ETV Bharat / state

বিমান বন্দৰসমূহৰ দৰে চিকিৎসালয়তো হ’ব লাগে কটকটীয়া নিৰাপত্তা ব্যৱস্থা : আই এম এ - RG Kar Rape Murder

author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 4:47 PM IST

Tezpur doctor protest : পৈশাচিকভাৱে কলকাতাৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হ’ল ৷ যাৰ বিৰুদ্ধে ৰাজ্য তথা দেশজুৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ তেজপুৰতো চিকিৎসকল বহিছে প্ৰতিবাদত ৷ কলকাতাৰ পৈশাচিক ধৰ্ষণ আৰু হত্যাৰ বিৰোধিতাৰে ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ)ই ৫ দফীয়া দাবী উত্থাপন কৰিছে ৷

Tezpur doctor protest
কলিকতাৰ চিকিৎসকৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat)

তেজপুৰ, ১৭ আগষ্ট : দেশ জোকাৰি যোৱা কলকাতাৰ মহিলা চিকিৎসকক প্ৰথমে পৈশাচিকভাৱে ধৰ্ষণ আৰু তাৰ পাছত হত্যাৰ ঘটনা ৷ এই ঘটনাৰ পাছতে দেশ তথা ৰাজ্যৰ সৰ্বতে এতিয়া জোৱাৰ উঠিছে প্ৰতিবাদৰ । এক জঘন্য অমানুষিক ঘটনাৰ নিন্দা কৰি সকলো ওলাই আহিছে ৰাজপথলৈ । শিক্ষানুষ্ঠান, স্বেচ্ছাসেৱী সংগঠনৰ লগতে এন এছ ইউ আই, ছাত্ৰ সন্থা সকলোৱে কলকাতাৰ নাৰকীয়কাণ্ডক একেমুখে ধিক্কাৰ দিছে ।

বাদ পৰি ৰোৱা নাই অসমৰ চৰকাৰী-বেচৰকাৰী চিকিৎসালয়সমূহো ৷ শনিবাৰে পুৱা ৬ বজাৰ পৰা ভাৰতীয় চিকিৎসা সংস্থা (আই এম এ/ Indian Medical Association)ৰ অসম শাখাই সমগ্ৰ অসমতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । জৰুৰীকালীন সেৱাসমূহৰ চিকিৎসকসকল কৰ্তব্যত আছে যদিও ক’লা বেজ পৰিধান কৰি তেওঁলোকে কৰ্মৰত অৱস্থাৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰিছে ।

ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাৰ সম্পাদক ডাঃ অতুল কলিতাই কয়, "সভ্য সমাজ আজি মৰ্মাহত আৰু হতবাক ৷ এনে ধৰণৰ পৈশাষিক নাৰকীয় এক ঘটনা কোনো সভ্য সমাজে সহজভাৱে ল’ব নোৱাৰে ৷ ই এক মৰ্মান্তিক আঘাত ।’’

লগতে পঢ়ক : অসমতো বন্ধ OPD সেৱা-অস্ত্ৰোপচাৰ: IMA ৰ আহ্বানৰ প্ৰতি সঁহাৰি অসমৰ চিকিৎসক-কৰ্মীৰ - IMA calls for 24 hours strike

যি ধৰণেৰে দেশৰ বিমান বন্দৰসমূহত চি আই এছ এফ আৰু ২৪ ঘণ্টাই চিচি টিভি কেমেৰা চাৰ্ভিলেঞ্চৰ অধীনত সুৰক্ষা প্ৰদান কৰা হয়, একেদৰে চিকিৎসকসকলক চিকিৎসালয়ত সুৰক্ষা প্ৰদান কৰাৰ দাবী তুলিছে ভাৰতীয় চিকিৎসা সংস্থা অসম শাখাৰ সম্পাদক ডাঃ অতুল কলিতাই । চি আই এছ এফৰ আৰ্হিত এম আই এছ এফ হিচাপে এটা নিৰাপত্তা বাহিনী উত্থাপন কৰাৰ দাবী ডাঃ অতুল কলিতাৰ ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, পশ্চিমবংগৰ কলকাতাত আৰ জি কৰ চিকিৎসালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰকক্ষণত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা হৈছিল ৷ এই ঘটনাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়, ১০০ খন বিচনাযুক্ত মাতৃ শিশু চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে এই ঘটনাৰে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে ভাৰতীয় চিকিৎসা সংস্থাৰ সম্পাদক ডাঃ অতুল কলিতাই । ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু এই শাস্তি সকলোৰে বাবে মুকলি প্ৰদৰ্শন কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ডাঃ কলিতাই ।

লগতে পঢ়ক : কলকাতাত চিকিৎসক ধৰ্ষণ-হত্যা : অপৰাধত জড়িত কেইবাজনো ইন্টাৰ্ণ, চিকিৎসকৰ নাম CBI ক জনায় অভিভাৱকে - RG Kar Rape Murder

  • ভাৰতীয় চিকিৎসা সংস্থাৰ হৈ সম্পাদক ডাঃ অতুল কলিতাৰ দাবী :

সকলো চিকিৎসালয়ৰ নিৰাপত্তাৰ প্ৰট’কল বিমান বন্দৰতকৈ কম হ’ব নালাগে । চিচি টিভি, নিৰাপত্তাৰক্ষী নিয়োগ আৰু প্ৰট’কল অনুসৰণ কৰিব লাগে । আনহাতে, ৩৬ ঘণ্টাৰ ডিউটি ​​শ্বিফটত থকাজনৰ সুৰক্ষা, জিৰণি ল’বলৈ নিৰাপদ স্থান, পৰ্যাপ্ত জিৰণিকক্ষৰ অভাৱৰ বাবে আৱাসী চিকিৎসকসকলৰ কৰ্ম আৰু জীৱন-যাপনৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজনীয় । অপৰাধৰ নিখুঁত আৰু পেছাদাৰী তদন্ত আৰু ন্যায় প্ৰদান, চিকিৎসালয় আচবাব ভাঙি পেলোৱা দুস্কৃতিকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে ।

লগতে পঢ়ক : আৰ জি কৰ ধৰ্ষণ আৰু হত্যাকাণ্ড; প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক সোধা-পোছা চি বি আইৰ - RG Kar Rape Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.