ETV Bharat / state

২৩ ৰাজপত্ৰিত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাত - APSC Scam

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:25 PM IST

APSC cash for job scam: চি আই ডিৰ ডি এছ পি উপেন কলিতা নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামা দাখিল । কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়ধীশৰ আদালতত এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাৰ কেলেংকাৰী অন্তিমখন অভিযোগনামা দাখিল কৰে গোটটোৱে ।

The last chargesheet of APSC scam filed in the court
বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামা দাখিল (ETV Bharat Assam)

গুৱাহাটী,১২ চেপ্টেম্বৰ: এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাৰ কেলেংকাৰী অন্তিমখন অভিযোগনামা বুধবাৰে কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়ধীশৰ আদালতত চি আই ডিৰ ডি এছ পি উপেন কলিতা নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোটে দাখিল কৰে । ১৫৬ পৃষ্ঠাৰ অভিযোগনামাত ২৩জন ৰাজপত্রিত বিষয়াৰ নাম উল্লেখ আছে । কেলেংকাৰীত সাঙোৰ খোৱা ৯ জন ৰাজপত্ৰিত বিষয়াৰ নাম বাদ পৰা বুলি অভিযোগ উঠিছে । ইয়াৰ পূৰ্বে IPS প্রতীক থুৱেই দাখিল কৰিছিল অভিযোগনামা ।

কিন্তু সেই চার্জশ্বিটত আসোঁৱাহ থকা বুলি ঘূৰাই দিছিল ন্যায়ালয়ে । আসোঁৱাহপূৰ্ণ অভিযোগনামাত সন্নিবিষ্ট কৰা নাছিল বহু অভিযুক্তৰ নাম । সেয়ে থুৱেক দায়িত্বৰ পৰা অপসাৰণৰ নির্দেশ দিছিল বিশেষ ন্যায়াধীশে । এই সন্দৰ্ভত অধিবক্তা পল্লৱ‌ কটকী কয়,"এই পৰীক্ষা কেলেংকাৰীত ৩৭ জনৰ নাম সাঙোৰ‌ খাইছিল । অভিযোগনামাত ২৩জন ৰাজপত্রিত বিষয়াৰ নাম উল্লেখ আছে । আদালতত এই সন্দৰ্ভত আদালতে কোনো নিদেশ দিয়া নাই ।‌ অহা ১৭ ছেপ্টেম্বৰত আদালতে এই সন্দৰ্ভত শুনানী গ্ৰহণ কৰি নিৰ্দেশ দিব ।"

তেওঁ লগতে কয়,"কেলেংকাৰীত সাঙোৰ খোৱা ৯ জন ৰাজপত্ৰিত বিষয়াৰ নাম বাদ পৰা বুলি যি অভিযোগ উঠিছে সেয়া অভিযোগনামাখন চালে জানিব পৰা যাব ।" উল্লেখ্য যে এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰাৰ পিছতো এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্ত গোট (এছ আই টি)য়ে সঠিক তদন্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছিল । এই কথা আদালতত উন্মোচিত হৈছিল ।

এইক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়াৰ ব্যৰ্থতাৰ বাবে আদালতৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্য চৰকাৰে তদন্তকাৰী বিষয়া প্ৰতীক থুৱেক আঁতৰ কৰি তদন্তৰ দায়িত্ব নতুনকৈ চি আই ডিৰ ডি এছ পি উপেন কলিতাক অৰ্পণ কৰিছিল । উল্লেখ্য যে, এ পি এছ চিৰ ২০১৩ আৰু ২০১৪ চনৰ পৰীক্ষাত জালিয়াতিৰে উত্তীৰ্ণ হোৱা বুলি ন্যায়িক তদন্ত আয়োগে চিনাক্ত কৰা বিষয়াসকলৰ বেছিভাগেই এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল ।

প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দাখিল কৰা প্ৰতিবেদনত এই বিষয়াসকল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ৰহস্য উদঘাটন কৰা হৈছিল । কিন্তু অসম আৰক্ষীৰ বিশেষ তদন্ত গোট (এছ আই টি)-এ সঠিক তদন্ত কৰা নাছিল ।

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী: ৪ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল - APSC scam

লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ৰায়দান: ৰাকেশ পালসহ ৩২ জন দোষী সাব্যস্ত - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.