ETV Bharat / state

আমাক গুলীয়াই মাৰি পেলাওক, সমাধান একেবাৰেই হৈ যাব ! কোনে, কাক, কিয় ক'লে ?

বুঢ়াচাপৰি অভয়াৰণ্যৰ সীমাৰ বেৰ নিৰ্মাণক লৈ ৰাইজ আৰু বন বিভাগৰ মাজত খণ্ডযুদ্ধ । ইয়াৰ মাজতে গুলীয়াই মাৰিবলৈ বন বিভাগক আহ্বান একাংশৰ ।

solar fencing at Bura chapori
সীমান্তৰ বেৰ নিৰ্মাণক লৈ বুঢ়াচাপৰি অভয়াৰণ্যত উত্তেজনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 4:06 PM IST

নগাঁও: এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত বুঢ়াচাপৰি অভয়াৰণ্যৰ বৃহৎ ভূমি বেদখলমুক্ত কৰিলেও এতিয়াও বিতৰ্কৰ অন্ত পৰা নাই বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমিক লৈ । বিগত সময়ত বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ পাছত এইবাৰ অভয়াৰণ্যৰ ভূমিৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ।

বুঢ়াচাপৰি অভয়াৰণ্য়ৰ সীমাত সৌৰশক্তিৰ ফেঞ্চিং নিৰ্মাণ কৰিবলৈ বুধবাৰে বন বিভাগৰ এটা দল উপস্থিত হোৱাৰ পাছতেই সৃষ্টি হয় বিতৰ্কৰ । বন বিভাগৰ লোকে ফেঞ্চিং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তেই কলাডুবা অঞ্চলৰ একাংশ লোক উপস্থিত হৈ প্ৰথমে বন বিভাগৰ লোকক বাধা প্ৰদান কৰে । বন বিভাগৰ লোকে ফেঞ্চিং নিৰ্মাণ কৰা আৰু স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰাৰ খবৰ পোৱাৰ পাছতেই বুঢ়াচাপৰি অভয়াৰণ্য আৰু কলাডুবা অঞ্চলৰ সীমাত উপস্থিত হয় আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বিশাল দলৰ লগতে স্থানীয় বহু দল-সংগঠনৰ লোক ।

সীমান্তৰ বেৰ নিৰ্মাণক লৈ বুঢ়াচাপৰি অভয়াৰণ্যত উত্তেজনা (ETV Bharat Assam)

বন বিভাগৰ লোকে অভয়াৰণ্যৰ সীমাত বেৰ নিৰ্মাণ কৰাক লৈ কিছু উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় যদিও পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

স্থানীয় ৰাইজে কিয় প্ৰদান কৰিলে বাধা ?

বুঢ়াচাপৰি অভয়াৰণ্যৰ দুবৰামাৰীকে ধৰি কেবাটাও স্থানত এতিয়াও ঘৰ সাজি বসবাস কৰি আছে কেবাটাও পৰিয়ালে । প্ৰায় দুবছৰ পূৰ্বে বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত উচ্ছেদ হৈছিল যদিও দুবুৰামাৰীত বন বিভাগৰ লোক তথা প্ৰশাসনে উচ্ছেদ চলাবলৈ সক্ষম হোৱা নাছিল । তাৰ মূলতে আছিল অভয়াৰণ্যৰ ভূমিৰ সীমা নিৰ্ধাৰণ ।

বুঢ়াচাপৰি অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ কৰি ফেঞ্চিং বা বৈদ্যুতিক তাঁৰৰ বেৰৰ ব্যৱস্থা কৰিছিল বন বিভাগৰ লোকে । দিনদিয়েক পূৰ্বে অভয়াৰণ্যৰ সীমাত ফেঞ্চিং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সেয়া নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমাৰ বেৰ বুলিহে স্থানীয় ৰাইজক অৱগত কৰাৰ অভিযো়গ কৰে স্থানীয় ৰাইজে ।

উক্ত এলেকাত অভয়াৰণ্যৰ ভূমিৰ সীমা নিৰ্ধাৰণ অথবা সীমা সমস্যা সমাধান নোহোৱাৰ বাবেই ফেঞ্চিং নিৰ্মাণত বাধা প্ৰদান কৰা বুলি দাবী কৰে স্থানীয় লোকে ।

আমাক গুলীয়াই মাৰি পেলাওক ! কিয় ক'লে স্থানীয় লোকে ?

বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমিক লৈ দীৰ্ঘদিনে চলি অহা বিতৰ্কৰ আজিও অন্ত নপৰাত এফালে যেনেদৰে সমস্যাত পৰিছে স্থানীয় লোক, আনফালে বিপাঙত পৰিবলগীয়া হয় বন বিভাগৰ লোকো । বহু বছৰ ধৰি অভয়াৰণ্যৰ ভূমি বেদখল কৰি বসবাস কৰি অহা লোকক পুনৰ সংস্থাপন দি উচ্ছেদ কৰিবলৈ আহ্বান জনাই স্থানীয় লোকে । অন্যথা উচ্ছেদৰ পূৰ্বে সকলোকে গুলীয়াই মাৰিবলৈ বন বিভাগৰ লোকক আহ্বান জনাই একাংশই ।

পূৰ্বে হোৱা উচ্ছেদৰ বিতং তথ্য

বন বিভাগৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে বুঢ়াচাপৰিৰ মুঠ ২,০৯৯ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল । ইয়াৰে ১,২৮২ হেক্টৰ বনভূমিত উচ্ছেদ কৰাৰ লগতে ৮১৭ হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছিল বন বিভাগৰ লোকে । বিগত বৰ্ষলৈকে উচ্ছেদ কৰা স্থানত ১২,৭৬৫ টা পৰিয়ালে ২,৫৫৩ টা ঘৰ সাজি বেদখল কৰি আছিল ।

বুঢ়াচাপৰিৰ শিয়ালী, চিতলমাৰীকে ধৰি কেবাটাও স্থানত উচ্ছেদ কৰা হৈছিল যদিও দুই-এক স্থানত কৰিব পৰা নাছিল উচ্ছেদ অভিযান । যাৰ পৰিপ্ৰেক্ষিতত অভয়াৰণ্যৰ সীমাত বেৰ নিৰ্মাণ কৰি উচ্ছেদ চলোৱাৰ প্ৰস্তুতি চলাইছিল বন বিভাগৰ লোকে ।

কিন্তু অভয়াৰণ্যৰ সীমাত বেৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই পুনৰ বাধাৰ সন্মুখীন হোৱা বন বিভাগে পৰৱৰ্তী সময়ত অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব । অৱশ্যে সীমাৰ ফেঞ্চিং নিৰ্মাণ আৰু স্থানীয় লোকৰ বাধা সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই স্থানীয় বন বিভাগৰ লোকে ।

লগতে পঢ়ক :লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত পক্ষী গণনাৰ সন্তোষজনক ফলাফল
লগতে পঢ়ক :দীৰ্ঘদিনৰ পাছত লাওখোৱা, বুঢ়াচাপৰিত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.