ETV Bharat / state

শিৱসাগৰত গৰু চোৰ চক্ৰৰ আক্ৰমণত আহত তিনি সাংবাদিক - Cattle Theft Racket

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 1:03 PM IST

Cattle smuggling in Assam : শিৱসাগৰত দীৰ্ঘদিন ধৰি অব্যাহত গৰু চুৰিৰ ঘটনা । এই বিষয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ই টিভি ভাৰত অসমৰ সাংবাদিক অনন্ত স্মিথসহ তিনিগৰাকী সাংবাদিকক আক্ৰমণ ।

Cattle smuggling in Assam
গৰু চোৰ চক্ৰই আক্ৰমণ কৰিলে সাংবাদিকক (ETV Bharat Assam)

আমগুৰি, ৩১ জুলাই: শিৱসাগৰত গৰু চোৰ চক্ৰই আক্ৰমণ কৰিলে সাংবাদিকক । মঙলবাৰে নিশা শিৱসাগৰৰ ইটিভি ভাৰত অসমৰ সাংবাদিক অনন্ত স্মিথসহ দুই সতীৰ্থ সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাত তিনিওগৰাকী সাংবাদক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।

শিৱসাগৰত অব্যাহত গৰু চুৰিৰ ঘটনা :

শিৱসাগৰ জিলাত দীৰ্ঘদিন ধৰি অব্যাহত আছে গৰু চুৰিৰ ঘটনা । এই গৰু চোৰৰ সংবাদ পৰিৱেশন কৰিলেই গৰু চোৰৰ চক্ৰৰ ৰোষত পৰে সাংবাদিক । যোৱা মঙলবাৰে নিশা বিশেষ সূত্ৰৰ ভিত্তিত গৰু চোৰৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা শিৱসাগৰৰ তিনি সাংবাদিকক গৰু সৰবৰাহকাৰী চক্ৰই অতৰ্কিতে আক্ৰমণ কৰে । গৰু সৰবৰাহকাৰী চক্ৰই শিৱসাগৰৰ ই টিভি ভাৰত অসমৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথৰ ম'বাইল ভাঙি পেলোৱাৰ লগতে দা, ৰ'দ, কাঠৰ কুন্দাৰে হাত, ভৰি, পিঠিত আক্ৰমণ কৰে । প্ৰাগ নিউজৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিফ আলীক আক্ৰমণ কৰি পেট, ভৰি, পিঠিত আঘাটপ্ৰাপ্ত কৰে । উক্ত আক্ৰমণত এন বি নিউজৰ সাংবাদিক ইৰছাদ উল্লাহো সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত হয় ।

উল্লেখ্য যে আটাছু কৰ্মীৰ খবৰৰ ভিত্তিত গৰু চুৰিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনি সাংবাদিকক আক্ৰমণ কৰে গৰু চোৰৰ চক্ৰই । গৰু চুৰি চক্ৰটোৱে AS 03 M 0251 নম্বৰৰ ক'লা ৰঙৰ বাহনত সৰবৰাহ কৰিছিল চুৰি গৰু । শিমলুগুৰি তেতেলিগুৰিৰ কলীয়া নামৰ এটা চোৰে সংঘটিত কৰিছিল এইকাণ্ড । গাড়ীত চুৰি গৰু সৰবৰাহৰ বাতৰি সংগ্ৰহত বাবে যোৱা ইৰছাদ উল্লাহ, অনন্ত স্মিথ আৰু ভিডিঅ' জাৰ্নেলিষ্ট আচিফ আলীক দলবদ্ধ আক্ৰমণ কৰে গৰু চোৰ কলীয়াৰ গুণ্ডা বাহিনীয়ে । সাংবাদিকৰ দলটোক প্ৰাণে মৰাৰ চেষ্টা চলাই এই চক্ৰটোৱে ।

বাহনসহ আটক তিনি :

এই ঘটনাটো সংঘটিত হোৱাৰ পিচতে সাংবাদিকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় শিমলুগুৰি আৰক্ষী । আৰক্ষীয়ে গৰু চুৰিত ব্যৱহৃত বাহনখন জব্দ কৰাৰ লগতে তিনিজনক আটক কৰিছে । আক্ৰমণকাৰী চাহিল আলী, ৰফিক শ্বাহ আৰু তক্ৰিম আহমেদক চিনাক্ত কৰিছে সাংবাদিকৰ দলটোৱে ।

সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা :

ইতিমধ্যে সাংবাদিক অনন্ত স্মিথে ঘটনা সম্পৰ্কত শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । এই ঘটনাক শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই গৰিহণা দিছে । আক্ৰমণকাৰী গৰু চোৰক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই ।

লগতে পঢ়ক:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাক দলবদ্ধ আক্ৰমণ - Mob attack in Jonai

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ - Miscreants assault journalist

সাংবাদিকক আক্ৰমণৰ উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.