ETV Bharat / state

সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:41 PM IST

Sonapur eviction incident: সোণাপুৰৰ কচুতলীত বৃহস্পতিবাৰে উচ্ছেদৰ মাজতে আৰক্ষীক বেদখলকাৰীৰ আক্ৰমণ । পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা । আৰক্ষীৰ গুলীত নিহত দুই বেদখলকাৰী । চক্ৰ বিষয়া, দণ্ডাধীশ, আৰক্ষীসহ কেইবাজনো আহত ।

Sonapur eviction incident
সোণাপুৰত বেদখলকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষ (ETV Bharat)

গুৱাহাটী,১২ ছেপ্টেম্বৰ : উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । কচুতলীত আৰক্ষীৰ গুলীত নিহত হয় দুজনকৈ লোক । সোণাপুৰ জিলা চিকিৎসালয়ত মৃত্যু হয় দুয়োজন বেদখলকাৰীৰ । মৃত্যু হোৱা লোক দুজন ক্ৰমে হাইদৰ আলী আৰু জুৱাহিদ আলী বুলি জানিব পৰা গৈছে ।

আৰক্ষী-বেদখলকাৰীৰ সংঘৰ্ষ

উল্লেখ্য যে বিগত কিছুদিন ধৰি সোণাপুৰৰ কচুতলীত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে । বৃহস্পতিবাৰেও আৰক্ষী বাহিনীৰ সৈতে প্ৰশাসনৰ লোকসকল উচ্ছেদস্থলীত উপস্থিত হয় । প্ৰশাসনৰ লোকসকলে জনোৱা মতে তেনে সময়তে একাংশ বেদখলকাৰীয়ে আৰক্ষী তথা প্ৰশাসনৰ লোকসকলক লক্ষ্য কৰি আক্ৰমণ কৰে । প্ৰথমে উচ্ছেদ বন্ধ কৰিবলৈ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

তাৰ পিছত হাতে হাতে লাঠি লৈ লোকসকলে আৰক্ষীলৈ চোঁচা লয় । লগে লগে আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হয় সংঘৰ্ষৰ সূত্ৰপাত । একাংশ লোকে আৰক্ষীক আক্ৰমণ কৰে । এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰে । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।

আৰক্ষীৰ গুলীত বেদখলকাৰীৰ মৃত্যু

আৰক্ষীৰ গুলীত দুই বেদখলকাৰী আহত হয় আৰু পিছত হাস্পতালত লোক দুজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে এই ঘটনাত কেইবাগৰাকী লোক আহত হয় । চক্ৰ বিষয়া, দণ্ডাধীশসহ ৭ গৰাকী আৰক্ষীও আহত হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । বৃহৎসংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক উক্ত অঞ্চলত মোতায়েন কৰা হৈছে । ইফালে ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । প্ৰশাসন বিষয়াই দাবী কৰা মতে পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে । আগন্তুক দিনত প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাই যাব বুলিও প্ৰশাসনে দাবী কৰে ।

লগতে পঢ়ক :মাৰ্ঘেৰিটাত এন এছ চি এন (আই এম)ৰ কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ - NSCN IM cadre arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.