ETV Bharat / state

মঙলদৈত চাইবাৰ অপৰাধৰ সৈতে জড়িত দুটা অপৰাধীক গ্ৰেপ্তাৰ - CYBER CRIME

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:46 PM IST

Cyber crime in Assam : মঙলদৈত আৰক্ষীৰ জালত দুটাকৈ চাইবাৰ অপৰাধী ৷ এই চক্ৰৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে শীঘ্ৰেই এই চক্ৰটোৰ বহু সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

ASSAM POLICE AGAINST CYBER CRIME
আৰক্ষীৰ জালত দুটা চাইবাৰ অপৰাধী (ETV Bharat Assam)

মঙলদৈ, 16 আগষ্ট : মঙলদৈত আৰক্ষীৰ জালত দুটা চাইবাৰ অপৰাধী ৷ ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম পৰ্টেলৰ সহায়ত অবৈধ লেনদেনৰ তথ্য লাভ কৰি দৰং আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত অপৰাধী দুটাক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা এটা চাইবাৰ অপৰাধী মঙলদৈৰ নিকটৱৰ্তী গা ধোৱাৰ ৰমজান আলি ৷

মঙলদৈত দুটাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ (ETV Bharat Assam)

জানিব পৰামতে ধৃত ৰমজান আলিয়ে খোলা ভাৰতীয় ষ্টেট বেংকৰ খাৰুপেটীয়া শাখাৰ এটা একাউন্টৰ ওপৰত তথ্যৰ ভিত্তিত দৰং আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছিল | সেই মৰ্মে আৰক্ষীয়ে অনুসন্ধান কৰি একাউন্টটোৰ বেংক পাছবুকৰ তথ্য আৰু গৰাকীৰ সবিশেষ লয় ৷ এই অনুসন্ধানত আৰক্ষীয়ে বহু লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰে ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা একাউন্টটোত পইচা সোমোৱা আৰু ওলোৱাৰ তথ্য লাভ কৰে আপক্ষীয়ে ৷ তেতিয়া আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ৷

ইয়াৰ পিছতে একাউন্টটোৰ মূল গৰাকী খাৰুপেটীয়াৰ ৰকিবুল ইছলামক আৰক্ষীয়ে সোধপোচ কৰাত মঙলদৈ গা ধোৱাৰ ৰমজান আলিক এবছৰমান আগত অলপ টকাৰ বিনিময়ত একাউণ্ট খুলিবলৈ দিয়ে বুলি জানিবলৈ দিয়ে ৷ ৰমজানে একাউণ্টটো চলাই থকাৰ কথা স্বীকাৰ কৰে ৰকিবুলে ৷ আৰক্ষীয়ে ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল যদিও ৰমজান আলি পলাই আছিল ৷ অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে অপৰাধীটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

প্ৰায় তিনি মাহতে 20 লক্ষাধিক টকাৰ লেনদেন কৰা ৰমজান আলিৰ লগত আৰু বহু লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে শীঘ্ৰেই এই চক্ৰটোৰ বহু সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : কাছাৰত লাভ জেহাদৰ অভিযোগত যুৱকক প্ৰহাৰ কৰি বান্ধিলে খুটাত - Moral Policing Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.