বঢ়মপুৰ, ১ ছেপ্টেম্বৰ : ৰাজ্যত ইটোৰ পিচত সিটোকৈ ধৰ্ষণকাণ্ড সংঘটিত হৈ থকাৰ সময়তে নগাঁও জিলাৰ কচুৱাত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । শনিবাৰে নগাঁৱৰ কচুৱা গেৰজাইপামত স্কুলীয়া ছাত্ৰীক নিৰ্যাতন । বিদ্যালয়ৰ পৰা আহি থকা তিনিগৰাকী ছাত্ৰীক ৰাজপথত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে দুই যুৱকৰ বিৰুদ্ধে ।
ছাত্ৰীকেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ এজন যুৱকক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে যদিও আনজন যুৱক পলাই যাবলৈ সক্ষম হয় । যুৱক দুজন হৈছে কচুৱা গেৰজাইপামৰ ইমৰাণ হুছেইন আৰু চাইদুল ইছলাম ।
জানিব পৰা মতে, গেৰজাইপাম আদৰ্শ হাইস্কুলৰ নৱম আৰু দশম শ্ৰেনীৰ তিনিগৰাকী ছাত্ৰী বিদ্যালয় ছুটিৰ পাচত ঘৰলৈ যোৱাৰ পথত ইমৰাণ হুছেইন আৰু চাইদুল ইছলাম নামৰ দুই যুৱকে সামাজিক মাধ্যমত ৰীল বনাবলৈ জোৰ কৰে । ছাত্ৰীকেইগৰাকীয়ে যুৱক দুজনৰ লগত ৰীল বনাবলৈ অমান্তি হোৱাত ছাত্ৰীকেইগৰাকীক উদণ্ড যুৱক দুজনে হাতত ধৰি জবৰদস্তি কৰি অশ্লীল গালি-গালাজ তথা অশ্লীল ইংগিত দিয়ে ।
পাচত ছাত্ৰীকেইগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোকে এজন যুৱকক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে । আনজন যুৱক পলায় যাবলৈ সক্ষম হয় যদিও পৰৱৰ্তী সময়ত ৰাইজৰ দাবীত যুৱকজনক পিতৃয়ে কচুৱা আৰক্ষী থানাত গতাই দিয়ে । ইতিমধ্যে ভুক্তভোগী ছাত্ৰীকেইগৰাকীৰ পৰিয়ালে উদণ্ড যুৱক দুজনৰ বিৰুদ্ধে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে ।
উল্লেখ্য যে, দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ কচুৱাৰ সচেতন ৰাইজৰ লগতে বজৰং দলৰ সদস্যসকলে দাবী উত্থাপন কৰে ।