ETV Bharat / state

গা-ধুবলৈ গৈ অকাল মৃত্যু দুই সমনীয়া ৰোহিত আৰু ধীমানজ্যোতিৰ - Two minors died

Goalpara tragic incident: গোৱালপাৰা দুধনৈত দুই ছাত্ৰৰ অকাল মৃত্যু । পুখুৰীত গা-ধুবলৈ গৈ সলিল সমাধি ঘটে দুই ছাত্ৰৰ । ছাত্ৰ দুগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ৰোহিত ৰাভা আৰু ধীমানজ্যোতি ৰাভা বুলি চিনাক্ত কৰা হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 2:26 PM IST

Two minors drown while bathing in pond in goalpara
গোৱালপাৰা দুধনৈত দুই ছাত্ৰৰ কৰুণ মৃত্যু (ETV Bharat Assam)

গোৱালপাৰা, 7 জুলাই : গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বান-বিভীষিকাৰ মাজতে দুধনৈত দুই ছাত্ৰৰ অকাল মৃত্যু । জিলাখনৰ দুধনৈৰ লেলাত পুখুৰীত পৰি সলিল সমাধি ঘটে দুই ছাত্ৰৰ । লেলা নৱাপাৰাত সংঘটিত হয় এই অঘটনটো ।

জানিব পৰা মতে, দুধনৈ নৱাপাৰা গাঁৱৰ দুই ছাত্ৰ ক্ৰমে ধীমানজ্যোতি আৰু ৰোহিত ৰাভাই শনিবাৰে বিয়লি ভাগত ঘৰৰ ওচৰতে থকা এটা দ পুখুৰীত গা-ধুবলৈ গৈ নামিছিল । কিন্তু সন্ধিয়া পৰলৈকে ছাত্ৰ দুগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷ তাৰ পাচতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল ছাত্ৰ দুগৰাকীৰ ।

শনিবাৰে নিশা স্থানীয় ৰাইজে ধীমানজ্যোতি ৰাভাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ঘৰৰ কাষতে থকা এটা দ পুখুৰীত । আনহাতে নিশাৰ ভাগত কোনো সন্ধান পোৱা নাছিল ৰোহিত ৰাভাৰ । যোৱা নিশা এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচত আজি (দেওবাৰ) পুৱাই একেটা পুখুৰীতে উদ্ধাৰ অভিযান চলায় SDRF বাহিনীৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : টুলুঙা নাও ডুবি দুটি নাবালকৰ মৃত্যু - Two minors died

অৱশেষত একেটা পুখুৰীৰ পৰাই উদ্ধাৰ হয় ৰোহিত ৰাভাৰো মৃতদেহ । জানিব পৰা মতে, নিহত দুয়োগৰাকী অষ্টম শ্ৰেণীৰে ছাত্ৰ আছিল । ইয়াৰে ৰোহিত ৰাভা আছিল লেলা হাইস্কুলৰ ছাত্ৰ আৰু ধীমানজ্যোতি ৰাভা আছিল দুধনৈৰ দামৰা ডনবস্ক’ৰ ছাত্ৰ ।

দুধনৈ আৰক্ষীয়ে ছাত্ৰ দুগৰাকীৰ মৃতদেহ আজি একেলগে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ যে, একেখন গাঁৱৰে দুটি কিশোৰৰ কৰুণ মৃত্যু ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : হৃদয়বিদাৰক ! উঁৱলি যোৱা অৱস্থাত নৰ্দমাত ওলাল অবিনাশৰ মৃতদেহ - Minor boy drowns in drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.