ETV Bharat / state

সন্ধানহীন লোকক ঘূৰাই পোৱাৰ আশাত গছৰ তলত পূজা

Superstition : মাছ মাৰিবলৈ যোৱাৰ পিচত সন্ধানহীন হোৱা গঞাক বিচাৰি অপশক্তিক সন্তুষ্ট কৰিবলৈ ৰাইজে আয়োজন কৰিলে পূজা ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 6:50 PM IST

Missing in Arunachal forest
অসম-অৰুণাচল সীমান্তত সন্ধানহীন (ETV Bharat Assam)

জোনাই, ১৩ অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দৰ মাজতে ধেমাজি জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ দুজন লোক বিগত ৫ দিন ধৰি সন্ধানহীন হৈ আছে ৷ ডিমৌ চাৰিআলিৰ ৩ জন লোকে যোৱা ৮ অক্টোবৰত অসম-অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ ডিমৌ নদীত মাছ ধৰিবলৈ গৈছিল । ইয়াৰে এজন উভতি আহে যদিও আন দুজন সন্ধানহীন হৈছে ।

ৰাইজৰ ভাষ্য় অনুসৰি মহেন্দ্ৰ পাংগীং (৫৭), প্ৰফুল্ল য়েইন (৫৫) আৰু জিনুত মিলিয়ে (৫১) সিদিনা মাছ ধৰিবলৈ গৈছিল ৷ ইয়াৰে জিনুত মিলি নামৰ লোকজন কোনোমতে ঘৰলৈ উভতি আহে ৷ ইফালে, জিনুত মিলিয়ে ৰাইজক জানিবলৈ দিয়া মতে মাছ মাৰি উভতি অহাৰ পথত পাহাৰৰ ঘন জংঘলৰ বাটত দুজন বন্ধু ক্ৰমে মহেন্দ্ৰ পাংগীং আৰু প্ৰফুল্ল য়েইনক এৰি থৈ আহে । ইয়াৰ পিচৰে পৰা ৰহস্যজনকভাৱে এই দুজন লোক পাহাৰৰ মাজত সন্ধানহীন হয় ৷

আনহাতে,পৰিয়াল তথা ৰাইজে কিবা কাৰণত পাহাৰৰ জংঘলত বাট হেৰাইছে বুলি পিছদিনালৈ অপেক্ষা কৰি উভতি নহাত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ অন্তত অসম আৰু অৰুণাচল আৰক্ষীক অৱগত কৰে যদিও দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উপায়হীন হৈ আজি ৫ দিন উকলি যোৱাৰ পিচতো কোনো সন্ধান নোপোৱাত লোক দুজনক পাহাৰৰ মাজত কোনো অপশক্তিয়ে আৱদ্ধ কৰি ৰখাৰ সন্দেহত গঞা ৰাইজে গছৰ তলত পূজা কৰি অপশক্তিক সন্তুষ্ট কৰিবলৈ পূজা কৰে । গাঁৱৰ ডেকা-গাভৰুৰ লগতে স্থানীয় ৰাইজে ঢোল, তাল, পেঁপা বজাই পাহাৰৰ দাঁতিত বিচাৰে লোক দুজনক ৷ তদুপৰি হাতত যাঠি-জোং লৈ স্থানীয় ৰাইজে বিচাৰি ফুৰিছে পাহাৰ মাজত । কিন্তু ইমানৰ পিচতো কোনো সন্ধান নাই লোক দুজনৰ ৷

লগতে পঢ়ক:কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন টিংখাঙৰ যুৱক - ASSAM YOUTH MISSING IN ODISHA

৮০ দিনে সন্ধান নাই ফৰকাটিঙৰ পৰা বেংগালুৰুলৈ যোৱা মেৰাপানীৰ এজন লোকৰ - Man missing in Vijayawada

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.