ETV Bharat / state

আৰক্ষীৰ জালত বাইকত উঠি মহিলাক হাৰাশাস্তি কৰা দুই কিশোৰ - Woman physically abused

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 7:15 PM IST

Crime in Raha: ৰহাত দুই কিশোৰে চিনেমাৰ কায়দাৰে মহিলাক কৰিছিল অশালীন ব্য়ৱহাৰ । কিন্তু দুই কিশোৰৰ দিন আছিল বেয়া । চিচিটিভিৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য় আৰু তাৰ পিচত কি ঘটিল ?

Crime in Raha
মহিলাক অশালীন ব্য়ৱহাৰ (ETV BHARAT ASSAM)

ৰহা, ১৯ মে’: চৰকাৰৰ কঠোৰ পদক্ষেপ তথা অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো ৰাজ্য়ত হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ ঘটনা । ৰাজ্য়ৰ বিভিন্ন ঠাইত চিলনী চোৰৰ সন্ত্ৰাস চলি থকাৰ সময়তে এতিয়া আকৌ একাংশ বিকৃত মানসিকতা সম্পন্ন যুৱক তথা কিশোৰে মহিলাক ৰাজপথত দিনদুপৰতেই অশালীন ব্য়ৱহাৰ কৰাৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে । ইয়াৰ মাজতেই বিগত কেইবাদিন ধৰি ৰহা অঞ্চলত অকলশৰীয়া অসহায় যুৱতী-মহিলাক সুবিধা বুজি শাৰীৰিকভাৱে অপদস্থ কৰা দুই কিশোৰ পৰিল আৰক্ষীৰ জালত ।

একাংশ ভুক্তভোগী মহিলা তথা যুৱতীয়ে এই প্ৰসংগত অভিযোগ উত্থাপন কৰি কয় যে ধৃত অভিযুক্ত দুটাই তেওঁলোকৰ শৰীৰৰ গোপন অংগ স্পৰ্শ কৰি শাৰিৰীক মানসিক নিৰ্যাতন চলাই আহিছে । এই দুই অভিযুক্তই বাইকেৰে আহি ৰাজপথতেই কেইবাগৰাকী যুৱতী-মহিলাক এনে অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে । এনে বিকৃত মানসিকতাৰ কিশোৰৰ কৱলত পৰা মহিলা-যুৱতীসকলে নিৰাপত্তাহীনতাত ভুগি মানসিক অশান্তিত ভুগিবলগীয়া হৈছে । ইয়াকে লৈ ৰহাৰ বৃহত্তৰ অঞ্চলত সৃষ্টি হয় আতংকৰ । শনিবাৰেও এনে এক অনুৰূপ ঘটনা সংঘটিত হয় ৰহাৰ ৰণথলীত ।

ৰহাৰ ৰণথলী চিকিৎসালয়ত কৰ্মৰত মহিলা এগৰাকীয়ে টম্প'ৰে আহি ৰণথলীত নামি হাস্পতাললৈ গৈ থাকোতেই দুই অভিযুক্তই বাইকেৰে আহি হঠাতে মহিলাগৰাকীৰ গোপন অংগত হাত দিয়ে । মহিলাগৰাকীয়ে টনা-আজোৰা কৰাত কিশোৰ দুটাই তীব্ৰ বেগেৰে বাইকেৰে ৰহা টোলগেটেৰে পলায়ন কৰে । এই কথা সদৰী হোৱাত টোলগেটৰ চি চি টিভি কেমেৰাত দুই অভিযুক্তক চিনাক্ত কৰা হয় । লগে লগে ৰহা থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই ফুলগুৰিত দুয়োটাকে আটক কৰিবলৈ সক্ষম হয় ।

এই দুই অভিযুক্তৰ ঘৰ ৰহাৰ জৰাবাৰী আলিকুছিত । আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰা খবৰ লাভ কৰাৰ লগে লগে ৰহা আৰক্ষী থানাত উপস্থিত হৈ কেইবাগৰাকী ভুক্তভোগী যুৱতী-মহিলাই দুয়োটাকে চিনাক্ত কৰে। এনে বিকৃত মানসিকতাৰ কিশোৰক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী যুৱতী-মহিলা তথা সচেতন নাগৰিকে। ইপিনে,দুই অভিযুক্তৰ বিৰুদ্ধে বৰ্তমানলৈকে কেইবাগৰাকী ভুক্তভোগীয়ে ৰহা থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক:বটদ্ৰৱাত প্ৰেমৰ প্ৰলোভনেৰে কিশোৰীক যৌন নিৰ্যাতন: আটক অভিযুক্ত - Sexual Harassment

ছয়গাঁৱত বনকৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ পিতা-পুত্ৰ - Minor Girl Sexually Abused

ধেমাজিত হোষ্টেলৰ গৰাকীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.