ETV Bharat / state

নথি-পত্ৰই আছিল পুত্ৰ সন্তান, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই হস্তান্তৰ কৰিলে কন্যা সন্তান - Barpeta Civil Hospital

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Barpeta Civil Hospital: অভিযোগ অনুসৰি প্ৰথমে পৰিয়ালক জনোৱা হয় মহিলাগৰাকীয়ে পুত্ৰ সন্তান জন্ম দিছে । কিন্তু পৰিয়ালটোক হস্তান্তৰ কৰা হয় কন্যা সন্তান । নৱজাতকটোৰ মৃত্যুৰ পিচতে হুলস্থূলীয়া পৰিৱেশ । বৰপেটা অসামৰিক চিকি‌ৎসালয়ৰ বিৰুদ্ধে এজাহাৰ প্ৰসূতিৰ পৰিয়ালৰ ।

Barpeta Civil Hospital
বৰপেটা অসামৰিক চিকি‌ৎসালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ (ETV Bharat)

কলগাছিয়া, ২৩ ছেপ্টেম্বৰ : বৰপেটা অসামৰিক চিকিৎসালয়ত হুলস্থূলীয়া পৰিৱেশ । প্ৰসূতিৰ পৰিয়ালক সন্তান হস্তান্তৰত খেলিমেলি হোৱাক লৈ নিশা হাস্পতালত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে । প্ৰসূতিগৰাকীৰ পৰিয়ালে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিলো কৰিছে পৰিয়ালটোৱে ।

নৱজাতকৰ হস্তান্তৰত খেলিমেলি

এগৰাকী প্ৰসূতি মহিলাৰ পৰিয়ালে অভিযোগ কৰা মতে মহিলাগৰাকীয়ে পুত্ৰ সন্তান জন্ম দিছিল কিন্তু হাস্পতাল কৰ্তৃপক্ষই পিচত এটি অসুস্থ কন্যা সন্তান হে পৰিয়ালটোক হস্তান্তৰ কৰে । পৰৱৰ্তী সময়ত অসুস্থ নৱজাতকটোৰ বৰপেটাৰ ফখৰুদ্দিন আহমেদ চিকিৎসালয়ত মৃত্যু হয় । লগে লগে পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । ইফালে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ কথাও পোহৰলৈ আহে ।

জানিব পৰা মতে কলগাছিয়াৰ পৰা প্ৰদান কৰা নথিপত্ৰত চৰ্মিলা খাতুন নামৰ প্ৰসূতিগৰাকীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ কথা উল্লেখ আছে । কিন্তু উন্নত চিকিৎসাৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয়ে হাস্পতাল কৰ্তৃপক্ষই এটি অসুস্থ কন্যা নৱজাতক হে পঠিয়াই দিলে । আনহাতে নথিপত্ৰৰ খেলিমেলি দেখি নৱজাতকটোক পুনৰ কলগাছিয়া অসামৰিক চিকিৎস্যালয় লৈ ঘূৰাই পঠিওৱা হয় । কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই নৱজাতকটোৰ মৃত্যু হয় ।

ঘটনা সন্দৰ্ভত প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । মহিলাগৰাকীৰ পৰিয়ালে সংবাদ মাধ্যমক জনোৱা মতে চিকিৎসক আৰু নাৰ্ছে পুত্ৰ সন্তান জন্ম হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল । কিন্তু পিচত হাস্পতাল কৰ্তৃপক্ষই কন্যা সন্তান হোৱা বুলি দাবী কৰে । পৰিয়ালটোৰ অভিযোগ দায়িত্বত থকা নাৰ্ছগৰাকীয়ে সন্তান বদলি কৰিছে ।

অভিযোগ নস্যাৎ হাস্পতাল কৰ্তৃপক্ষৰ

ইফালে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ অভিযোগ অস্বীকাৰ কৰিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ নজিৰুল ইছলামে । নথিপত্ৰত লিখাৰ সময়ত সামান্য ভুল হোৱা বুলি অধীক্ষকগৰাকীয়ে দাবী কৰে । কিন্তু কোন সঁচা কোন মিছা ? যদি প্ৰসূতিগৰাকীৰ পৰিয়ালটোৱে কৰা অভিযোগ সঁচা হয় তেনেহ'লে ই অতি ভয়ংকৰ ঘটনা । একেদৰে হাস্পতাল কৰ্তৃপক্ষৰ দাবীও মিছা বুলি ক'ব নোৱাৰি । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচত হে সকলো তথ্য পোহৰলৈ আহিব । ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে চিকিৎসালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই - Heat Stroke Death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.