ETV Bharat / state

সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে - Self Reliant Cultivator

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 3:06 PM IST

Successful farmers in Assam: হাতত বন্দুক লৈ সশস্ত্ৰ সংগ্ৰামৰ সপোন দেখা এগৰাকী প্ৰাক্তন আলফা কেডাৰ এতিয়া এজন সফল খেতিয়ক । কৃষি পামেৰে বুলিছে স্বাৱলম্বিতাৰ পথ । নিজৰ লগতে আন কেইবাজনকো দিছে সংস্থাপন । কোন এইগৰাকী প্ৰাক্তন আলফা কেডাৰ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

The Agricultural Revolution of an ex-ULFA cadre from Baihata
কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে (ETV Bharat Assam)

বাইহাটা,৭ ছেপ্টেম্বৰ: এসময়ৰ এগৰাকী সশস্ত্ৰ আলফা সংগ্ৰামী আজি এগৰাকী আদৰ্শ খেতিয়ক । কৃষিৰে জিনিছে সকলোৰে মন । কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ কলমণি গাঁৱৰ প্ৰাক্তন আলফা সদস্য বলীন কলিতা এতিয়া এগৰাকী আদৰ্শ খেতিয়ক । কৃষিকৰ্মৰে নিজৰ লগতে আন কেইবাগৰাকী লোককো স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে প্ৰাক্তন আলফা সদস্য বলীন কলিতাই । সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি বিগত ২৪ বছৰে নিজকে নিয়োজিত কৰিছে কৃষিকৰ্মৰ লগত ।

সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে (ETV Bharat Assam)

অতি উদ্যমী তথা পৰিশ্ৰমী বলীন কলিতাই ১৯৯৬ চনত আলফাত যোগদান কৰে আৰু ২০০০ চনত এই সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি আত্মসমৰ্পনৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহে । তাৰপিছৰে পৰা বলীন কলিতাই যেন পিছলৈ ঘূৰি চাব লগা হোৱা নাই । তেওঁ আৰম্ভ কৰিলে হাঁহ পালন, গাহৰি পালন, মীন পালনৰ লগতে ছাগলী পালন । ইয়াৰ সমান্তৰালকৈ বলীন কলিতাই গঢ়ি তুলিলে এখন নেমু টেঙাৰ বাগান ।

ইয়াৰ উপৰিও কচু খেতি, কলৰ বাগানেৰে এতিয়া বছৰি লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে একালৰ কাচিনত প্ৰশিক্ষণপ্ৰাপ্ত আলফা সদস্য তথা বৰ্তমানৰ এগৰাকী আত্মসমৰ্পনকাৰী আলফা সদস্য বলীন কলিতাই । কি নাই বলীন কলিতাৰ এইখন কৃষিপামত ! লমালমে লাগি আছে ভোল আৰু জিকাকে ধৰি বিভিন্ন শাক-পাচলি । লগতে হাঁহ, কুকুৰা, ছাগলী, গাহৰিৰে উভৈনদী কলিতাৰ কৃষিপাম । এতিয়া এনেদৰে নিজৰ লগতে আন কেবাজনকো স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী প্ৰাক্তন আলফা সদস্যই ।

পিচে আজিলৈকে কোনো চৰকাৰী সাহাৰ্য লাভ নকৰা বলীন কলিতা আজি দহজনৰ বাবে আদৰ্শৰ কাৰণ হৈ পৰিছে । কেৱল চৰকাৰী চাকৰিৰ পিছত হাবাথুৰি খাই নুফুৰি এনেদৰে কৃষিকৰ্মৰ জৰিয়তে যে নিজকে স্বাৱলম্বী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰি তাৰেই নিদৰ্শন দেখুৱাইছে প্ৰাক্তন আলফা সদস্য বলীন কলিতাই ।

লগতে পঢ়ক: ঘৰতে কিদৰে গঢ়িব পাৰি স্বাৱলম্বিতাৰ জখলা - Self Reliant Cultivator

আঁউসীৰ এন্ধাৰ ফালি কৰ্মসংস্কৃতিৰে জিলিকি উঠিছে সত্যজিৎ - Inspirational Story of Satyajit

মৎস্য উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশে অসম : আঠ বছৰত উৎপাদন বৃদ্ধি - Fish Production In Assam

কি নাই অসমীয়াৰ ! কেৱল ওলাই আহিব লাগিব পল্লৱজ্যোতিৰ দৰে - Inspirational Story

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.