ETV Bharat / state

অনলাইন বেংকিং এপৰ জৰিয়তে আপোনাক ঠগিবলৈ পিয়াপি দি ফুৰিছে কিছু ধুৰন্ধৰ ! - FAKE MOBILE ONLINE BANKING APP

সতৰ্ক হওক ! দুষ্ট চক্ৰই ম'বাইল অনলাইন বেংকিং এপ ব্যৱহাৰ কৰি ধন লুটিবলৈ পাতিছে জাল ।

Online Fraud in Tinsukia
ভুৱা ম'বাইল অনলাইন বেঙ্কিং এপ ব্যৱহাৰকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 3:09 PM IST

তিনিচুকীয়া: আপুনি বাৰু ম'বাইল অনলাইন বেংকিং এপ ব্যৱহাৰ কৰে নেকি ? যদি কৰে তেন্তে সাৱধান । কাৰণ এনে এপৰ জৰিয়তে দুষ্ট চক্ৰই লুটি নিব পাৰে ধন । এই চক্ৰই চলাহী কথাৰে আপোনাৰ মন মুহি কৌশলেৰে ধন আত্মস্য়াৎ কৰিবলৈ সক্ৰিয় হৈ পৰিছে ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে তিনিচুকীয়াত ওলাইছে ভুৱা ম'বাইল অনলাইন বেংকিং এপ্ ব্যৱহাৰৰ জৰিয়তে ধন আত্মসাৎ কৰা এটা চক্ৰ ৷ তেনে দুই যুৱকক শুকুৰবাৰে আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে । উত্থাপিত অভিযোগ অনুসৰি, তিনিচুকীয়া-মাকুম পথৰ তাৰিক কুৰেশ্বী নামৰ এজন মৎস্য ব্যৱসায়ীৰ দোকানলৈ এখন মটৰচাইকেলত দুজন যুৱক আহে ।

যুৱক দুজনৰ এজনে নগদ ১০০০ টকা জৰুৰীভাৱে প্ৰয়োজন হোৱা বুলি কৈ Online ৰ জৰিয়তে ১০৫০ টকা ব্যৱসায়ীজনক এটা বিশেষ এপৰ জৰিয়তে ধন প্ৰেৰণ কৰা প্ৰদৰ্শন কৰি নগদ ধন ।

ভুৱা ম'বাইল অনলাইন বেঙ্কিং এপ ব্যৱহাৰকাৰী (ETV Bharat Assam)
  • একাউণ্টত জমা নহয় ধন

পৰৱৰ্তী সময়ত ব্যৱসায়ীজনৰ একাউণ্টত ধন জমা নোহোৱাৰ বাবে সন্দেহ কৰি ম'বাইলটো উলিয়াই পৰীক্ষা কৰিবলৈ লোৱাৰ সময়তে যুৱকজন মটৰচাইকেলত উঠি পলায়ন কৰে । সেই সময়তেই যুৱকজনক ব্যৱসায়ীজনে স্থানীয় লোকৰ সহযোগত খেদি খেদি আটক কৰি গতাই দিয়ে তিনিচুকীয়া আৰক্ষীক । ধৃত এজন যুৱক ডিগবৈৰ বিশাল শৰ্মা বুলি পৰিচয় দিয়াৰ লগতে আনজনৰ পৰিচয় বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে জানিব পৰা হোৱা নাই ।

পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে ধৃত দুই যুৱকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি তদন্ত অব্যাহত ৰাখে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃততে দুই যুৱকে ভুৱা এপৰ জৰিয়তে ধন আত্মসাৎ কৰিছিল নে সেয়া এক কাৰিকৰী বিজুতি ৷ আনহাতে, ধৃত যুৱকজনে নিজক বচাবলৈ Online ৰ জৰিয়তে ধন প্ৰেৰণ কৰিছিল যদিও ধন প্ৰেৰণত বিফল হৈ ধন পুনৰ ঘূৰি আহে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:চাইবাৰ অপৰাধীৰ বৃহৎ জাল: ভুলতো ক্লিক নকৰিব WhatsApp-ৰ লিংক

দেশত প্ৰতিদিনেই ব্লক কৰা হৈছে 1.35 কোটি ভুৱা কল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.