গুৱাহাটী, ২৩ আগষ্ট : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰায় পাঁচশ কোটিটকীয়া অভিলাষী ‘কামাখ্যা কৰিড’ৰ’ প্ৰকল্পৰ কাম এতিয়াও অচলাৱস্থাত আছে ৷ এই সন্দৰ্ভত প্ৰকল্পৰ কাম পোৱা কোম্পানীটোৱে বৃহস্পতিবাৰে এক শপতনামা দাখিল কৰে । এই সন্দৰ্ভত কালিৰ শুনানিত কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কামৰ সবিশেষ অধ্যয়ন সম্পৰ্কে অহা ১ ছেপ্টেম্বৰত আকৌ আদালতত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হয় ।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰায় পাঁচশ কোটিটকীয়া অভিলাষী কামাখ্যা কৰিড’ৰ প্ৰকল্প সন্দৰ্ভত নিৰপেক্ষ অভিজ্ঞ চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে অধ্যয়ন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে যোৱা ৬ আগষ্টৰ শুনানিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰায় পাঁচশ কোটিটকীয়া অভিলাষী ‘কামাখ্যা কৰিড’ৰ’ প্ৰকল্পৰ ফলত নীলাচল পাহাৰত পৰিব পৰা জলবৈজ্ঞানিক আৰু ভূ-ভৌতিক প্ৰভাৱ সম্পৰ্কে আই আই টি গুৱাহাটীয়ে নহয়, প্ৰকল্পৰ ঠিকা লাভ কৰা প্ৰতিষ্ঠানে নিয়োগ কৰা ব্যক্তিগত প্ৰতিষ্ঠানেহে অধ্যয়ন কৰিব বুলি শপতনামা দাখিল কৰিছিল । এই বৈজ্ঞানিক অধ্যয়নৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠান এল এণ্ড টিয়ে ‘পাৰ্ছন অভাৰৰ্ছীজ প্ৰাইভেট লিমিটেড’ নামৰ দিল্লীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান এটাক দায়িত্ব দিছিল । পিছত আই আই টি গুৱাহাটীয়ে প্ৰতিষ্ঠানটোৰ এই অধ্যয়ন নাকচ কৰে । এই সন্দৰ্ভত কোম্পানীটোৱে আদালতত কালি শপতনামা দাখিল কৰে ।
উল্লেখ্য কামাখ্যা কৰিড’ৰ প্ৰকল্পক লৈ দাখিল হোৱা আবেদনৰ শুনানিত ৰাজ্য চৰকাৰে দাখিল কৰা নতুন শপতনামাত গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰোৱাইছিল ৷ পূৰ্বে ৰাজ্য চৰকাৰে এই অধ্যয়ন আই আই টি গুৱাহাটীয়ে কৰিব বুলি জনাইছিল আৰু আই আই টিয়ে সেউজ সংকেত নিদিয়া পর্যন্ত প্ৰকল্পৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা নহয় বুলি আদালতক জনাইছিল ৷ তদুপৰি ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীৰ সৈতে এখন বুজাবুজিৰ চুক্তি কৰা বুলিও জনাইছিল । কিন্তু ৰাজ্য চৰকাৰে ৬ আগষ্টত দাখিল কৰা শপতনামাত এই অধ্যয়ন সম্পৰ্কত নতুন তথ্য পোহৰলৈ অহাত আজিৰ শুনানিত আদালতে বিষয়টোক লৈ ৰাজ্য চৰকাৰ আৰু এল এণ্ড টিক জবাবদিহি কৰিছিল । আদালতে এল এণ্ড টিৰ এই অধ্যয়নৰ বাবে অভিজ্ঞতা আৰু বিশেষ জ্ঞান সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে ।
আবেদনকাৰীয়ে এই প্ৰকল্পৰ ফলত কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ পৱিত্ৰ জলধাৰা শুকাই যাব বুলি কৰা আশংকাৰ প্ৰসংগ উত্থাপন কৰি আদালতে চৰকাৰক এই জলধাৰাৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ দায়িত্ব কোনে ল’ব বুলি প্ৰশ্ন কৰিছিল । আবেদনকাৰী আৰু চৰকাৰী পক্ষৰ দীঘলীয়া যুক্তি শুনাৰ পিছত যোৱা ৬ আগষ্টত আদালতে এল এণ্ড টিকো (অন্যতম পদকীয়া) এখন বিতং শপতনামা দাখিলৰ নিৰ্দেশ দিছিল আৰু ২২ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছিল ।
কামাখ্যা বৰদেউৰী সমাজৰ সদস্য নৱজ্যোতি শৰ্মাই দাখিল কৰা এখন লেখ আবেদন আৰু গীতিকা ভট্টাচার্যসহ ২৩গৰাকী ভক্তই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিত এই শুনানি অব্যাহত আছে ।
লগতে পঢ়ক : কামাখ্যা ক'ৰিডৰৰ নামত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব বিচৰা যেন লাগিছে : আৰ পি শৰ্মাৰ অভিযোগ
কামাখ্যা কৰিড’ৰ প্ৰসংগত অসম চৰকাৰলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ
প্ৰধানমন্ত্ৰী আহিলে...কামাখ্যা ক’ৰিড’ৰৰ আধাৰশিলা হ’ব; লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব