ETV Bharat / state

কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা মণিৰুল ইছলামক পুনৰ গ্ৰেপ্তাৰ - Jania Criminals Arrested

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 12:14 PM IST

Jania Theft Incident : কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰি আত্মগোপন কৰি থকা চোৰক পুনৰায় গ্ৰেপ্তাৰ । ই-ৰিক্সা চুৰি কৰি ডেম্পত বিক্ৰী কৰিছিল ধৃত চোৰে । স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে চলন্ত গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰিছিল চোৰটোৱে । এই চোৰটো হৈছে খাৰবাল্লি গাঁৱৰ আব্দুল্লাৰ পুত্ৰ মণিৰুল ইছলাম ৷

Jania Criminals Arrested
Jania Criminals Arrested

কলগাছিয়া আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা মণিৰুল ইছলামক পুনৰ গ্ৰেপ্তাৰ

জনিয়া/মাণিকপুৰ, ২৮ মাৰ্চ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি চুৰিকাণ্ডৰ ঘটনা ৷ চোৰেও নানা উপায় অৱলম্বন কৰি আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই সংঘটিত কৰি গৈছে চুৰিকাৰ্য ৷ আনকি ধৃত একাংশই আকৌ আৰক্ষীৰ জিম্মাৰ পৰাই পলাই যাবলৈ মাত্ৰ সুযোগৰ সন্ধান কৰি থকা দেখা যায় ৷ যাৰ ফলত ইতিমধ্যে মৃত্যু মুখতো পৰা দেখিবলৈ পোৱা গৈছে ৷

মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত কলগাছিয়াত বৰপেটা অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা মণিৰুল ইছলাম নামৰ ধৃত চোৰটোৱে পলায়নৰ চেষ্টা কৰে ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

অৱশ্যে খাৰবাল্লি গাঁৱৰ গাঁও প্ৰধানৰ সহযোগত পুনৰায় কলগাছিয়া মাজুলী চৰৰ পৰা উক্ত নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত চোৰটোক । এই সন্দৰ্ভত কলগাছিয়া আৰক্ষী বিষয়াগৰাকীয়েও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, শনিবাৰে কলগাছিয়া বজাৰৰ পৰা কোকিলা ২ য় খণ্ডৰ খাইৰুল ইছলামৰ ই-ৰিক্সাখন চোৰে লৈ উধাও হয় ৷ অৱশ্যে চুৰিৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভিত কেমেৰাত ৷ সেই চিচি টিভি কেমেৰাৰ দৃশাংশৰ আধাৰতে কলগাছিয়াৰ আৰক্ষীয়ে শনিবাৰে নিশা খাৰবাল্লিৰ পৰা মণিৰুল ইছলামক কৰায়ত্ত কৰে ।

খাইৰুল ইছলামৰ ই-ৰিক্সাখন চুৰি কৰি মণিৰুল ইছলামে নোৱাগাঁৱৰ জাহিদুল ইছলামৰ ডেম্পত বিক্ৰী কৰে ৷ আৰক্ষীয়ে অভিযান চলায় মঙলবাৰে বিয়লি সেই ডেম্পৰ পৰা ই-ৰিক্সাখনৰ অৱশিষ্টখিনি উদ্ধাৰ কৰে ৷ এই চুৰি ঘটনাৰ লগত নাম সাঙুৰ খোৱা মণিৰুল ইছলামৰ লগতে জাহিদুল ইছলাম আৰু তেওঁৰ ভাতৃক পলাই যোৱাত সহায় কৰাত ইয়াছিন আলীকো আটক কৰে আৰক্ষীয়ে ৷

স্থানীয় ৰাইজৰ অভিযোগ, দীৰ্ঘদিন ধৰি ডেম্পটোত চুৰি গাড়ী ক্ৰয় কৰি কাটি ব্যৱসায় কৰি আহিছে ৷ এই সন্দৰ্ভত কলগাছিয়া আৰক্ষীয়ে অৱগত হৈয়ো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক : নাহৰকটীয়াত বিলাসী বাহনৰ পৰা উদ্ধাৰ ছাগলী, আৰক্ষীৰ জালত অভিযুক্ত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.