ETV Bharat / state

খাদ্য খাবলৈ আহি ৰেষ্টোৰাঁৰ মালিকৰে খণ্ডযুদ্ধ সংগঠনৰ নেতাৰ; ক’ত এই কাণ্ড ? - TENSE SITUATION

Non Assamese controversy: বেনাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰা-নকৰাক লৈ স্থানীয় সংগঠনৰ নেতা-সদস্য আৰু ব্যৱসায়ীৰ মাজত খণ্ডযুদ্ধ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পিষ্টল টোঁৱাবলৈ বাধ্য হ’ল আৰক্ষী ৷

heated situation in Golaghat
পুনৰ অনা অসমীয়া বিতৰ্ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 3:17 PM IST

গোলাঘাট, ১৭ছেপ্টেম্বৰ: ৰাজ্য়ত অসমীয়া আৰু অনা অসমীয়াক লৈ চৰ্চা অব্য়াহত থকাৰ মাজতেই প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্য়ৱহাৰক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত হৈ পৰিল গোলাঘাট । ঘটনাই এনে এক পৰ্যায় পালে গৈ যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পিষ্টল উলিয়াই শূন্য়লৈ টোঁৱাবলগীয়া হয় ।

পুনৰ অনা অসমীয়া বিতৰ্ক (ETV Bharat Assam)
  • সংগঠনৰ নেতা-সদস্যক দুৰ্ব্য়ৱহাৰৰ অভিযোগ

ঘটনা অনুসৰি নিশা গোলাঘাটৰ বেঙেনাখোৱা ৰোডত থকা 'লা ছনি' নামৰ এখন ৰেষ্টোৰাঁত খাদ্য খাবলৈ গৈছিল জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মানৱ গগৈ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অৰিন্দম তামুলীকে ধৰি একাংশ সদস্য । উত্থাপিত অভিযোগ মতে, সেই সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ নামটো কিয় অসমীয়াত লিখা নাই বুলি সোধাত সংগঠনৰ নেতা-সদস্যক ৰেষ্টোৰাঁখনৰ মালিক ৰেহান তুৰ্কীয়ে দুৰ্ব্য়ৱহাৰ কৰে । এই কথাক কেন্দ্ৰ কৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বেঙেনাখোৱাত ।

ইয়াৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । প্ৰথম অৱস্থাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । সংগঠনকেইটাৰ নেতাকেইজনে ব্য়ৱসায়ীজনক ক্ষমা খুজিবলৈ কয় । ব্য়ৱসায়ীজনে তেওঁৰ নাম ফলক অসমীয়াত লিখিব বুলি কয় যদিও একাংশই উগ্ৰমূৰ্তি ধাৰণ কৰে । আৰক্ষীয়ে তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰাত আন একাশই আৰক্ষীৰ কথা শুনিব নুখুজি নিজৰ স্থিতিত আকোঁৰগোজ হৈ থকাৰ অভিযোগ উঠিছে ।

  • আৰক্ষীত বাধা, আটক তিনি

আৰক্ষীয়ে সেই সময়ত ব্য়ৱসায়ীজনক বাইকত উঠাই থানালৈ নিবলৈ চেষ্টা কৰাত সংগঠনৰ একাংশ নেতাই আৰক্ষীক এই কাৰ্যত বাধা দিয়ে । সেই সময়তে ব্য়ৱসায়ীজনক একাংশই মাৰধৰৰ চেষ্টা চলোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পিষ্টল উলিয়াই সতৰ্ক কৰি দিয়ে । পিচত আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত মানৱ গগৈ, অৰিন্দম তামুলী আৰু ব্যৱসায়ী ৰেহান তুৰ্কীক আটক কৰে ।

  • জাতীয় সংগ্ৰামী সেনাৰ অভিযোগ

ঘটনা সম্পৰ্কে জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মানৱ গগৈয়ে কয়, "গোলাঘাটত ২১ টা সংগঠনৰ যৌথ মঞ্চই ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেনাৰসমূহ অসমীয়া ভাষাত লিখিবলৈ দাবী উত্থাপন কৰিছিল । গোলাঘাটৰ একাংশ ব্যৱসায়ীয়ে ইয়াৰ প্ৰতি সহাৰি জনাই অসমীয়া ভাষা ব্যৱহাৰ কৰিছে যদিও এই ৰেষ্টোৰাঁখনৰ স্বত্বাধিকাৰীয়ে বিষয়টো সোধাক লৈ সংগঠনটোৰ নেতা-কৰ্মী সকলক দুৰ্ব্য়ৱহাৰ কৰাৰ লগতে মাৰধৰ কৰে ।"

তেওঁ পুনৰ কয়, "আমি কৈ আহিছো যে গোলাঘাটত অসমীয়া ভাষা আৰু অসমীয়াৰ অস্তিত্ব থাকিব লাগিব । কিন্তু তাৰ পাছতো আৰক্ষীয়ে অনা-অসমীয়াক ৰক্ষণাবেক্ষণ দি আহিছে । ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীজনে অসমীয়া নিলিখিলে কি কৰিব বুলি ওলোটা প্ৰশ্ন কৰে । গোলাঘাটত ব্যৱসায়ী প্ৰতিষ্ঠানত ৮০% অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব নহ'লে আমি ইয়াৰ বিৰুদ্ধে মাত মাতি যাম ।"

আনহাতে, এই সমগ্ৰ ঘটনাৰ বিষয়ে ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৰেহান তুৰ্কীয়ে কয়, "সংগঠনৰ নেতাসকলে আহি বেনাৰখন অসমীয়া ভাষাত লিখিবলৈ কয় আৰু কাইলৈ হ'ব বুলি কওঁ । মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৫ জন অনা অসমীয়া আৰু দুজন অসমীয়া কৰ্মচাৰী আছে ।"

লগতে পঢ়ক : অনা অসমীয়া প্ৰহাৰত আহত অসমীয়া যুৱক, আটক পিতা-পুত্ৰ - Assamese Non Assamese

লগতে পঢ়ক : সৰুপথাৰতো গঠন হ'ল ঐক্যমঞ্চ: ২৪ ঘণ্টাৰ সময়সীমা ধৰি দিলে কাক ? - SIGNBOARD IN ASSAMESE LANGUAGE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.