ETV Bharat / state

ঘটনাবহুল শুকুৰবাৰ : বহুকেইটা ঘটনাৰ সাক্ষী হৈ ৰ'ল গুৱাহাটী মহানগৰী - Incidents in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 9:44 PM IST

Key incidents in Guwahati: কৃত্ৰিম বানত সাগৰসদৃশ পৰিৱেশ গুৱাহাটীত ৷ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত ৷ উন্মুক্ত নলাত পৰি এতিয়াও নিৰুদ্দেশ হৈ আছে এটি আঠবছৰীয়া শিশু । আঠমাইলৰ গাৰোবস্তিত ভূমিস্খলন ৷ এটা দশকত ভূমিস্খলনত ৪৩ গৰাকী লোকৰ মৃত্যু । খানাপাৰাত পথ দুৰ্ঘটনাত এজন নিহত । ব্ৰহ্মপুত্ৰত নিখোঁজ যুৱকৰ মৃতদেহ উদ্ধাৰ । বৰাগাঁৱত উদ্ধাৰ এজন লোকৰ মৃতদেহ । বিপদমুক্ত নহয় গুৱাহাটী মহানগৰী । বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

Key incidents in Guwahati
বহুকেইটা ঘটনাৰ সাক্ষী হৈ ৰ'ল গুৱাহাটী মহানগৰী (ETV Bharat Assam)

গুৱাহাটী, ৫ জুলাই : পুনৰ এজাক বৰষুণে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাই দিলে । বৃহস্পতিবাৰে নিশা হোৱা মুষলধাৰ বৰষুণত আজি দিনটো মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰে ৷ ডুব গ’ল গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ।

Flood in Guwahati
কৃত্ৰিম বানত সাগৰসদৃশ পৰিৱেশ গুৱাহাটীত (ETV Bharat Assam)

মহানগৰীৰ সদাব্যস্ত জি এছ ৰোডৰ ৰুক্মিণীগাঁও, ৰাজগড়, নবীন নগৰ, হাতীগাঁও, বেহাৰবাৰীৰ প্ৰাগজ্যোতি নগৰ, মালিগাঁও, অনিল নগৰ, চানম‍াৰি, কাহিলিপাৰা, ওদালবাক্ৰা, বিষ্ণুপুৰ, জু-ৰোড আদি বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰাত ব্যাহত হৈ পৰে স্বাভাৱিক জীৱনযাত্ৰা ৷ এক কথাত কৃত্ৰিম বানত আৱদ্ধ হৈ পৰে মহানাগৰিকৰ জীৱন । বিভিন্ন অঞ্চলত ৰাইজ জলবন্দী হৈ পৰে ।

আনহাতে গুৱাহাটীৰ বহু অঞ্চলৰ ঘৰ-দুৱাৰ পানীত বুৰ যায় । অৱশ্যে এজাক বৰষুণ দিলেই মহানগৰীৰ কৃত্ৰিম বানৰ কৱলত পৰাটো নতুন কথা নহয় যদিও আজিৰ পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰে । কৃত্ৰিম বানৰ বাবে আজি গুৱাহাটী মহানগৰীত কেবাটাও ঘটনা সংঘটিত হয় । গুৱাহাটীৰ পৰিৱেশ সাগৰসদৃশ হৈ পৰে ।

কৃত্ৰিম বানত বাট-পথ আৰু নলা-নৰ্দমা একাকাৰ হৈ পৰে । গুৱাহাটীৰ অধিকাংশ পথ পানীত বুৰ যায় । ফলত ঠায়ে ঠায়ে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা । ৰাজগড় ৰোডত আনকি কৃত্ৰিম বানৰ বাবে পথটো সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । এতিয়াও মহানগৰীৰ কেবাটাও মূল পৃথকে ধৰি বহুকেইটা পথ, উপ-পথ কৃত্ৰিম বানৰ কৱলত আছে । বহু অঞ্চল এতিয়া পানীৰ তলত আছে ।

ইফালে বিভিন্ন নিৰ্মাণৰ নামত পথ খান্দি ৰখাৰ উপৰি বহু ঠাইত নলা-নৰ্দমা উন্মুক্ত কৰি ৰখাত সেয়া এতিয়া মৰণফান্দত পৰিণত হৈছে । যোৱানিশা এনে উন্মুক্ত নলাত পৰি এতিয়াও নিৰুদ্দেশ হৈ আছে এটি আঠবছৰীয়া শিশু । পিতৃৰ চকুৰ সন্মুখতে কৃত্ৰিম বানত উটি যায় অবিনাশ সৰকাৰ নামৰ শিশুটি ৷ এই শোকাৱহ ঘটনাটো সংঘটিত হয় জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত ৷

যোৱানিশা প্ৰায় ১০ মান বজাত পিতৃৰ সৈতে স্কুটীৰে গৈ আছিল শিশুটি ৷ পানীৰ সোঁতৰ বাবে স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীৰে পৰিপূৰ্ণ উন্মুক্ত নলাত পৰে ৷ মুহূৰ্ততে নলাত পৰি শিশুটি উটি যায় ৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এইপৰ্যন্ত সন্ধান পোৱা নাই শিশুটিৰ ।

জ্যোতিনগৰৰ ঘটনাই উদঙালে স্মাৰ্ট মহানগৰীৰ নগ্ন ৰূপটো । ইফালে নলা-নৰ্দমা নিৰ্মাণৰ নামত পৌৰ নিগমকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰকৃততে গুৱাহাটীখনক মৰণফান্দত পৰিণত কৰিছে ।

ভূমিস্খলনৰ ঘটনা :

যোৱানিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে মহানগৰীৰ আঠমাইলৰ গাৰোবস্তিত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা । শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি কৰুণ মৃত্যু ঘটে ৰুমী দাস আৰু তেওঁৰ পাঁচবছৰীয়া পুত্ৰ চম্পক দাসৰ । ঘটনাত গুৰুতৰভাৱে আহত হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ ১৪ বছৰীয়া কন্যা ৰীমা দাস । এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ গাৰোবস্তি অঞ্চলত ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু চক্ৰ বিষয়া উপস্থিত হৈ মাতৃ-পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে ।

এটা দশকত ভূমিস্খলনত ৪৩ গৰাকীৰ মৃত্যু :

গুৱাহাটী মহানগৰীত ২০১৪ চনৰ পৰা আজিৰ দিনটোলৈকে এটা দশকত ভূমিস্খলনত ৪৩ গৰাকী লোকৰ মৃত্যু হৈছে । চলিত বৰ্ষৰ বিগত ছমাহত ভূমিস্খলনত তিনিগৰাকীৰ মৃত্যু হৈছে ।

খানাপাৰাত পথ দুৰ্ঘটনাত এজন নিহত :

মহানগৰীৰ খানাপাৰাত আজি সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যোৱানিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ মাজতে আজি পুৱা খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপস্থ ৰাজপথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক । যোৰাবাটৰ দিশৰ পৰা কাগজ কঢ়িয়াই অনা ট্ৰাকখন পথৰ ওপৰত বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ট্ৰাকখনৰ চালকজন । আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ হেণ্ডিমেনজন ৷ তেওঁক লগে লগে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ।

ব্ৰহ্মপুত্ৰত নিখোঁজ যুৱকৰ মৃতদেহ উদ্ধাৰ :

পাঁচদিনৰ পিচত আজি উদ্ধাৰ হ’ল লুইতত নিখোঁজ হোৱা যুৱকৰ মৃতদেহ ৷ আজিৰ পৰা পাঁচদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত নিখোঁজ হৈছিল বাবুল দাস নামৰ যুৱকজন । আজি বোন্দাৰ ঘূলিগাঁৱত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় । পানীখাইতীত ই-ৰিক্সাৰ পৰা বাঢ়নী পানীত পৰিছিল বাবুল দাস । একেটা ঘটনাত মৃত্যু হৈছিল ডম্বৰুধৰ পাঠক নামৰ লোকজনৰ । আনহাতে সেই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ধন দৈমাৰী নামৰ লোকজনৰ । পানীখাইতী ৰে’ল গেটলৈ আহি থকা অৱস্থাত ঘটনাটো সংঘটিত হৈছিল । তেতিয়াৰে পৰা নিখোঁজ হৈ থকা বাবুল দাসৰ মৃতদেহ আজি পাঁচদিনৰ পিচত উদ্ধাৰ হয় ।

বৰাগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ :

মহানগৰীৰ বৰাগাঁৱত আজি উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ । ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । মৃতদেহটো পথৰ দাঁতিৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে । পিচত ঘটনাস্থলীত গড়চুক আৰক্ষীৰ লোক আহি উদ্ধাৰ কৰে মৃতদেহটো । মৃতদেহটো বয়োজ্যেষ্ঠ লোকৰ । বৰ্তমানলৈ মৃত লোকজনৰ পৰিচয় জানিব পৰা নাই আৰক্ষীয়ে । মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ৷

কৃত্ৰিম বানৰ বাবে হেল্পলাইন নম্বৰ মুকলি :

সৰ্বসাধাৰণ জনতাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বৃহত্তৰ স্বাৰ্থত নগৰীয়া বানপানীৰ ফলত সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটীৰ নাগৰিকে যিকোনোধৰণৰ সহায়ৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডিডিএমএ), কামৰূপ (মহানগৰ)ৰ জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ (ডিইঅ’চি)ৰ সৈতে যোগাযোগ কৰিব পাৰে । ইয়াৰ বাবে টোল ফ্ৰী নম্বৰ ০৩৬১-১০৭৭ আৰু মোবাইল নম্বৰ ৯৩৬৫৪-২৯৩১৪ দিয়া হৈছে । জৰুৰীকালীন সহায়ৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ।

গুৱাহাটীত বৃদ্ধি পাইছে ব্ৰক্ষ্মপুত্ৰৰ জলস্তৰ :

যোৱানিশাৰ হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ কৱলত পৰিছে যদিও পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে । কাৰণ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ পানী বিপদসীমাৰ ওপৰৰে বৈ আছে । ইফালে ভৰলুৰ শ্লুইছ গেটতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহু পৰিমাণে বৃদ্ধি পাইছে । লক্ষ্যণীয়ভাৱে ভৰলু নৈৰ ওপৰত পানীৰ হেঁচা যথেষ্ট বৃদ্ধি পাইছে । গুৱাহাটীত ব্ৰক্ষ্মপুত্ৰৰ বিপদসীমাৰ স্তৰ হৈছে ৪৯.৬৮ মিটাৰ আৰু বৰ্তমান ব্ৰহ্মপুত্ৰ গুৱাহাটীত ৪৯.৮৫ মিটাৰ ওপৰৰে বৈ আছে । ইফালে ভৰলু শ্লুইছ গেটত ব্ৰহ্মপুত্ৰৰ স্তৰ হৈছে ৪৯.৭৫ মিটাৰ । তেনেস্থলত পুনৰ বৰষুণ হ’লে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: পানীত নামি বানাক্ৰান্তৰ খবৰ লৈছে মুখ্যমন্ত্ৰীয়ে : বহু স্থানত বন্য়াৰ্তই পোৱা নাই সা-সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.