ETV Bharat / state

এটা বাঘে নাকত ধৰি চাকত ঘূৰাইছে বিয়াগোম বন বিভাগক - Tiger Scare in Nagaon - TIGER SCARE IN NAGAON

Tiger Scare in Nagaon : নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত ঢেকীয়াপতীয়াৰ আতংক অব্যাহত । কুৰিদিনেও ব্যৰ্থ বন বিভাগ । ধিং অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা বাঘে যেন নাকত ধৰি চাকত ঘূৰাইছে বিয়াগোম বন বিভাগক । অসাৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰো আশ্বাস ।

Tiger Scare in Nagaon
নগাঁৱত মাৰ যোৱা নাই বাঘৰ আতংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 8:58 PM IST

নগাঁও, ২৪ জুলাই : বিগত কুৰিদিনতকৈয়ো অধিক সময় এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই সৃষ্টি কৰা আতংকৰ মাজত দিন অতিবাহিত কৰিছে নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলৰ ৰাইজে । লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়াই বিগত 20 দিন ধৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ পাচতো বাঘটো কৰায়ত্ত অথবা অৰণ্যৰ দিশে খেদি পঠিওৱাত ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ ।

নগাঁৱত মাৰ যোৱা নাই বাঘৰ আতংক (ETV Bharat Assam)

মঙলবাৰে নিশা ৰাজ্যৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক বিষয়া সঞ্জীৱ কুমাৰ উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে । লগতে বাঘটো কিদৰে কৰায়ত্ত অথবা অৰণ্যলৈ খেদি পঠিয়াই গাঁওবাসীক আতংকমুক্ত কৰিব পৰা যায় তাৰ বাবে উপস্থিত বিভাগীয় বিষয়া-কৰ্মীৰ সৈতে এক আলোচনাতো মিলিত হয় ।

কিন্তু এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে অঞ্চলটোৰ পৰা বাঘটো খেদি পঠিয়াব পৰা নাই বন বিভাগে । বন বিভাগে সকলো প্ৰকাৰৰ চেষ্টা কৰিও যেন সফল হ'ব পৰা নাই । ক'বলৈ গ'লে জনাঞ্চল কোনোপধ্যেই যেন এৰি যাব বিচৰা নাই বনৰজাই ।

অসাৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আশ্বাস

জুলাই মাহৰ ৩ তাৰিখেই লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই নগাঁৱৰ উত্তৰ-পশ্চিম অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল । ইয়াৰ পাচত বিগত প্ৰায় এসপ্তাহ ধৰি ধিঙৰ আঠগাঁৱত বিচৰণ কৰি গাঁওবাসীক আতংকিত কৰি ৰাখে । তাৰ মাজতে বিগত শুকুৰবাৰে ধিঙৰ আঠগাঁৱত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

গাঁওখনত উপস্থিত হৈ বন বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কম সময়ৰ ভিতৰতেই বাঘটোক কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰিছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । আনকি বিজ্ঞানসন্মত পদ্ধতিৰে বাঘটো কৰায়ত্ত কৰাৰ কথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰাৰো পাঁচ দিন অতিক্ৰম কৰিলে । কিন্তু এতিয়াও বাঘটো কৰায়ত্ত অথবা জনাঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ । অৱশ্যে অঞ্চলবাসীক আতংকমুক্ত কৰিবলৈ বাঘটো কৰায়ত্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে ।

বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব

নগাঁৱৰ ধিঙৰ আঠগাঁৱৰ এখন জংঘলত সম্প্ৰতি আশ্ৰয় লৈ থকা ঢেকীয়াপতীয়াটো কৰায়ত্ত কৰিবলৈ নগাঁও বন বিভাগে জে চি বিৰ সহায়ত বিগত কেইবা দিনো অভিযান চলোৱাৰ উপৰি অৱলম্বন কৰিছে ন ন কৌশল । কিন্তু বন বিভাগৰ সকলো প্ৰচেষ্টায়ে বিফল হোৱাৰ পাচত এতিয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতী আনি হাতীৰে বাঘ খেদিবলৈ বন বিভাগে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে বিগত প্ৰায় কুৰিদিনে নগাঁৱৰ জুৰীয়াৰ জেঙনি, পুঠিমাৰী, ধিং বিলতীয়া গাঁও আদি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি অহা বাঘটোৰ আক্ৰমণত বনকৰ্মীসহ পাঁচগৰাকীকৈ লোক আহত হৈছে । সম্প্ৰতি বাঘৰ বিচৰণক লৈ ধিঙৰ আঠগাঁওবাসীয়েও তীব্ৰ আতংকৰ মাজত দিন কটাবলগীয়া হৈছে ।

লগতে পঢ়ক :এতিয়াও ধৰিব পৰা নাই বনৰজাক : আতংকৰ মাজত দিন কটাইছে ধিঙৰ আঠগাঁওবাসীয়ে - Tiger Scare in Nagaon
লগতে পঢ়ক :কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.