ETV Bharat / state

কেতিয়া পূৰণ হ'ব প্ৰতিশ্ৰুতি ? তুলসী গগৈয়ে কেতিয়া মাৰিব সুখৰ হাঁহি ? - Deprived from govt scheme

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:03 PM IST

Decrepit house of a poor family: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এটি দৰিদ্ৰ পৰিয়ালৰ মৰ্মবেদনা । উৰুখা পঁজাত জীৱন অতিবাহিত কৰিছে মৰাণৰ ধেমেচীৰ তুলসী গগৈৰ পৰিয়ালে । কেৱল আশ্বাসতে সীমাৱদ্ধ উন্নয়ন ।

Tulsi Gogoi of Moran deprived of government schemes
চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা এটি দৰিদ্ৰ পৰিয়ালৰ মৰ্মবেদনা (ETV Bharat Assam)

মৰাণ, ২৭ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনে আঁচনিৰ ৰঙীন বিজ্ঞাপনেৰে ভৰাই পেলাইছে ৰাজ্য । ইখনৰ পিছত সিখন চৰকাৰী আঁচনি, হিতাধিকাৰীৰ পিছত হিতাধিকাৰী সৃষ্টি কৰা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ আমোলতে প্ৰকৃততে কিমান উন্নয়ন হৈছে দৰিদ্ৰ ৰাইজৰ ? দৰিদ্ৰ ৰাইজৰ উন্নয়নত কিমান সফল শাসনাধিষ্ঠ বিজেপি চৰকাৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিলাষী আঁচনিৰ কথা কৈ থাকিলেও আজিও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই একাংশ দৰিদ্ৰ জনগণক ৷

উৰুখা পঁজাতেই জীৱন সংগ্ৰাম ডিব্ৰুগড়ৰ তুলসী গগৈৰ পৰিয়ালৰ ৷ ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেমেচী শিঙৰাজানৰ তুলসী গগৈৰ পৰিয়ালৰ জীৱন সংগ্ৰাম দেখিলে চকু কঁপালত উঠিব সকলোৰে । ধেমেচী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ড বেজপথাৰ ২ নং শিঙৰাজানৰ নিবাসী তুলসী গগৈৰ পৰিয়ালৰ বাসগৃহটো দেখি চকু সেমেকি উঠিছে সকলোৰে ৷ জহি খহি যোৱা এটা জৰাজীৰ্ণ বাসগৃহত বছৰৰ পিছত বছৰ ধৰি জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিছে তুলসী গগৈৰ পৰিয়াল ৷

থাকিবলৈ, শুবলৈ ঠাই নোহোৱা ঘৰখনৰ গৰাকী তুলসী গগৈৰ দুই পুত্ৰ-কন্যাই শিক্ষা আধাতে এৰি বৰ্তমান কাম কৰে হোটেলত ৷ সৰু পুত্ৰ আৰু পত্নীৰ সৈতে এই ঘৰটোত বাস কৰা অসুস্থ তুলসী গগৈয়ে দিন হাজিৰা কৰি কোনোমতে পেটৰ ভাতমুঠি মোকলাই আহিছে ৷ এটা চৰকাৰী গৃহৰ বাবে স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধিক আবেদন-নিবেদন জনাই কেৱল ভুৱা আশ্বাস লাভ কৰা তুলসী গগৈৰ দৰে দৰিদ্ৰ পৰিয়ালৰ আজি হাঁহাকাৰ অৱস্থা, তথাপিও কিন্তু গা-নলৰে জনপ্ৰতিনিধিৰ ৷

তুলসী গগৈৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজৰ আশা এটা চৰকাৰী গৃহ লাভ কৰিব পৰিয়ালটোৱে ৷ কিন্তু এই দৰিদ্ৰ পৰিয়ালটোৰ দুৰ্দশা চকুত পৰিবনে চৰকাৰ তথা জনপ্ৰতিনিধিৰ ? এই দৃশ্য সমূহে প্ৰমাণ কৰে আচলতে চৰকাৰে ঘোষণা কৰা অভিলাষী আঁচনিসমূহৰ পৰা কিমান উপকৃত হৈছে প্ৰকৃত দৰিদ্ৰ ৰাইজ ।

লগতে পঢ়ক: পখিলা খেদাৰ বয়সত দুৰাৰোগ্যত আক্ৰান্ত বাৰ্বি - Seek Medical Help

আইতাগৰাকীৰ ভোটটোহে বহুমূলীয়া, জীৱনটো নহয় ! নেতাই কিয় কেৰাহীকেও নাচায় ? - Deprived from govt scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.