কলিয়াবৰ,৪ ছেপ্টেম্বৰ: কলিয়াবৰত কামাখ্যা গাঁৱৰ চিত্ৰনলা বাগিচা পৰা আঁতৰালে পিঞ্জৰা । নাম কামাখ্যা, কামাখ্যা, সোণাৰি গাঁও আৰু কলিয়াবৰ চাহ বাগিচাত উপদ্ৰৱ চলাই থকা দুটাকৈ ঢেকীয়াপতীয়া বাঘ বন্দী কৰিবলৈ যোৱা শনিবাৰে বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা । কিন্তু বাঘ পিঞ্জৰাবদ্ধ নোহোৱাত সাময়িকভাৱে পিঞ্জৰা আঁতৰাই আনে সেই স্থানৰ পৰা । মাত্ৰ তিনিদিনৰ পাছতে বনবিভাগে আঁতৰালে পিঞ্জৰাটো । এতিয়া বাঘৰ গতিবিধি নিৰিক্ষণৰ বাবে চেঞ্চৰ কেমেৰা স্থাপন কৰাৰ সিদ্ধান্ত লৈছে বন বিভাগে ।
বন বিভাগৰ এই সিদ্ধান্তৰ পিছতেই ঢেকীয়াপতীয়া বাঘৰ বিচৰণক লৈ তৎপৰ হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন । কলিয়াবৰৰ বিশেষ দুটা পথক লৈ প্ৰশাসনৰ বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছে । মহকুমা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ (BNSS),২০২৩ ৰ ১৬৩ ধাৰাত নিৰ্দেশনা জাৰি কৰিছে । সেই নিৰ্দেশনা মৰ্মে বনৰজাৰ মুক্ত বিচৰণস্থলীত হাই-উৰুমি বা কোলাহল নিষিদ্ধ কৰিছে প্ৰশাসনে ।
বাঘৰ বিচৰণস্থলীত সাময়িকভাৱে চাহ শ্ৰমিকৰ কাম-কাজ বন্ধ কৰাৰ নিৰ্দেশ । বাঘ দেখিলে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে সেই সম্পৰ্কে সজাগ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ নিৰ্দেশ জাৰি কৰিছে । সমান্তৰালকৈ আৰক্ষী আৰু বন বিভাগে বাঘৰ বিচৰণ এলেকাসমূহ পৰ্যবেক্ষণত ৰাখি বাঘ-মানুহৰ সংঘাত প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰো আদেশ জাৰি কৰে ।
সন্ধিয়া ৪ বজাৰ পৰা পুৱা ৯ বজালৈকে শিলঘাট মৰাপাট কলৰ পৰা শিলঘাট কামাখ্যা মন্দিৰ হৈ সোণাৰি গাঁও-কামাখ্যা গাঁৱৰ লগতে আশে-পাশে থকা চাহ বাগিচা অঞ্চললৈ লোক নিৰ্মাণ বিভাগৰ নতুন পথত পথত কোনো ব্যক্তিৰ প্ৰৱেশ আৰু বাহনৰ চলাচল কঠোৰভাৱে নিষিদ্ধ কৰিছে । ত্ৰিশূলধাৰী মন্দিৰলৈ শিলঘাট মৰাপাট কল হৈ যোৱাৰ পথত সন্ধিয়া ৪ বজাৰ পৰা পিছদিনা পুৱা ৯ বজালৈ সময়ছোৱাত অহা-যোৱা নিষেধ কৰিছে ।
ত্ৰিশূলধাৰী মন্দিৰ সমীপতে থকা সংৰক্ষিত বনাঞ্চলত দিনে-নিশাই কোনো ব্যক্তিৰ প্ৰৱেশ আৰু চলাচল কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে । আনহাতে, কলিয়াবৰ চাহ বাগিচাত অব্যাহত আছে বাঘৰ ত্ৰাস । মঙলবাৰে পুনৰ বাঘে চিকাৰ কৰিলে এজনী গাই গৰু । চাহ বাগিচাখনৰ ৫ নম্বৰ পুলি বাগানত বাঘে চিকাৰ কৰে গাইজনী । এজনী প্ৰকাণ্ড গাই গৰু চিকাৰ ঢেকীয়াপতীয়াৰ । বিয়লি বাগিচাৰ শ্ৰমিকৰ সন্মুখতে চিকাৰ কৰে বাঘটোৱে । ভয়-শংকাৰ মাজতে কাম কৰিব লগা হৈছে শ্ৰমিকে ।