ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ আহি তেজপুৰত কি কি পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ?

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ জৰিয়তে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণীয় ঠাইসমূহ ভ্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেজপুৰ আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান বিশেষ আকৰ্ষণীয় স্থান ।

Tourism spots of Tezpur
তেজপুৰৰ পৰ্যটন স্থানসমূহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 5 hours ago

তেজপুৰ : সাধাৰণতে প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক সমল, সাংস্কৃতিক সমল আদিৰে ভৰপূৰ স্থান ভ্ৰমণ কৰাৰ হাবিয়াস সকলোৰে মনত থাকে ৷ ভ্ৰমণে মনত আনন্দ দিয়াৰ লগতে বিভিন্ন ঠাইৰ ইতিহাস, কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি-লোকাচাৰ আদি সন্দৰ্ভত মানুহৰ জ্ঞান বৃদ্ধি কৰে ৷

আগ্ৰাৰ তাজমহল, মহাৰাষ্ট্ৰৰ অজন্তা-ইলোৰা, মথুৰা-বৃন্দাবন আদিৰ লগতে ঐতিহাসিক লোকগাথা, প্ৰাকৃতিক সমল আদিৰে ভৰপূৰ অসমলৈও পৰ্যটকৰ সোঁত বয় বছৰৰ ভিন্ন সময়ত ৷

দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটন ক্ষেত্ৰৰ সমান্তৰালভাৱে অসমতো পৰ্যটকক আকৰ্ষণ কৰিব পৰা বিশেষ ঠাই তথা সমল আছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ আৰু বিশ্বনাথতো আছে এনে ধৰণৰ ভ্ৰমণৰ বাবে উপযোগী স্থান, যিবোৰ চাবলৈ ৰাজ্যৰ লগতে দেশৰ আন প্ৰান্তৰ লোক ঢপলিয়াই আহে ৷ শেহতীয়াকৈ দেশৰ পৰ্যটন বিভাগে ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিছে 'বিশ্বনাথঘাটক' ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টলৈ আহি তেজপুৰত কি কি পৰ্যটনস্থলী পৰিদৰ্শন কৰিব ? (ETV Bharat Assam)

আপুনি যদি তেজপুৰ চহৰ ফুৰিবলৈ আহে তেনেহ’লে কোন কোন ঠাইলৈ যাব ?

হয়তো আপুনি ভাবিব যে অগ্নিগড় আৰু চিত্ৰলেখা উদ্যান পৰিদৰ্শন কৰাৰ কথা ৷ কাৰণ এই দুয়োখন ঠাই পৰ্যটকৰ বাবে পৰিচিত । নিশ্চিতভাৱে তেজপুৰ চহৰৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই দুয়োখন ঠাই । চহৰৰ গাতে লাগি থকা দুয়োখন ঠাই পৰ্যটনৰ বিশেষ আকৰ্ষণস্থলী হিচাবে বিবেচিত হৈ আহিছে ।

কিন্তু ইয়াৰ বাহিৰেও তেজপুৰত আন বহুকেইটা স্থান আছে, যি পৰ্যটকৰ আকৰ্ষণৰস্থলী হিচাপে বিবেচনা কৰা হয় ৷ তেনে কেইখনমান পৰ্যটনস্থলৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ।

চিত্ৰলেখা উদ্যান বা ক'ল পার্ক

তেজপুৰ চহৰৰ মাজ মজিয়াত অৱস্থিত চিত্ৰলেখা উদ্যান ৷ এই উদ্যানখনক 'ক'ল পাৰ্ক’ বুলিও কোৱা হয় ৷ Cole Park নামটো এইবাবেই দিয়া হৈছিল, কাৰণ ব্ৰিটিছ চাহাবে নিৰ্মাণ কৰিছিল এই পার্কখন । ১৯০৬ চনত অসমৰ এজন ব্ৰিটিছ কমিছনাৰ মিষ্টাৰ ক’লে নিৰ্মাণ কৰা এই উদ্যানখন পিছলৈ ১৯৯৬ চনত তেজপুৰৰ তদানীন্তন উপায়ুক্ত এম জি ভি কে ভানুৱে পুনৰ নিৰ্মাণ কৰে । পিছলৈ উদ্যানখনৰ নাম চিত্ৰলেখা উদ্য়ান নামেৰে নামকৰণ কৰা হয়, যিয়ে পৌৰাণিক চৰিত্ৰ চিত্ৰলেখাৰ কথা সোঁৱৰাই দিয়ে । চিত্ৰলেখা আছিল শোণিতপুৰৰ ৰজা বাণাসুৰৰ জীয়াৰী ঊষাৰ সখী ।

