ETV Bharat / state

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ - ASAM SAHITYA SABHA ELECTION

অসম সাহিত্য কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উপ-সভাপতি পদৰ বাবে ৬জনে আৰু প্ৰধান সম্পাদকৰ বাবে মুঠ ৪জনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । জানিবলৈ পঢ়ক সবিশেষ...

ASAM SAHITYA SABHA ELECTION
অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 10:03 PM IST

যোৰহাট: বহু চৰ্চিত অসম সাহিত্য সভা নিৰ্বাচন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ’ল ৷ আজি মনোনয়ন পত্ৰ সংগ্ৰহৰ শেষৰ দিনা উপ-সভাপতি পদৰ বাবে এজনে আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । আজি অৰ্থাৎ মনোনয়ন সংগ্ৰহৰ দ্বিতীয় তথা অন্তিম দিনা ছহিৰ ভূঞাই (দৰং) উপ-সভাপতি আৰু দেৱজিত বৰা(যোৰহাট) আৰু প্ৰান্তিক গোস্বামী (নগাঁও)য়ে প্ৰধান সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ।

ইয়াৰ পূৰ্বে মনোনয়ন সংগ্ৰহৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে উপ-সভাপতি পদৰ বাবে দেওবাৰে নৰহৰি চুতীয়া(তেজপুৰ), ডাঃ বিপিন চন্দ্ৰ কলিতা(নলবাৰী), অজয় সিংহ(নাহৰকটীয়া), পদুম ৰাজখোৱা(নগাঁও), ড৹ অনিল কুমাৰ শইকীয়াই(যোৰহাট) মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল ৷ একেদৰে প্ৰধান সম্পাদক বাবে অজিত প্ৰসাদ শৰ্মা আৰু ড৹ সঞ্জীৱ কুমাৰ শমাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল ।

অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ (ETV Bharat Assam)

আজি প্ৰধান সম্পাদকৰ পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি দেৱজিত বৰাই কয়, "জাতীয় জীৱনৰ সুৰক্ষা স্বাৰ্থত, জাতীয় জীৱনক সঠিক পথৰে আগবঢ়াই নিয়াৰ বাবে মই ২০২৫ আৰু ২০২৭ বৰ্ষৰ বাবে প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছো । অসম স্বাৰ্থত, অসম সাহিত্য সভাৰ স্বাৰ্থত, অসম সাহিত্য সভাৰ ঐতিহাসিক যাত্ৰাৰ বহু প্ৰত্যাশা ৰাখি এই পদৰ বাবে আগবাঢ়ি আহিছো ।"

তেওঁ লগতে কয়, "প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হ’লে নিৰ্দিষ্ট কেইটামান কাম আগত ৰাখিছোঁ আৰু তাৰ ভিতৰত প্ৰথম কামটো হ’ল সাহিত্য সভাৰ প্ৰাক্তন আৰু বিষয়বীয়াসকলৰ মাজত সৌহাদ্যপূৰ্ণ সৰ্ম্পক স্থাপন কৰাই তেওঁলোকক এক উপযুক্ত সন্মান প্ৰদান কৰা ।"

আনহাতে উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ছহিৰ ভুঞাই কয়, "পূৰ্বতে অসম সাহিত্য সভাই কৰি অহা কামসমূহ সেৱা মনোভাৱৰে কাম কৰি যাম আৰু সাহিত্য সভাৰ যিকোনো অনিয়ম আৰু দুৰ্নীতি ক্ষেত্ৰত কোনো কাৰণতেই কম্প্ৰমাইচ নকৰো ।" উল্লেখ্য যে, অসম সাহিত্য সভা কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহৰ বাবে ৩ নৱেম্বৰ আৰু ৪ নৱেম্বৰ এই দুটা দিন ধাৰ্য কৰা হৈছিল ৷ ৭ নৱেম্বৰ আৰু ৮ নৱেম্বৰ দিনা অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ত মনোনয়ন পত্ৰসমূহ দাখিল কৰা দিন ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক: অসম সাহিত্য সভাৰ নিৰ্বাচন: প্ৰথম দিনা কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.