ETV Bharat / state

চাৰিদিন পৰ্যন্ত সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিকৰ - laborers trapped IN COAL MINES - LABORERS TRAPPED IN COAL MINES

Illegal Coal Mine Collapse : পাটকাই পাহাৰত ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত আছে উদ্ধাৰকাৰী দলৰ ৷ কিন্তু আজি পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই শ্ৰমিককেইগৰাকীৰ...

Illegal Coal Mine Collapse
চাৰিদিন পৰ্যন্ত সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিকৰ (ETV BAHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 11:56 AM IST

তিনিচুকীয়া, ২৯ মে’: যোৱা 26 মে’ত লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত কয়লা খনন কৰিবলৈ গৈ জীৱন্তে ভূগৰ্ভস্থ হৈছিল তিনিজন কয়লা শ্ৰমিক । তাৰ পিচতে মঙলবাৰে সেই স্থানত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা দূৰ্গা ভূমিজৰ নেতৃত্বত কংগ্ৰেছ দলৰ এটি সঁজাতী দল ৷ দলটোৱে টিককত উপস্থিত হৈ তিনি শ্ৰমিকৰ সন্ধানত চলি থকা উদ্ধাৰ অভিযানৰ লগতে পৰিস্থিতিৰ বুজ লয় ৷

চাৰিদিন পৰ্যন্ত সন্ধান নাই কয়লা খনিত আৱদ্ধ তিনি শ্ৰমিকৰ (ETV BAHARAT ASSAM)

লগতে পঢ়ক: প্ৰতিকূল বতৰৰ বাবে পাটকাই পাহাৰত ব্যাহত উদ্ধাৰ অভিযান - ILLEGAL COAL MINE COLLAPSE

তাৰ পিচতে সংবাদমাধ্যমৰ আগত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে কয় যে, এই চোৰাং কয়লা বেহাৰে দিল্লী-দিছপুৰ জড়িত হৈ আছে, সেই হেতুকে এই বেহা বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই ৷ কিয়নো যিসমূহ কয়লা সৰবৰাহৰ গাড়ীত H লিখা থাকে সেইসমূহ গাড়ী কোনো ৰখাব নোৱাৰে । এইসমূহ অবৈধ খননৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগতে কেইগৰাকীমান মাফিয়া ধনী হৈছে, মন্ত্ৰী ধনী হৈছে ৷ কিন্তু এদিন এই খনন কাৰ্যৰ ফলতে পৃথিৱীখন ভূগৰ্ভলৈ সোমাই যাব ৷

লগতে পঢ়ক: জাপে জাপে ওলাইছে ধন; কিন্তু ক’ত ? - Raid Conducted In Margherita

আনহাতে, 28 মে’ত তিনি শ্ৰমিক ভূগৰ্ভস্থ হোৱাৰ সৈতে জড়িতৰ অভিযোগ উত্থাপন হোৱা ৰণ লুংচাঙৰ বাসগৃহত প্ৰায় তিনি কোটি টকা উদ্ধাৰ হোৱাৰ সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে, এই কথা আজিৰ নহয়, বহু দিনৰ পৰা এইদৰে একাংশ লোকে ব্যৱসায় অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, ভূগৰ্ভস্থ হোৱা তিনি কয়লা শ্ৰমিকৰ আজি চাৰিদিন পৰ্যন্ত কোনো শুংসূত্ৰ নাই ৷ লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই- নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত নিশা প্ৰায় 12.30 বজাত কয়লা খনন কৰিবলৈ গৈছিল চাৰিগৰাকী শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল । তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যুমুখত পৰা আশংকা কৰা গৈছে ।

জীৱন্তে ভূগৰ্ভস্থ হোৱা শ্ৰমিক তিনিজন এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ জন আৰু ফিনাল বুলি জানিব পৰা গৈছে ৷ আনহাতে প্ৰতিকূল বতৰৰ মাজতো যোৱা চাৰিদিন ধৰি উদ্ধাৰকাৰী দলে শ্ৰমিক তিনিজনক উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি : ৩ জন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ - PEOPLE DIE IN COAL MINES

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.