গুৱাহাটী, ৪ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমী বৰা আৰু তাৰ্কিক বৰা পলাতক অৱস্থাত আছে । দুদিন পূৰ্বে নুনমাটিৰ গণেশমন্দিৰ পথত শিল্পী দীক্ষু শৰ্মাৰ ঘৰত চুমী বৰা আৰু স্বামী তাৰ্কিক বৰা আত্মগোপন কৰি আছিল । দিনৰ এক বজাৰ পৰা নিশা 10 বজালৈ দীক্ষুৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল শিল্পী দীক্ষুৰ ঘৰত ।
ইয়াৰ পিছতে বুধবাৰে বিয়লি গুৱাহাটীৰ নুনমাটি আৰক্ষীয়ে অভিযান চলালে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত ৷ আৰক্ষীৰ অভিযানৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘ চুমী বৰা ইয়াত আছে নেকি চাবলৈ আৰক্ষী আহিছিল ৷ চাই গ’লগৈ ৷ আৰক্ষীক যিদৰে সহায় কৰিব লাগে কৰিম বুলি কৈছো ৷ আমাক মাতি পঠিওৱা নাই ৷ কেৱল চাবলৈহে আহিছিল আৰক্ষী ৷ যি হৈছে মই সকলো কৈ দিছো ৷’’
দীক্ষু শৰ্মাই সংবাদ মাধ্যমত সদৰী কৰি কয়, ‘‘যোৱা দেওবাৰে দিনত চুমী আমাৰ ঘৰলৈ আহিছিল । তেতিয়া মই নলবাৰীৰ এটা অনুষ্ঠানত আছিলো । পত্নীয়ে মোক সিহঁত অহাৰ কথা জনাইছিল । ইতিমধ্যে মই টিভিত ঘটনাটোৰ কিছু কথা দেখি আছিলো । নিশা ঘৰ পাওঁতে মোৰ ৯.৩০ বাজিছিল । "
![Choreographer Sumi Borah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-09-2024/22373534_xczx-2.jpg)
দীক্ষুৱে কয়, ‘‘নিশা যেতিয়া মই ঘৰ পালো, তেতিয়ালৈকে সিহঁত আমাৰ ঘৰতে আছিল । সিহঁত বহুত চিন্তাত আছিল । তাৰ্কিকে কি কৰিম বুলি মোৰ পৰামৰ্শ বিচাৰিছিল । মই আৰক্ষীৰ ওচৰত গৈ সকলো সঁচা কথা ক'বলৈ কৈছিলো ।
![Choreographer Sumi Borah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-09-2024/22373534_xczx-3.jpg)
তেতিয়া তাৰ্কিকৰ ফোনলৈ বশিষ্ঠ আৰক্ষী থানাৰ পৰা কল আহিছিল । সি ফোনটো নধৰিলে । মই সিহঁতক আৰক্ষীৰ ওচৰত যাবলৈ অনুৰোধ কৰি ঘৰৰ পৰা যাবলৈ ক’লো । সিহঁতে চাগে মোৰ ঘৰৰ তলত ফোন ছুইটচ অফ কৰি গুছি গৈছিল । তাৰ পিছত একো খবৰ পোৱা নাই ।’’
![Choreographer Sumi Borah](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-09-2024/22373534_xczx-1.jpg)
ইপিনে দীক্ষুৰ পত্নী বিজিয়েতা পাটগিৰিয়ে কয়, ‘‘সিহঁত মানসিকভাৱে ভাগি পৰা বুলি কোৱাৰ বাবে মোৰ ঘৰলৈ আহিবলৈ দিছিলো । সিহঁত দিনৰ ১ বজাৰ পৰা নিশা ১০ বজালৈ আছিল । নিজৰ মাজত কথা পাতি আছিল । মাজে মাজে মোক সুধিছিল বিশাল বাছি যাবনে বুলি ৷ মই চিনেমা চাই আছিলো । মই তেওঁলোকৰ ব্যক্তিগত কথাত সোমাব বিচৰা নাছিলো ।’’
লগতে পঢ়ক : শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ: মাষ্টাৰ মাইণ্ড কোন ?