ETV Bharat / state

চৰকাৰী কাৰ্যালয়ৰ চৌহদতে শুকাল অমৃত বৃক্ষ আন্দোলনৰ গছপুলি - AMRIT BRIKSHYA ANDOLAN 2

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 3:46 PM IST

Amrit Brikshya Andolan : চৰকাৰী কাৰ্যালয়ৰ চৌহদতে শুকাই নষ্ট হ'ল অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰিবলৈ অনা গছপুলি ৷ যোৰহাটত অমৃত বৃক্ষ আন্দোলনৰ নামত গছপুলি নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

AMRIT BRIKSHYA ANDOLAN 2
শুকাই নষ্ট হ'ল অমৃত বৃক্ষ (ETV Bharat Assam)

যোৰহাট, 1 আগষ্ট : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলন ৷ 1 আগষ্টৰ পৰা 15 আগষ্টলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত গ্ৰহণ কৰা হৈছে অমৃত বৃক্ষ আন্দোলন ৷ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব গছপুলি ৷ ইয়াৰ মাজতে যোৰহাটত অমৃত বৃক্ষ আন্দোলনৰ নামত গছপুলি নষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কাৰ্যালয়ৰ চৌহদতে শুকাল অমৃত বৃক্ষ আন্দোলনৰ গছপুলি (ETV Bharat Assam)

আৰম্ভ নৌহওঁতেই যোৰহাটত অমৃত বৃক্ষ আন্দোলন প্ৰহসনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ উত্তৰ-পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি যোৰহাটৰ উত্তৰ-পশ্চিম শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিচন সমন্বয়কৰ কাৰ্যালয় চৌহদত ৰোপণৰ বাবে অনা হাজাৰ হাজাৰ গছপুলি ৰ’দ, বতাহ-বৰষুণত পৰি এফালৰ পৰা নষ্ট হৈ গৈছে ৷ নষ্ট হৈ যোৱা গছপুলি সমূহৰ মাজত আছে বহু মূল্যৱান পুলিও ৷

এই সপ্তাহত বৃদ্ধি পোৱা তাপমাত্ৰাৰ ফলত অনাদৰে আৰু অৱহেলিতভাৱে পৰি থকা গছপুলিসমূহ নষ্ট হৈ গৈছে ৷ প্ৰচণ্ড ৰ’দতে থকা হাজাৰ হাজাৰ মূল্যবান গছপুলি ইতিমধ্যে নষ্ট হৈ গৈছে ৷ কিন্তু ইয়ালৈ ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষ আৰু বিষয়া-কৰ্মচাৰীৰ ৷ ৰোপণৰ বাবে অনা গছপুলিসমূহ শুকাই নষ্ট হৈ যোৱাৰ দৃশ্যই প্ৰত্যকজন প্ৰকৃতিপ্ৰেমীক ৰুষ্ট কৰি তুলিছে ৷

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলনতো এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল ৷ বিভিন্ন চৰকাৰী কাৰ্যালয়ত ৰোপণ কৰিবলৈ অনা হাজাৰ হাজাৰ গছপুলি নষ্ট হোৱাৰ লগতে ৰোপণ কৰাৰ পিচতো নষ্ট হয় অলেখ গছপুলি ৷

লগতে পঢ়ক : তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.