Tourism spots of Tezpur
চিত্ৰলেখা উদ্যান (ETV Bharat Assam)

অগ্নিগড়

জিলাৰ সদৰ তেজপুৰ চহৰৰ কাষতে অৰ্থাৎ জিলা আয়ুক্তৰ বাসভৱনৰ গাতে লাগি থকা এটা বৃহৎ টিলা, নাম অগ্নিগড় পাহাৰ । জিলা প্ৰশাসনে আৰু তেজপুৰ পাৰিপাৰ্শ্বিক ছ’চাইটীৰ দ্বাৰা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে ইয়াক গঢ়ি তোলা হয় । অগ্নিগড় নিৰ্মাণ কৰিছিল বাণাসুৰ ৰজাই ৷ ইয়াতেই বাণ ৰজাই তেওঁৰ জীয়াৰী ঊষাক আবদ্ধ কৰি ৰাখিছিল । অনিৰুদ্ধক হৰণ, হৰি-হৰৰ যুদ্ধ এই সকলোবোৰ কাহিনী পুৰাণত লিপিবদ্ধ হৈ আছে ৷ অগ্নিগড়ত এইসমূহ কাহিনীৰ বৰ্ণনা শৈল্য-ভাস্কৰ্যৰ দ্বাৰা প্ৰতিফলিত কৰি ৰখা হৈছে ৷ যিবোৰ চাবলৈ দৈনিক পৰ্যটকৰ আগমন ঘটে ।

Tourism spots of Tezpur
অগ্নিগড় (ETV Bharat Assam)

বিষ্ণু ৰাভাৰ সমাধিস্থল

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত চহৰৰ পৰা কিছু নিলগত সুন্দৰকৈ নিৰ্মাণ কৰা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত পার্ক । সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ অসমীয়া সমাজ তথা শিল্প আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ থকা অৱদানৰ কথা প্ৰতিগৰাকী অসমীয়াই আজিও সোঁৱৰণ কৰে ৷ কলাগুৰুৰ বিশেষ গান আৰু তেওঁৰ কৃষক বিপ্লৱৰ কাহিনী শিলত খোদিত কৰি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এই সমাধিস্থল নিৰ্মাণ কৰা হৈছে ।

Tourism spots of Tezpur
বিষ্ণু ৰাভাৰ সমাধিস্থল (ETV Bharat Assam)

দ-পৰ্বতীয়া তোৰণ

শোণিতপুৰলৈ আহিলে দ-পৰ্বতীয়া তোৰণ দৰ্শন নকৰিলে আধৰুৱা হ’ব আপোনাৰ যাত্ৰা ৷ জিলাৰ সদৰ তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়া তোৰণে পৰ্যটনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । বৰ্তমান পুৰাতত্ত্ব বিভাগে তত্ত্বাৱধানত ৰাখিছে এই তোৰণ । এই দ-পৰ্বতীয়া গে'ট বা তোৰণ গুপ্তযুগতে স্থাপন কৰা, ইয়াক খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ শৈল্য-ভাস্কৰ্য বুলি জনা যায় । দ-পৰ্বতীয়া তোৰণত অনুনাকীৰ চিহ্ন পোৱা যায়, যিটো গুপ্তযুগতে শিলত খোদিত কৰা হৈছিল ৷ এই শৈল-ভাস্কৰ্যত দেখিবলৈ পোৱা যায় অনুনাকী সদৃশ দৃশ্য অৰ্থাৎ সৰ্পৰ আকৃতিৰ শিলত খোদিত দৃশ্য ।

Tourism spots of Tezpur
দ-পৰ্বতীয়া (ETV Bharat Assam)

