলীয়াজানতে বাহাল ৰখা ।
  • ২. অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ পদসমূহত থলগিৰিৰ যোগ্যজনক নিযুক্তি প্ৰদান কৰা ।
  • ৩. তৈলখনন আৰু উন্মেষণৰ বাবে স্থানীয় অভিজ্ঞ আৰু দক্ষ প্ৰতিষ্ঠানসমূহক সুবিধা প্ৰদান কৰা ।
  • ৪. ভাৰতীয় তৈল নিগম লিমিটেডৰ ডিগবৈ শোধনাগাৰত নিযুক্তি লাভ কৰা বহিৰাগত প্ৰাৰ্থীৰ ঠাইত যোগ্য থলগিৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা ।

তদুপৰি আলফা স্বাধীনে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত বটলিফ ফেক্টৰীয়ে গ্ৰহণ নকৰা বিষয়টোতো উদ্বেগ প্ৰকাশ কৰিছে । পত্ৰৰ জৰিয়তে তাৎক্ষণিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় নকৰা সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰি কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ দাবী জনায় আলফা স্বাধীনে ।

লগতে পঢ়ক: প্ৰতিবাদত উত্তাল দুলীয়াজান, অইল ইণ্ডিয়াৰ অধ্যক্ষৰ পুত্তলিকা দাহ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.