ETV Bharat / state

যৱনিকা পৰিল হিন্দুস্থান কাগজ কলৰ সোণালী ইতিহাসৰ - TATA semiconductor project

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:56 PM IST

TATA semiconductor project: টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ ভূমি পূজনৰ লগে লগে শনিবাৰে যৱনিকা পৰিল হিন্দুস্থান কাগজ কলৰ সোণালী ইতিহাস । বহু সপোন, বহু স্মৃতি বিজড়িত জাগীৰোড কাগজ কল কলনীত এতিয়া মৰিশালীৰ নীৰৱতা । অভিজাত কৰ্মচাৰীৰ বিলাসী আবাস পৰিত্যক্ত । নিশা হ’লেই আহে আমছং বনাঞ্চলৰ বন্যহস্তী । বহু ঘটনাৰ সাক্ষী হিচাপে থকাৰ বাবে আজিও চাহৰ দোকানখনকে সাৰথি কৰি আছে তাহানীৰ চাহ ব্যৱসায়ীয়ে ।

TATA semiconductor project
যৱনিকা পৰিল হিন্দুস্থান কাগজ কলৰ সোণালী ইতিহাসৰ (ETV Bharat Assam)

মৰিগাঁও, ৩ আগষ্ট: শনিবাৰে যৱনিকা পৰিল এক সোণোৱালী ইতিহাসৰ । আমি ক’বলৈ ওলাইছো ১৯৭৩ চনৰ পৰা ২০১৫ চনলৈ সগৌৰৱে অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীকৰূপে চিহ্নিত হিন্দুস্থান কাগজ কলৰ পঞ্চাশ বছৰীয়া ইতিহাসৰ কথা । ১৯৭৩ চনটো অসমৰ বাবে আছিল এক ঐতিহাসিক বৰ্ষ । এই বৰ্ষটোতে নগাঁও জিলাৰ জাগীৰোডত স্থাপন কৰা হৈছিল এছিয়াৰ সৰ্ববৃহৎ কাগজ কলটো । ইয়াৰ পিচতেই দুহাজাৰ স্থায়ী কৰ্মচাৰীৰ উপৰিও কেইবা হাজাৰ অস্থায়ী কৰ্মচাৰীয়ে লাভ কৰিছিল কৰ্ম সংস্থাপন ।

সকলোৱে পাৰদৰ্শিতাৰ বাবে ইয়াত দৈনিক হাজাৰ হাজাৰ মেট্ৰিক টন কাগজ উৎপাদন হয় । এক প্ৰকাৰে সকলো ঠিকেই চলি আছিল ২০১৫ চনলৈ । ২০১৫ চনৰ পৰা ২০১৮ লৈ কাগজ কলটো কোনোৰকমে চলি থকাৰ পাচত অৱশেষত ২০১৯ চনৰ ২৫ নৱেম্বৰত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণে নগাঁও কাগজ কলক দেউলীয়া ঘোষণা কৰে । ইয়াৰ পিচতে হাহাকাৰ লাগিল ইয়াৰ লগত জড়িত হাজাৰ হাজাৰ কৰ্মচাৰীৰ মাজত । কোৱা হ’ল ক’লনীৰ বিলাসী আবাস গৃহ খালী কৰিবলৈ ।

কিছুসংখ্যক লোকে কাগজ কলৰ আবাসগৃহ খালী কৰি বিভিন্ন ঠাইত ঘৰ বনালে । কোনোৱে আকৌ ইঘৰৰ পাচত সিঘৰত থাকিব লগা পৰিস্থিতি সৃষ্টি হয় । একাংশই পদপথত দোকান দি জীৱন-নিৰ্বাহ কৰিবলগীয়া দৰে পৰিস্থিতিৰ সৃষ্টি হয় । ল’ৰা-ছোৱালীৰ শিক্ষানুষ্ঠানত মাচুল দিয়াটো ব্যৰ্থ হয় অধিকাংশ লোক ৷ চিকিৎসাৰ অভাৱত বহুজনে অকালতে প্ৰাণ হেৰুৱালে ।

অৱশেষত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইসকল লোকক অনাদায় দৰমহাৰ বিপৰীতে আগবঢ়াই এককালীন সাহাৰ্য । ইয়াৰ পিচতে অসম চৰকাৰৰ উদ্যোগত টাটা কোম্পানী প্ৰাঃ লিমিটেড আৰু ভাৰত চৰকাৰৰ উদ্যোগত জাগীৰোড টাটা ছেমি কণ্ডাক্ট প্ৰজেক্টৰ বাবে গ্ৰহণ কৰা হয় এক ঐতিহাসিক প্ৰস্তাৱ । সেই অনুসৰি এতিয়া জাগীৰোড কাগজ কলৰ ভূমিত টাটাৰ বুলডৰ্জাৰ চলিছে । এফালৰ পৰা ধ্বংস কৰা হৈছে পঞ্চাশ বছৰে স্বাভিমানৰ প্ৰতীক ৰূপে মূৰ তুলি থকা এই আবাসিক এলেকা । য’ত এসময়ত গঢ়ি উঠিছিল হাট-বজাৰ, মঠ-মন্দিৰ, ডাকঘৰ, বিদ্যালয় ।

পিছে এই দুখ লগা আৰু বহু স্মৃতি বিজড়িত আবাস গৃহ এতিয়া পৰিত্যক্ত । এক কথাত ক’বলৈ গ’লে অৰ্ধ শতিকাজুৰি উথপথপ হৈ থকা জাগীৰোড কাগজ কলৰ ক’লনীত এতিয়া মৰিশালীৰ নিস্তব্ধতা । নিশা হ’লেই আমছাঙৰ পৰা বন্যহস্তীয়ে আহি তহিলং কৰে একালত মানুহে গিজগিজাই থকা পেপাৰ মিল ক’লনীত । ব্যৱসায়ীসকলৰো একেই মন্তব্য । তাহানিৰ বহু জীৱন্ত ঘটনাৰ সাক্ষী হিচাপে থকাৰ বাবেই আজিও জাগীৰোড পেপাৰ মিল ক’লনীত থকা ব্যৱসায়ীয়ে কোনোমতে চলাই আছে চাহৰ দোকান ।

লগতে পঢ়ক: জাগীৰোডত সম্পন্ন টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন - TATA semiconductor project

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.