ETV Bharat / state

সুৰক্ষা ক’ত ? ঘৰৰ ভিতৰতে নাবালিকাক ধৰ্ষণ; পথাৰত গৰু বিচাৰিবলৈ গৈ ধৰ্ষিতা হ’ল 70 বছৰীয়া বৃদ্ধা - Two secessional rape case

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 9:07 AM IST

Rape in Goalpara: গোৱালপাৰাত পুনৰ জঘন্য ধৰ্ষণকাণ্ড । এগৰাকী 11 বছৰীয়া নাবালিকা আৰু এগৰাকী 70 বছৰীয়া বৃদ্ধা বলি হ’ল ধৰ্ষণৰ ৷ এটা অভিযুক্তক গ্ৰেপ্তাৰ, আন এটা পলাতক...

Two secessional rape case
Rape in Goalpara (ETV Bharat)

গোৱালপাৰা, 14 জুলাই: গোৱালপাৰা জিলাত সংঘটিত দুটাকৈ ধৰ্ষণৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এগৰাকী নাবালিকা আৰু এগৰাকী বৃদ্ধাৰ ধৰ্ষণে বুকু কঁপাই তুলিছে গোৱালপাৰাৰ সচেতন ৰাইজৰ ৷ এই নৃশংসতাক ধিক্কাৰ জনাইছে সকলোৱে ৷ জিলাখনত ইতিপূৰ্বেও বহুকেইটা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল ৷ কিন্তু সেইবোৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ দুটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল জিলাখনত ৷

গোৱালপাৰাত দুটাকৈ জঘন্য ধৰ্ষণকাণ্ড (ETV Bharat Assam)

পানী খোৱাৰ চলেৰে অকলশৰীয়া নাবালিকাক ধৰ্ষণ:

গোৱালপাৰা জিলাৰ দুধনৈত এজন ৪৪ বছৰীয়া লোকৰ কামনাৰ বলি হ’ল এগৰাকী ১১ বছৰীয়া নাবালিকা ৷ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত চিলুক মাজপাৰা গাঁৱৰ জিন্টুছ মাৰাক নামৰ লোকজনে চলিত মাহৰ ৯ তাৰিখ মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰৱেশ কৰিছিল এগৰাকী নাবালিকাৰ ঘৰত । পানী খোজা চলেৰে ঘৰত প্ৰৱেশ কৰি জিন্টুছ মাৰাকে উপৰ্যুপৰি ধৰ্ষণ কৰে নাবালিকাগৰাকীক ৷ ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ পিচত এই বিষয়ে কাৰো আগত নক’বলৈ নাবালিকাগৰাকীক মৃত্যুৰ ভাবুকি দিয়েও অভিযুক্ত মাৰাকে ।

নাবালিকাগৰাকীয়েও ভয়তে পৰিয়ালৰ আগত মুখ নুখুলি নীৰৱে থাকে। কিন্তু যোৱা শুকুৰবাৰে তীব্ৰ পেটৰ বিষ আৰম্ভ নহয় নাবালিকাগৰাকীৰ । মাকে তেওঁ পেটৰ বিষৰ বিষয়ে সোধা-পোছা কৰাত সকলো ঘটনা বিৱৰি কয় ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে ৷ লগে লগে এই জঘন্য ঘটনাটো পোহৰলৈ আহে ৷ ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকে দুধনৈ থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে ।

এই এজাহাৰৰ ভিক্তিত আৰক্ষীয়ে তৎপৰতাৰে ধৰ্ষণকাণ্ড সংঘটিত কৰা জিন্টুছ মাৰাকক 59/2024 US/65(2) BNS And R/W Sec 40 POCSO আইনৰ অধীনত আটক কৰে । অভিযুক্ত মাৰাকক দুধনৈ থানাত সোধা-পোছা কৰাৰ অন্তত ধৰ্ষণকাৰীৰ স্বীকাৰুক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে । দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পথাৰত গৰু বিচাৰিবলৈ যোৱা 70 বছৰীয়া বৃদ্ধাক জংঘললৈ নি ধৰ্ষণ:

ইফালে গোৱালপাৰা জিলাৰ মাটিয়াতো সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা । পথাৰত গৰু বিচাৰিবলৈ যোৱা এগৰাকী 70 বছৰীয়া বৃদ্ধা মহিলাক ধৰ্ষণ কৰি হত্যাৰ অপচেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ । চুবুৰীয়া ৰাইজৰ ভাষ্য মতে, শনিবাৰে দুপৰীয়া ভাগত 70 বছৰীয়া বৃদ্ধা এগৰাকীয়ে পথাৰত নিজৰ গৰু বিচাৰিবলৈ যায় । বৃদ্ধাগৰাকীয়ে ৰাস্তা পাহৰি যোৱাত কোনো এজন দুষ্ট প্ৰকৃতিৰ লোকে ৰাস্তা দেখুওৱাৰ ছলেৰে জংঘলৰ মাজলৈ নি মুখত সোপা দি উপৰ্যুপৰি ধৰ্ষণ কৰে ৷

ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকি বৃদ্ধাগৰাকীক ডিঙি চিপি হত্যাৰ অপচেষ্টা চলায় দুৰ্বৃত্তটোৱে । মহিলাগৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দুৰ্বৃত্তৰ হাতত কামুৰি উঠি চিঞৰি-বাখৰ কৰে । ভুক্তভোগী বৃদ্ধাগৰাকীৰ চিঞৰ শুনি স্থানীয় ৰাইজে দৌৰি ওলাই আহোঁতেই অচিনাক্ত দুৰ্বৃত্তই ঘটনাস্থলীৰ পলায়ন কৰে ৷ স্থানীয় ৰাইজে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি মাটিয়া আৰক্ষী থানালৈ লৈ যায় । মহিলাগৰাকীৰ পৰিয়ালৰ লোকে মাটিয়া আৰক্ষী থানাত এখন এজাহাৰৰ দাখিল কৰিছে ।

বৃদ্ধাগৰাকীক মাটিয়া আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে মাটিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে, বৃদ্ধাগৰাকী যথেষ্ট পৰিমানে মানসিক অসুস্থতাত ভুগি আছে । এই ঘটনাৰ পিচতেই সমগ্র মাটিয়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: তিনি নাবালকৰ ধৰ্ষণৰ বলি নাবালিকা; শাস্তিৰ ভয়ত নাবালিকাক গতিয়াই দিলে পুখুৰীলৈ - MINOR GIRL RAPED IN ANDHRA PRADESH

ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী নাসেৰ আলী - Attempt to rape case in Guwahati

ইটোৰ পিচত সিটো কিশোৰী ধৰ্ষণৰ ঘটনা : ঠেলামৰাত অভিযুক্তক গ্ৰেপ্তাৰ - Rape Case

লাহোৱালত মানৱ সমাজক লজ্জানত কৰা ঘটনা - CRIME IN DIBRUGARH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.