ETV Bharat / state

দ' নলাত পৰি প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে - Death By Drowning - DEATH BY DROWNING

Tragic incident in Jorhat: মৃত্য়ুৱে যেন হাত বাউলি মাতিছিল দুই ভাতৃক । হয়তো সেই বাবেই পুৱা উঠিছিল ভঙা নাৱত । হঠাতেই ঘটিল অঘটন ।

Death By Drowning in Jorhat
নপমুৱাত হৃদয় বিদাৰক ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:38 PM IST

যোৰহাট, ২১ জুলাই: যোৰহাট জিলাৰ নপমুৱাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । জিলাখনৰ ন-পমুৱা বালিগাঁও দুবৰণি পথাৰত কলিয়নি গাঁৱৰ দুজন কিশোৰৰ পানীত পৰি মৃত্য়ু হয় । কিশোৰ দুজনে পথাৰত গৰু চৰাবলৈ যোৱাৰ সময়ত পথাৰৰ মাজত থকা দ' নলাত এখন ভঙা নাৱত উঠাৰ পিচতেই এই কৰুণ ঘটনাটো সংঘটিত হয় । দুবৰণি পথাৰত থকা গেজিং মাটিত একাংশ লোকে অবৈধভাৱে খনন কৰাৰ পিচতো কোনো সতৰ্কীকৰণ সংকেত আঁৰি নিদিয়াৰ ফলত এই দ' নলাত পৰি ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

নপমুৱাত হৃদয় বিদাৰক ঘটনা (ETV Bharat Assam)

স্থানীয় ৰাইজৰ ভাষ্য় অনুসৰি দেওবাৰে পুৱা দুবৰণি পথাৰ মাজত থকা বৃহৎ আকাৰ দ' নলাত পৰি একেটা পৰিয়ালৰে দুই ভাই-ককাই সন্ধানহীন হৈ পৰে । ইয়াৰ পিচতেই পৰিয়ালৰ লোকে উক্ত ঘটনাৰ বিষয়ে জানিব পাৰি উদ্ধাৰৰ বাবে চেষ্টা চলায় । ৰাইজে লগে লগে এছডিআৰএফক খবৰ দিয়াত এছডিআৰএফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । এছডিআৰএফে ৰাইজ সহযোগত নিৰুদ্দেশ হোৱা দুই কিশোৰ শ্ববন কুমাৰ দাস (১৭) আৰু বিষ্ণু দাস (১৭)ক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰে । কেইবা ঘন্টা ধৰি অভিযান চলোৱাত কিশোৰদ্বয়ৰ মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এই ঘটনাটো সংঘটিত হোৱাৰ পিচতেই স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে দুবৰণি পথাৰত থকা গেজিং মাটিত অবৈধভাৱে খনন কৰাৰ ফলত ঠাই বিশেষে সৃষ্টি হৈছিল দ' নলাতৰ । অবৈধভাৱে উক্ত গেজিঙত খন্দা দ' গাত সমূহ এক বৃহৎ নলালৈ পৰিণত হোৱাৰ পিচতো যোৰহাট জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক:গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

ভাতৃক বচাবলৈ পানীত জাঁপ দিয়া দুই শিশুৰ সমাধি, এজনক জীৱন্তে উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.