ডিফু, 14 আগষ্ট: ৰাজ্যত পুনৰ সংঘটিত হ’ল লোমহৰ্ষক হত্যাৰ ঘটনা ৷ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হৈছে এই ঘটনাটো ৷ মঙলবাৰৰ নিচেই পুৱাতে এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
মৃত লোক দুজনৰ পৰিচয়
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰৰ পুৱা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ টকৌবাৰীত স্থানীয় লোকে পথৰ দাঁতিত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা দুটা মৃতদেহ প্ৰত্যক্ষ কৰে । লগে লগে গাঁওখনত সৃষ্টি হয় এক হুৱা-দুৱা পৰিৱেশৰ । স্থানীয় লোকে স্থানীয় গাঁওবুঢ়াক এই বিষয়ে অৱগত কৰে ৷ লগতে মৃতদেহ দুটা গাঁৱখনৰে নীল বৰদলৈ(58) আৰু বিভীষণ বৰদলৈ(63) বুলি চিনাক্ত কৰা হয় ।
পুৱতি নিশা ঘৰৰ বাহিৰলৈ ওলাই গৈছিল ভুক্তভোগী দুজন
হোজাই জিলাৰ গাতে লাগি থকা গাঁৱখনৰ উক্ত দুয়োজন লোকে মাছ ধৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল । আনদিনাৰ দৰে কালিও পুৱতি নিশা প্ৰায় তিনি বজাত দুয়োজন লোকে কুঁচিয়া মাছ চিকাৰৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে এনেদৰে অপ্ৰত্যাশিতভাৱে মৃত্যুক সাৱটি লʼবলগীয়া হয় । ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা লোক দুজনক কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে ।
কি কাৰণে এই ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও নিশ্চিত হোৱা নাই । কাৰ্বি আংলং আৰু হোজাই জিলাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । স্থানীয় লোকসকলে উক্ত ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক দাবী জনায় ।