ETV Bharat / state

জোৰা-টাপলি মাৰি চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদ ! - Moran Autonomous Council

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 4:21 PM IST

Moran Autonomous Council: মৰাণ স্বায়ত্তশাসিত পৰিষদ কেনেকৈ চলিছে ? পৰিষদৰ কাৰ্যালয় এতিয়া হাবি জংঘলেৰে ভৰিছে ৷ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে নাই পৰ্যাপ্ত ধন । পৰ্যাপ্ত কৰ্মচাৰীও নিয়োগ কৰা হোৱা নাই । পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰ ৷

Moran Autonomous Council
জোৰা-টাপলি মাৰি চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদ (ETV Bharat)

তিনিচুকীয়া, ৩ আগষ্ট : ২০২০ বৰ্ষতে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰিছিল তিনিখনকৈ স্বায়ত্তশাসিত পৰিষদ ৷ তাৰ ভিতৰত অন্যতম মৰাণ স্বায়ত্তশাসিত পৰিষদ । কিন্তু বৰ্তমান কেনেকৈ চলি আছে এই মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় । জানিলে আপুনিও আচৰিত হ'ব ।

মৰাণ স্বায়ত্তশাসিত পৰিষদৰ দুৰৱস্থা :

অভিযোগ অনুসৰি সম্প্ৰতি মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নাই পৰ্যাপ্ত পুঁজি । পৰিষদৰ কাৰ্যালয়ত কৰ্মচাৰীৰ অভাৱ । একপ্ৰকাৰ জোৰা-টাপলি মাৰিয়ে চলি আছে মৰাণ স্বায়ত্তশাসিত পৰিষদ ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ চাৰিওফালে হাবি-জংঘলে আৱৰি ধৰিছে । কাৰ্যালয়টো পৰিষ্কাৰ কৰিবলৈও নাই কোনো কৰ্মচাৰী !

প্ৰায় ৪ বছৰ পূৰ্বে ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰি নতুনকৈ গঠন কৰিছিল মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ৷ কিন্তু গঠন কৰিয়েই যেন দায়িত্ব সামৰিলে চৰকাৰে ৷

অভিযোগ অনুসৰি মৰাণ স্বায়ত্তশাসিত পৰিষদক চৰকাৰে দিয়া নাই পৰ্যাপ্ত পুঁজি, নিয়োগ কৰা নাই চৰকাৰী কৰ্মচাৰী ৷ যাৰ বাবে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত এতিয়া অচলাৱস্থা ৷ জানিব পৰা মতে কেৱল মাত্ৰ এজন প্ৰধান সচিবৰ জৰিয়তে চলিছে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক কাম কাজ ৷

বিভিন্ন সংগঠনৰ দাবী :

'কণা হাঁহক পতান দিয়া' নীতিৰে ৪ বছৰত মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্তশাসিত পৰিষদক চৰকাৰে দিলে মাত্ৰ ৪ কোটি টকা ৷ যাৰ বাবে ক্ষোভিত হৈ আন্দোলনৰ হুংকাৰ দিছে মৰাণ ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনে ।

তাৰোপৰি বিধিগত নীতি অনুসৰি ২০২১ বৰ্ষত জনগোষ্ঠীটোৰ ৰাইজে গঠন কৰি দিয়া অন্তৱৰ্তীকালীন মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৬ মাহৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিছিল যদিও বৰ্তমানলৈকে চৰকাৰে নিৰ্বাচন অনুষ্ঠিত নকৰিলে ৷ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ মৰাণ জনগোষ্ঠী ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে । সেয়ে চলিত বৰ্ষতেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে অসম মৰাণ সভাকে ধৰি জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনে ৷

লগতে পঢ়ক :ঘাতকে শাস্তি নোপোৱাত আমাৰ আক্ষেপ থাকি গ'ল: পঞ্চ শ্বহীদৰ পৰিয়ালৰ সদস্য - Dangri fake encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.