ETV Bharat / state

মাত্ৰ দুমাহৰ পাচত বন্ধ হ’ব অসমৰ এটা বিমানবন্দৰ : বিমানবন্দৰ প্ৰাধিকাৰীয়ে জনালে কাৰণ - Flight service Closure

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 10:37 PM IST

Domestic airport: ১ অক্টোবৰৰ পৰা অসমৰ এটা বিমানবন্দৰৰ পৰা আৰু উৰা নামাৰে যাত্ৰীবাহী বিমান । বিমানবন্দৰটোৰ প্ৰাধিকাৰীয়ে জানিবলৈ দিয়ে এই কথা ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্য়েষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

Flight service Closure
মাত্ৰ দুমাহৰ পাচত বন্ধ হ’ব অসমৰ এটা বিমানবন্দৰ (ETV BHARAT ASSAM)

তেজপুৰ, ১৫ জুলাই: বিমান যাত্ৰীৰ বাবে এটা বেয়া খবৰ । তেওঁলোকে এতিয়াৰ পৰা ঘৰৰ কাষতে থকা বিমান সেৱা লাভ কৰিব নোৱাৰিব । অৱশ্যে এই শুনি ভাল নলগা খবৰটো কেৱল শোণিতপুৰ জিলাৰ লগতে জিলাখনৰ দাতিকাষৰীয়া যাত্ৰীসকলৰ বাবেহে । এতিয়া মাত্ৰ দুমাহৰ বাবেহে তেওঁলোকে সুবিধা ল’ব পাৰিব বিমান সেৱাৰ ।

অহা ১ অক্টোবৰৰ পৰা তেজপুৰ বিমানবন্দৰৰ পৰা নিয়মীয়াকৈ আৰু তিনিদিনীয়াকৈ চলাচল কৰা বিমানসেৱা বন্ধ হৈ পৰিব । এই কথা সদৰী কৰিছে তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে । ই টিভি ভাৰতৰ লগত হোৱা এক বিশেষ সাক্ষাৎকাৰত তেওঁ জনাই যে তেজপুৰ বিমানবন্দৰ পৰা যাত্ৰীবাহী বিমানৰ চলাচল অহা ১ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ মাৰ্চলৈ বন্ধ হৈ থাকিব ।

ইয়াৰ কাৰণ হৈছে তেজপুৰ বিমানবন্দৰৰ যি ৰাণৱে সেয়া ভাৰতীয় বায়ুসেনাৰ তেজপুৰ ঘাটিৰ লগত সংলগ্ন হৈ থকা হেতুকে ৰাণৱেটোৰ উন্নীতকৰণ প্ৰকল্পৰ কাম আৰম্ভ হ’ব । তেজপুৰ বায়ুসেনাৰ তৰফৰ পৰা তেজপুৰ শালনিবাৰী যাত্ৰীবাহী বিমানবন্দৰ প্ৰাধিকাৰীক এক পত্ৰৰ জৰিয়তে অৱগত কৰে এই বিষয়ে । শালনিবাৰী যাত্ৰীবাহী বিমানবন্দৰ ১ বছৰ ৬ মাহ পৰ্যন্ত বন্ধ হৈ থাকিব ৷ ফলস্বৰূপে ঘৰুৱা যাত্ৰীৰ লগতে বিমানবন্দৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে একপ্ৰকাৰ ব্যাঘাত জন্মিব ।

লগতে পঢ়ক: কম খৰচত-কম সময়ত বিমানেৰে যাত্ৰা কৰক ভিন্ন স্থানলৈ ! - Travel by Flight at lower price

বিমান বন্দৰটো থকাৰ বাবেই থলুৱা নিবনুৱা লোকে বিভিন্ন ধৰণৰ যাত্ৰীবাহী গাড়ীৰ সেৱা আগবঢ়াই উপাৰ্জনমুখী হৈছিল ৷ কিন্তু এই সেৱা অনাগত ডেৰ বছৰৰ বাবে আৰু সম্ভৱ হৈ নুঠে ।

তেজপুৰ বিমানবন্দৰ স্থাপন: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ নিলগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৫০০ মিটাৰ দূৰত্বত অৱস্থিত তেজপুৰ বিমানবন্দৰ । ১৯৪২ চনত ব্ৰিটিছ শাসনৰ সময়ত শালনিবাৰীত স্থাপন কৰা হৈছিল এই বিমানবন্দৰটো ৷

তেজপুৰ-কলকাতা সংযোগী বিমান: তেজপুৰ বিমানবন্দৰত বিগত ২০২৩ চনৰ ২৫ জুনৰ পৰা সংযোগ হৈছিল তৃতীয়খন যাত্ৰীবাহী বিমান স্পাইছ জেট । প্ৰথম দিনাই মুঠ ৩০ গৰাকী যাত্ৰীৰে তেজপুৰৰ পৰা কলকাতালৈ পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছিল স্পাইছ জেটে ৷ ইয়াৰ উপৰিও দুখন এলায়েন্স এয়াৰৰ বিমান গুৱাহাটী, পাছিঘাট, তেজপুৰ হৈ কলকাতালৈ দৈনিক চলাচল কৰি আছে । পূৰ্বতে সপ্তাহত তিনিদিন কলকাতা সংযোগী বিমান চলাচল কৰিছিল যদিও সেয়া বিমান কৰ্তৃপক্ষই নিজৰ খেয়াল-খুচি মতে যাত্ৰীৰ বাবে সেৱা আগবঢ়াইছিল ।

উল্লেখ্য যে, তেজপুৰ বিমানবন্দৰ তেজপুৰ বায়ুসেনা ঘাটিৰ লগত সংযোগ থকাৰ বাবে বিমানবন্দৰত বহু যাত্ৰীৰ প্ৰবেশত অসুবিধাৰ সন্মুখীন হয় । কাৰণ যাত্ৰীয়ে ভ্ৰমণৰ বাবে ব্যয় কৰি প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয় আৰু তাৰ বাবে তেজপুৰ বিমানবন্দৰত যাত্ৰী বহু পৰিমাণে কমি যোৱাৰ লগে লগেই বিমান চলাচল বন্ধ হৈ পৰিছিল ।

লগতে পঢ়ক: পূৰ্বোদয় হৈছে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ : জ্যোতিৰাদিত্য সিন্ধিয়া - Jyotiraditya Scindia NE Visit

এলায়েন্স এয়াৰৰ সেৱা: তেজপুৰ বিমানবন্দৰ পৰা এলায়েন্স এয়াৰৰ বিমান তেজপুৰ-লীলাবাৰী, তেজপুৰ-গুৱাহাটী বৰ্তমান তিনিদিনীয়াকৈ চলি আছে ৷ বুধবাৰ, শুকুৰবাৰ আৰু দেওবাৰে চলাচল কৰে এই বিমানকেইখনে ।

বিকল্প বিমানসেৱা : তেজপুৰ বিমানবন্দৰৰ প্ৰাধিকাৰী জি শিৱ কুমাৰে জনাই যে, ইতিমধ্যে এই ফিক্স উইং বিমান চলাচল বন্ধ হোৱাৰ লগে লগেই যাত্ৰীৰ সুবিধাৰ্থে পৱনহন্স হেলিকপ্টাৰ সেৱা আগবঢ়োৱাৰ সম্ভাৱনা আছে । এই বিষয়ে বৰ্তমান কোনো আলোচনা হোৱা নাই । পৱনহন্স হেলিকপ্টাৰ সেৱা একমাত্ৰ গুৱাহাটী, লখিমপুৰ, লীলাবাৰী আৰু যোৰহাটলৈ আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলি কুমাৰে জনায় ।

বিমানবন্দৰ বন্ধ হ’লে অসুবিধা কাৰ হ’ব: তেজপুৰ চহৰ বাণিজ্যিক আৰু পৰ্যটনৰ বাবে উত্তৰ অসমৰ এক প্ৰাণকেন্দ্ৰ । বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ টাৱাং ব'মডিলা আৰু শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকসকলে পোনপটীয়াকৈ কলকাতালৈ যোৱাৰ সুবিধা লাভ কৰিছিল । ইয়াৰ উপৰিও ভাৰতীয় সেনাবাহিনী, বায়ু সেনাবাহিনী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ লোকসকল অসুবিধাৰ সন্মুখীন হ’ব ।

লগতে পঢ়ক: গুৱাহাটীৰ পৰা ঢাকা, কাঠমাণ্ডুলৈ চলিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান - Guwahati Airport

সামৰিক বাহিনীৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত হোৱাৰ বাবে বিমান যাত্ৰীৰ সংখ্যা বহুখিনি বেছি । বৰ্তমান ৯০ জন যাত্ৰী কঢ়িয়াই নিয়া স্পাইছ জেটৰ বিমানখন কলকাতাৰ পৰা তেজপুৰ আৰু তেজপুৰৰ পৰা কলকাতা সম্পূৰ্ণ ভৰ্তি হৈ থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.