ETV Bharat / state

গুৱাহাটীত ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ই টিভি ভাৰত অসম পৰিয়ালৰ - Ramoji Rao

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 9:44 PM IST

Tribute to Late Media Mogul Ramoji Rao : সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো শ্ৰদ্ধাঞ্জলি জনোৱা হয় ভাৰতৰ সংবাদ জগতৰ স্বপ্নদ্ৰষ্টা ৰামোজী ৰাওৰ প্ৰতি ৷ ই টিভি ভাৰত অসমৰ পৰিয়ালৰ লগতে উপস্থিত থাকে বহুকেইগৰাকী নবীন-প্ৰবীণ সংবাদকৰ্মী ৷

Tribute to Late Media Mogul Ramoji Rao
গুৱাহাটীত ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

গুৱাহাটী, 20 জুন: অসমত অসমীয়া ভাষাই মৰ্যাদা সহকাৰে উচ্চ স্থান পাবই লাগিব বুলি অসম আৰু অসমীয়াৰ কথাও চিন্তা কৰা ভাৰতীয় সংবাদ জগতৰ স্বপ্নদ্ৰষ্টা চেৰুকুৰী ৰামোজী ৰাওৰ প্ৰতি আজি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ভাৰতীয় আধুনিক সংবাদ মাধ্যমক অন্য মাত্ৰালৈ লৈ যোৱা তেলুগু ভাষাৰ সৰ্বাধিক প্ৰচলিত দৈনিক কাকত ‘ঈনাডু’ৰ প্ৰতিষ্ঠাপক সম্পাদক, ই টিভি ভাৰত, ই টিভি ভাৰত নেটৱৰ্কৰ প্ৰাক্তন অধ্যক্ষ সদ্যপ্ৰয়াত ৰামোজী ৰাওৰ স্মৰণত বৃহস্পতিবাৰে এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় গুৱাহাটীত ৷

ই টিভি ভাৰত অসমৰ উদ্যোগত গুৱাহাটীৰ সত্যনাথ বৰা হলত অনুষ্ঠিত এই অনুষ্ঠানত ৰামোজী ৰাওৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰা হয় । ই টিভি ভাৰত অসমৰ বিভিন্ন জিলাৰ আৰু বিভিন্ন স্থানৰ সংবাদ প্ৰতিনিধি, বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানটোত কেবাগৰাকীও ব্যক্তিয়ে ৰামোজী ৰাওৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: শিৱসাগৰত ৰামোজী ৰাওলৈ শেষ শ্ৰদ্ধা জ্ঞাপন

ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ই টিভি নেটৱৰ্কৰ উত্তৰ পূৰ্বাঞ্চলৰ মাৰ্কেটিং চিনিয়ৰ চেলছ একজিকিউটিভ পাৰ্থ প্ৰতিম দাসগুপ্তাই আনুষ্ঠানিকভাৱে ৰামোজী ৰাওৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে । ই টিভি ভাৰত অসমৰ চিনিয়ৰ কন্টেন্ট এডিটৰ আজিজুৰ ৰহমান হাজৰিকাই আঁতধৰা স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ ডিজিটেলৰ জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নিউজ-18 অসমৰ জ্যেষ্ঠ সাংবাদিক নিলয় ভট্টাচাৰ্য, গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী ।

সভাৰ আৰম্ভণিতে ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাই ৰামোজী ৰাওৰ ভৱিষ্যদৰ্শী চিন্তা, সাংবাদিকতা জগতলৈ ৰামোজী ৰাওৰ অৱদান আৰু ডিজিটেল প্লেটফৰ্মত ই টিভি ভাৰতক বিশ্বমুখী কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে বাখ্যা আগবঢ়ায় ৷ তদুপৰি মৃত্যুৰ পূৰ্বে ৰামোজী ৰাৱে তেখেতৰ কৰ্মচাৰীসকলৰ বাবে লিখি থৈ যোৱা এটা বাৰ্তাও পাঠ কৰে ।

লগতে পঢ়ক: ৰামোজী ৰাওৰ পুণ্যতিথিত ই টিভিৰ প্ৰাক্তন কৰ্মচাৰীয়ে জনালে আবেগিক শ্ৰদ্ধাঞ্জলি

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অসমত অসমীয়া ভাষা নক’লে কোনে ক’ব, ৰামোজী ৰাওৰ অসমলৈ যি অৱদান আদি প্ৰসংগত মন্তব্য কৰে ৷ সাংবাদিকতাৰ ক্ষেত্ৰত অসমত ই টিভি ভাৰতৰ আগমন আৰু সেই পটভূমিটো সৃষ্টিৰ বাবে জিতুমণি বৰাৰ লগত কেনেধৰণে আলোচনা হৈছিল সেই সম্পৰ্কে তেখেতে বিতংভাৱে বাখ্যা আগবঢ়ায় ।

আনহাতে ই টিভি ভাৰত অসমৰ প্ৰতিষ্ঠাৰ সময়ৰ সাংবাদিক তথা বৰ্তমান নিউজ-18 অসমৰ জ্যেষ্ঠ সাংবাদিক নিলয় ভট্টাচাৰ্যয়ো তেখেতৰ ভাষণত ই টিভি ভাৰতৰ অসমলৈ আগমন আৰু ৰামোজী ৰাৱৰ লগত তেখেতৰ সান্নিধ্যৰ উপৰিও ই টিভি ভাৰতৰ দৰ্শনৰ সম্পৰ্কে বিস্তৃতভাৱে বাখ্যা আগবঢ়ায় ৷

লগতে পঢ়ক: বিশাখাপট্টনমত উন্মোচন হ’ব ৰামোজী ৰাওৰ ৭.৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

আনহাতে নিজৰ ভাষণ প্ৰসংগত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়েও ই টিভি ভাৰতৰ উত্তৰণৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় । তদুপৰি ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাস, ৰকিবুল ওৱাহিদ আৰু মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকায়ো ৰামোজী ৰাওৰ সান্নিধ্য আৰু ই টিভি ভাৰতৰ লগত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কিছু কথা ব্যক্ত কৰে ।

অনুষ্ঠানত উপস্থিত থাকে নগাঁও, শোণিতপুৰ, মঙলদৈ, দৰং, ধুবুৰী, হোজাই, বৰপেটা, গোৱালপাৰা আদি বিভিন্ন জিলাৰ প্ৰতিনিধিসকল ।

লগতে পঢ়ক: উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.