ETV Bharat / state

কলিয়াভোমোৰা দলঙলৈ অশনি সংকেত মাতিছে বৰলুইতৰ খহনীয়াই - Koliabhomora Bridge

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 1:50 PM IST

Erosion in Assam: ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নল’লে বিপদ আহিব পাৰে কলিয়াভোমোৰা দলঙলৈ ।

Erosion of Brahmaputra
কলিয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া (ETV Bharat Assam)

কলিয়াবৰ, ১১ ছেপ্টেম্বৰ : বিগত এমাহ ধৰি কলিয়াভোমোৰা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ । খহাই নিছে চপৰা-চপৰে নৈৰ পাৰ । এইদৰে খহনীয়া হৈ থাকিলে কলিয়াভোমোৰা দলঙৰ নগাঁৱৰ দিশে থকা অংশ খহি যোৱাৰ আশংকা কৰিছে ৰাইজে ।

  • ১৯৭৮ চনত স্থাপন হৈছিল কলিয়াভোমোৰা দলঙৰ আধাৰশিলা :

কলিয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাজী দেশায়ে ১৯৭৮ চনত স্থাপন কৰিছিল ৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে ৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা ৷

কলিয়াভোমোৰা সেতু অসমৰ ভিতৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত স্থাপন কৰা দ্বিতীয়খন দলং ৷ কলিয়াভোমোৰা দ্বিতীয়খন দলং ৰাজ্যৰ ভিতৰতে সপ্তম দীৰ্ঘতম দলং ৷ ২০১৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৩.৪০ কিলোমিটাৰ দৈঘ্যৰ দ্বিতীয়খন দলঙৰ । ৫৮৮.৯৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা হৈছিল দ্বিতীয়খন কলিয়াভোমোৰা সেতু ।

  • আনুষ্ঠানিকভাৱে মুকলি নোহোৱাকৈয়ে যাতায়ত অব্য়াহত :

প্ৰথমখন কলিয়াভোমোৰা সেতু পুনৰ নিৰ্মাণৰ বাবে ২০২২ চনৰ ১ নৱেম্বৰৰ পৰা সামগ্ৰিকভাৱে বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণৰ ব্যৱহাৰৰ বাবে নতুন দলংখনৰ মুকলি কৰা হয় । এই পৰ্যন্ত কলিয়াভোমোৰা দ্বিতীয়খন সেতু আনুষ্ঠানিকভাৱে মুকলি হোৱা নাই ।

  • খহনীয়া অতি শীঘ্ৰে প্ৰতিৰোধৰ দাবী

স্থানীয় ৰাইজে কলিয়াভোমোৰা দলঙৰ তলত হৈ থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া অতি শীঘ্ৰে প্ৰতিৰোধৰ বাবে চৰকাৰক দাবী জনাইছে । যদিহে এইক্ষেত্ৰত চৰকাৰে ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে দলংখনৰ ক্ষতিসাধন হোৱাৰ আশংকা বৃদ্ধি পাব ।

লগতে পঢ়ক:লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

তীব্ৰ সংকটত স'ৰাগুৰি চাপৰিৰ ৫০০ পৰিয়াল - Ajan Peer Dargah

ব্ৰহ্মপুত্ৰৰ সুঁতিয়ে নামনি মাজুলীৰ ২০খন গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি, গছৰ ডালেৰে প্ৰতিৰোধৰ চেষ্টা - EROSION IN MAJULI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.