ETV Bharat / state

একাদশ শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰৰ অভিযোগ তিনি অধ্যাপকৰ বিৰুদ্ধে, উত্তপ্ত পৰিস্থিতি - Tense Situation

Patharkandi College : পাথাৰকান্দি মহাবিদ্যালয়ৰ তিনিগৰাকী অধ্যাপকে এখন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ এই ঘটনাক কেন্দ্ৰ কৰি পাথাৰকান্দি মহাবিদ্যালয়ৰ সম্মুখত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

TENSE SITUATION IN PATHARKANDI
পাথাৰকান্দি মহাবিদ্যালয়ৰ সম্মুখত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 9:31 PM IST

কৰিমগঞ্জ, 20 জুলাই : কৰিমগঞ্জৰ পাথাৰকান্দি মহাবিদ্যালয়ৰ সন্মুখত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মহাবিদ্যালয়ৰ চৌহদৰ গাতে লাগি থকা কমৰুল হক জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰক পাথাৰকান্দি মহাবিদ্যালয়ৰ তিনি অধ্যাপকে আক্ৰমণ চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ পাথাৰকান্দি মহাবিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক ক্ৰমে আকবৰ ৰাজা, তানজিম চৌধুৰী আৰু জাহেৰুল ইছলামৰ বিৰুদ্ধে একাদশ শ্ৰেণীৰ ছাত্ৰ শুভ্ৰাংশু সিনহাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনা শুকুৰবাৰে সংঘটিত হয় ৷

ছাত্ৰক প্ৰহাৰৰ অভিযোগ তিনি অধ্যাপকৰ বিৰুদ্ধে (ETV Bharat Assam)

ঘটনাৰ পিচতে ছাত্ৰ গৰাকী কলেজৰ পৰা ওলাই বাটত থকা এখন দোকানত একপ্ৰকাৰ অচেতন হৈ পৰিছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ আজি পুনৰ ছাত্ৰগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাত পাথাৰকান্দি ব্লক প্ৰাথমিক চিকিৎসালত লৈ অনা হয় ৷ কিন্তু ছাত্ৰজনৰ শাৰিৰীক অৱস্থালৈ লক্ষ্য কৰি তেওঁক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ৷ ছাত্ৰজনৰ এই অৱস্থাৰ খবৰ পাই হাস্পতালত উপস্থিত হয় কনিষ্ঠ মহাবিদ্যালয়খনৰ কেবা শতাধিক ছাত্ৰ ৷ আনকি হাস্পতালৰ পৰাই সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ইয়াৰ পিচতে উত্তেজিত ছাত্ৰৰ দলটো পাথাৰকান্দি মহাবিদ্যালত গৈ উপস্থিত হৈ পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তোলে ৷ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ মোতায়েন কৰা হয় আৰক্ষী ৷ পাথাৰকান্দি মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উপস্থিত ছাত্ৰসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, কমৰুল হক জুনিয়ৰ কলেজ হৈছে এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, পাথাৰকান্দি মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছে ইয়াৰ কৰ্ণধাৰ ৷ আনকি চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপকসকলক ব্যৱহাৰ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চলোৱাৰো অভিযোগ আছে পাথাৰকান্দি মহাবিদ্যালয়ৰ অধ্যক্ষ মঞ্জুৰুল হক'ৰ বিৰুদ্ধে ৷

ইয়াৰ মাজতে চৰকাৰী মহাবিদ্যালয়খনৰ অধ্যাপকৰ তিনিজনীয়া দলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ সংঘটিত কৰা ঘটনাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্ত অধ্যাপক কেইজনক আইনৰ অধীনত শাস্তি বিহাৰ দাবী জনায়, অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : সংগীতা দত্ত-ৱালিউল ইছলামৰ আৰু এক নতুন বিপদ - Child Abuse Case in Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.