পদুম পুখুৰী

চহৰৰ মাজত অৱস্থিত এটা বৃহৎ পুখুৰী, নাম পদুম পুখুৰী । পদুম ফুলৰে আৱৰি থকা এই পুখুৰীৰ বিশেষ বৈশিষ্ট্য আছে । ১৯৬২ চনত চীনৰ আক্ৰমণৰ সময়ত তেজপুৰ চহৰৰ ষ্টেট বেংকৰ নগদ ধন, পুৰণা মোহৰসমূহ এই পুখুৰীত পেলাই দিয়া হৈছিল । চীনৰ ভয়াৱহ আক্ৰমণৰ ভয়ত চহৰৰ মানুহে নিজৰ ধন-সম্পত্তি এৰি তেজপুৰ চহৰৰ পৰা পলায়ন কৰিছিল ৷ এতিয়াও এই পুখুৰীত সেই সময়ৰ মোহৰ পৰি আছে বুলি জানিব পৰা যায় ।

এই পুখুৰীটো চহৰৰ মাজমজিয়াত অৱস্থিত আৰু ইয়াৰ সঠিক উৎপত্তি সময় শতিকাৰ আগৰ বুলি ধাৰণা কৰা হয় । চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত ই এক শান্তিৰ স্থল হিচাপে বিবেচিত হৈ আহিছে ।

ইয়াৰ উপৰি শোণিতপুৰত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আছে ভৈৰৱী মন্দিৰ, এছিয়াৰ প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ ৷ য’ত দৈনিক বহু পৰ্যটকৰ সমাগম ঘটে ।

মন কৰিবলগীয়া যে শোণিতপুৰৰ লগতে বিশ্বনাথ চাৰিআলিতো আছে পৰ্যটকৰ বাবে বহু আকৰ্ষণীয় স্থান ৷ ২০২৩ চনত দেশৰ ভিতৰতে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথঘাট নিৰ্বাচিত হয় । বৰ্তমান অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে গুপ্তকাশী বিশ্বনাথঘাটে ।

Tourism spots of Tezpur
কলীয়াভোমোৰা (ETV Bharat Assam)

বিশ্বনাথঘাট

উল্লেখ্য যে গুপ্তকাশী বিশ্বনাথঘাটে আজিও সেই আহোম যুগৰ সাক্ষ্য বহন কৰি আহিছে । আহোম ৰজাসকলৰ বহু কীৰ্তিচিহ্ন আজিও গুপ্তকাশী বিশ্বনাথঘাটত সজীৱ হৈ আছে । ব্ৰিটিছ শাসনকালতো এই গুপ্তকাশী বিশ্বনাথঘাটতে স্থাপন কৰা হৈছিল জাহাজঘাট । ২৭ খন বিভিন্ন দেৱালয়েৰে পৰিপূৰ্ণ, ক্ষুদ্ৰতম নদীদ্বীপ উমাটুমণি, দক্ষিণে নাৱৰে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙালৈ যাব পৰাৰ সুব্যৱস্থা, নদীদ্বীপ উমাটুমণিক সংলগ্ন কৰিবলৈ ৰোপৱে নিৰ্মাণৰ যো-জা, এক সুন্দৰ গ্ৰাম্য পৰ্যটন থকা স্থান বিশ্বনাথঘাটক পৰ্যটন মন্ত্ৰণালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰে ।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান

আনহাতে, শোণিতপুৰৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত থকা নামেৰি ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনৰ এক আকৰ্ষণীয় ঠাই ৷ পৰ্যটকৰ বাবে জীয়াভৰলী নদীত ৰাফটিং, ভিন্ন প্ৰজাতিৰ চৰাই, দেওহাঁহ, বনগাহৰিৰ লগতে ঢেকীয়াপতীয়া বাঘৰ বিচৰণথলী নামেৰী । তেজপুৰলৈ আহিলে আপুনিও এইসমূহ স্থান দৰ্শন কৰি মানসিক প্ৰশান্তি লাভ কৰিব পাৰিব ৷

লগতে পঢ়ক :২৬ নৱেম্বৰৰ পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট
লগতে পঢ়ক :আলহী পক্ষীৰ কলৰৱত পুৱাৰ সূৰুযে চকু মেলিছে মাজুলীত

Last Updated : 5 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.