ETV Bharat / state

ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হ'ব দীপাংকৰ বৰ্মনক - TRADING FRAUDSTER DIPANKAR BARMAN

অৱশেষত আৰক্ষীৰ জালত ট্ৰেডিং প্ৰৱঞ্চক দীপাংকৰ বৰ্মন । ট্ৰেনজিট ৰিমাণ্ডত অনা হ'ব গুৱাহাটীলৈ ।

Dipankar Barman Arrested
ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হ'ব দীপাংকৰ বৰ্মনক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 5:31 PM IST

গুৱাহাটী : ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনক ট্ৰেনজিট ৰিমাণ্ডত লৈ গুৱাহাটীলৈ অনা হ'ব । এই মন্তব্য গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ।

সোমবাৰে সংবাদ মাধ্যমৰ আগত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, "ডি বি ষ্টক নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে দীপাংকৰ বৰ্মনে বহু লোকৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰি ১৮ আগষ্টত গুৱাহাটী এৰি পলায়ন কৰিছিল । দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ২২ আগষ্টত পল্টনবজাৰ আৰক্ষী থানাত গোচৰ এটা গোচৰ ৰুজু হৈছিল । যিটো গোচৰ বৰ্তমান চি বি আইলৈ হস্তান্তৰ কৰা হৈছে। সেই গোচৰটোত দীপাংকৰৰ পিতৃ-মাতৃ, প্ৰেয়সী আৰু দুই বান্ধৱীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ।"

ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হ'ব দীপাংকৰ বৰ্মনক (ETV Bharat Assam)

দীপাংকৰ বৰ্মনৰ পলায়ন সন্দৰ্ভত তেওঁ কয়, "২২ আগষ্টত পল্টনবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পূৰ্বে ১৮ আগষ্টত পলায়ন কৰিছিল দীপাংকৰে । ২১ আগষ্টৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰৰ পৰা বিৰত আছিল দীপাংকৰ । যাৰ বাবে দীপাংকৰ বৰ্মনক ধৰিব পৰা হোৱা নাছিল । পূৰ্বেও গোৱাত মহানগৰ আৰক্ষীয়ে দুসপ্তাহ বাহৰ পাতি দীপাংকৰ বৰ্মনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল ।"

কেনেদৰে জালত পৰিল দীপাংকৰ বৰ্মন

এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আয়ুক্তগৰাকীয়ে কয়, "বিশেষ খবৰৰ ভিত্তিত শনিবাৰে গোৱাৰ এটা হোমষ্টেত দীপাংকৰ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । দেওবাৰে পুৱা পাণবজাৰৰ এ চি পি অমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ দল এটা গৈ গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দীপাংকৰক দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে । গোৱা চহৰৰ পৰা প্ৰায় ৭০-৮০ কিলোমিটাৰ দূৰৈৰ নৰ্থ গোৱাৰ পাৰনেম আৰক্ষী থানাৰ অন্তৰ্গত এটা হোমষ্টেত অকলশৰে আছিল দীপাংকৰ । এই অভিযানত ২৭ লাখ নগদ ধন, সোণৰ অলংকাৰ আৰু পাছপোৰ্ট জব্দ কৰা হৈছে ।"

তেওঁ লগতে কয়, "আজি পাৰনেম আদালতত হাজিৰ কৰোৱা হৈছে দীপাংকৰ বৰ্মনক । তাৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লৈ গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ'ব । তাৰ পাছত আৰক্ষীয়ে নিজৰ জিম্মাত লৈ অনুসন্ধান চলাব । পল্টনবজাৰ থানাত দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পুনৰ 374/24 নম্বৰত নতুনকৈ গোচৰ এটা ৰুজু কৰা হৈছে ।"

লগতে পঢ়ক :অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন
লগতে পঢ়ক :অনলাইন ট্ৰেডিঙৰ নামত আত্মীয়কো এৰা নাছিল দীপাংকৰে; তথ্য বিচাৰি নলবাৰীত মহানগৰ আৰক্ষীৰ অভিযান - Online trading

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.