ETV Bharat / state

সুন্দৰবনৰ জালৰ পাচত পিঞ্জৰা, এটা বাঘে খুৱাইছে জলা-কলা - Tiger Scare in Nagaon

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 10:49 PM IST

Tiger Scare in Nagaon: এটা বাঘে বিগত এটা মাহে জলা-কলা খুৱাইছে নগাঁও বন বিভাগক । শুকুৰবাৰেও বাঘৰ আতংকত কটাই নগাঁৱৰ ধিংবাসী । এটা মাহে বন বিভাগে কৰা সকলো প্ৰচেষ্টাই ব্যৰ্থ কৰিলে ঢেকীয়াপতীয়া বাঘে । বাঘৰ আতংকত বন্ধ কৰি দিয়া হ’ল ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ যাতায়ত । বাঘ কৰায়ত্ত কৰাৰ চেষ্টা অব্যাহত বন বিভাগৰ ।

Tiger scare continues in Nagaon, forest department sets up cages to catch tiger
এটা মাহে বাঘ বিচাৰি হাইৰান নগাঁও বন বিভাগ (ETV Bharat Assam)

নগাঁও,২ আগষ্ট: এটা ঢেকীয়াপতীয়া বাঘে এতিয়া নিদ্ৰা হৰিছে নগাঁৱৰ ধিংবাসীৰ লগতে নগাঁও বন বিভাগৰো । লাওখোৱা , বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য বানৰ কৱলত পৰাৰ সময়তেই অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত আতংকৰ সৃষ্টি কৰাৰ এটা মাহ অতিক্ৰম কৰাৰ পাচতো বাঘটো কৰায়ত্ব অথবা বনাঞ্চললৈ খেদি পঠিওৱাত চুড়ান্তভাৱে ব্যৰ্থ হৈছে নগাঁও বন বিভাগ ।

শুকুৰবাৰেও ঢেকীয়াপতীয়াৰ সন্ধানত চলিল অভিযান । মৰাপাট খেতিত আশ্ৰয় লোৱা বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগে পাতিছে পিঞ্জৰা । পদে পদে বিফল হোৱা বন বিভাগৰ পিঞ্জৰাত এইবাৰ বাঘটো আৱদ্ধ হ'বনে নাই তাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ।

উল্লেখ্য যে, আনকি বাঘে আতংকৰ সৃষ্টি কৰা ধিঙৰ আঠগাঁৱত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত হৈ বাঘটো কম সময়ৰ ভিতৰতেই কৰায়ত্ত অথবা জনাঞ্চলৰ পৰা খেদি পঠিওৱা হ’ব বুলি দিয়া আশ্বাসো অৱশেষত অসাৰ প্ৰতিপন্ন হৈছে । বিগত জুন মাহৰ ৩ তাৰিখেই বনাঞ্চলৰ পৰা ওলাই অহা বাঘটোৱে জনাঞ্চলত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি বনকৰ্মীসহ মুঠ পাঁচজনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল । ইখনৰ পাচত সিখন গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটো শেহতীয়াকৈ প্ৰায় এপষেক ধৰি ধিং অঞ্চলত বিচৰণ কৰি থকাক লৈ সমগ্ৰ ধিং অঞ্চলৰ জনতাই আতংকত সময় অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে ।

বৃহত্তৰ অঞ্চলত আতংকৰ সৃষ্টি কৰা বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগেও আপ্ৰাণ চেষ্টা কৰিও পদে পদে হৈছে বিফল । প্ৰথমে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তেই বাঘটোৰ আক্ৰমণত আহত হৈছিল এগৰাকী বনকৰ্মী । আনকি কেইবাবাৰো বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল যদিও সফলতা লাভ নকৰিলে বন বিভাগে । শেহতীয়াকৈ বাঘটো কৰায়ত্ত কৰিবলৈ চাৰিদিন পূৰ্বে সুন্দৰবনৰ পৰা অনা অত্যাধুনিক জালৰ সহায়ত বাঘটো কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তেই জালৰ ওপৰেৰে জঁপিয়াই আঁতৰি যাবলৈ সক্ষম হয় বাঘটো ।

অৱশেষত শুকুবাৰে ধিঙৰ আঠগাঁৱৰ বি এছ এন এলৰ কাৰ্যালয়ৰ সমীপৰ এডৰা মৰাপাট খেতিত বাঘটো আশ্ৰয় লোৱাৰ তথ্য লাভ কৰিছে বন বিভাগে । অত্যাধুনিক কেমেৰাৰ সহায়ত বাঘটোৰ অৱস্থিতিৰ স্থান লাভ কৰাৰ পাচত অধিক আতংকিত হৈ পৰে ধিং মৈৰাবাৰী গৰকাপ্তানি পথেৰে যাতায়ত কৰা পথচাৰী । ধিং-মৈৰাবাৰী সংযোগী পথৰ কাষৰ মৰাপাট খেতিত বাঘটো আশ্ৰয় লোৱাৰ তথ্য লাভ কৰাৰ পাচত প্ৰশাসনে পথটোৰে যাতায়ত সম্পূৰ্ণ বন্ধ কৰি দিয়ে । পিচে কেতিয়ালৈ বাঘৰ আতংকৰ পৰা মুক্ত হ'ব নগাঁওবাসী ?

লগতে পঢ়ক: এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক - Tiger Scare in Nagaon

ধিঙত বাঘ ধৰিবলৈ অভিযানত নামিছে হাতী : সুন্দৰবনৰ জাল লৈ বন বিভাগ - Tiger Scare in Nagaon

এটা বাঘে নাকত ধৰি চাকত ঘূৰাইছে বিয়াগোম বন বিভাগক - Tiger Scare in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.