নুমলীগড়,২ মাৰ্চ: ৮ মাৰ্চত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । নাৰী দিৱসৰ প্ৰাকক্ষণত আয়োজন কৰা হৈছে নাৰী সৱলীকৰণৰ বাবে বিভিন্ন অনুষ্ঠানৰ । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী । গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ।
- " class="align-text-top noRightClick twitterSection" data="">
লগতে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত অনুষ্ঠিত কৰা হয় নাৰীৰ দ্বাৰা পৰিচালিত এখন বাণিজ্য মেলা । য'ত অংশগ্ৰহণ কৰে গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ মহিলা আত্মসহায়ক গোটসমূহে । বৰ্তমান সময়ত পুৰুষৰ সমানে আগবাঢ়িছে নাৰী সমাজ । নাৰী সকলক আগবঢ়াই নিবৰ বাবে সচেতন সমাজে গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ । নাৰীসকলক উৎসাহিত কৰিবৰ বাবে NRL WIPS CHAPTER ৰ বিশেষ পদক্ষেপ ।
NRL WIPS CHAPTER নামৰ সংগঠনটোৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । নুমলীগড় নগৰাঞ্চলত "INSPIRE INCLUSION" থিম বা বিষয়বস্তু হিচাপে লৈ ২,৪ আৰু ৯ মাৰ্চত উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কাৰ্যসূচী অনুসৰি বাণিজ্য মেলাত গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ মহিলা আত্মসহায়ক গোটসমূহে অংশগ্ৰহণ কৰে ।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানত বাণিজ্য মেলাত অংশগ্ৰহণ কৰা আত্মসহায়ক গোটসমূহক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বাণিজ্য মেলাত দেখিবলৈপোৱা যায় এক উৎসৱমুখৰ পৰিৱেশ । স্থানীয় বহু সাংস্কৃতিক দলে প্ৰদৰ্শন কৰে ঠেঙাল কছাৰীসকলৰ জনগোষ্ঠীয় নৃত্য খোলাং বুঢ়ীৰ নাচ । এনে পদক্ষেপক নাৰীসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে উৎসাহিত কৰিব বুলি উল্লেখ কৰে অনুষ্ঠানত উপস্থিত বিশিষ্ট লোকসকলে ।
লগতে পঢ়ক: পেপছিকোৱে কিনিলে টিংখাঙৰ কৃষকৰ আলু