ETV Bharat / state

নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ হাতত যৌন নিৰ্যাতনৰ বলি কিশোৰী - De addiction centre in Guwahati

De addiction centre in Guwahati: প্ৰকৃতাৰ্থত নিচামুক্তি কেন্দ্ৰত চলে কি ? নিচাৰ কৱলৰ পৰা মুক্তি পাবলৈ নিচামুক্তি কেন্দ্ৰত ভৰ্তি হোৱা যুৱতীসকল সুৰক্ষিত নে ? এইবাৰ নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হ'ল এক গুৰুতৰ অভিযোগ । নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি কিশোৰীয়ে তৰিলে গোচৰ ।

Teenage girl sexually assaulted by de-addiction centre staff in Guwahati
নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ হাতত যৌন নিৰ্যাতনৰ বলি কিশোৰী
author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 3:56 PM IST

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী: সততে বিতৰ্ক মাজত সোমাই পৰে মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহ । গুৱাহাটীকে ধৰি ৰ‍াজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা নিচামুক্তি কেন্দ্ৰসমূহৰ অৰাজক পৰিস্থিতিৰ কথা সময়ে সময়ে চৰ্চালৈ আহে । এইক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰো । পিছে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে মহানগৰীৰ আন এক নিচামুক্তি কেন্দ্ৰ ।

মহানগৰীৰ এটা নিচামুক্তি কেন্দ্রত সংঘটিত হোৱা ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । নিচামুক্তি কেন্দ্রটোত কিশোৰী-যুৱতীয়ে কৰ্মচাৰীৰ হাতত যৌন নির্যাতনৰ চিকাৰ হোৱা ঘটনা পোহৰলৈ আহিছে । মাদক দ্রব্য নিবাৰণ পৰিষদে বন্ধ কৰি দিয়া গুৱাহাটীৰ পীচ ৱেলনেছ চেন্টাৰ নামৰ নিচামুক্তি কেন্দ্রটোত সংঘটিত এক ভয়ংকৰ কাণ্ডই আচৰিত কৰি তুলিছে সচেতন ৰাইজক ।

নিচাৰ কবলৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ভর্তি হোৱা একাংশ কিশোৰী-যুৱতী এই কেন্দ্রটোৰ কৰ্মচাৰীৰ হাতত যৌন নির্যাতনৰ চিকাৰ হ'বলগা হোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰে এগৰাকী ভুক্তভোগী কিশোৰীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে 'পীচ ৱেলনেছ চেন্টাৰ'ৰ এজন কর্মচাৰীক গ্রেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে । অভিযুক্তজনৰ নাম ভার্গৱ গিৰি । শুকুৰবাৰে নিশা জাপৰিগোগত অভিযান চলাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ভার্গৱ গিৰিক ।

অভিযোগ অনুসৰি ধৃত ভার্গৱ গিৰিয়ে কেন্দ্রটোৰ এগৰাকী কিশোৰীক বহুদিন ধৰি যৌন নির্যাতন চলাইছিল । এই বিষয়ে কোনো লোকক জনালে কিশোৰীগৰাকীক অভিযুক্তই ভয়ংকৰ শাস্তি দিয়াৰ ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন হৈছে । কিন্তু বৃহস্পতিবাৰে নিচামুক্তি কেন্দ্রটো মাদক দ্রব্য নিবাৰণ পৰিষদে বন্ধ কৰি দিয়াৰ পিচতে শুকুৰবাৰে ভুক্তভোগী কিশোৰীগৰাকীয়ে তেওঁৰ ওপৰত চলা যৌন নির্যাতনৰ ঘটনাক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ।

ইয়াৰ পিচতে আৰক্ষীয়ে তাৎক্ষণিকভাবে গোচৰ ৰুজু কৰি ভার্গৱ গিৰিক গ্রেপ্তাৰ কৰাৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰায় । উল্লেখ্য যে গুৱাহাটীৰ পীচ ৱেলনেছ চেন্টাৰ নামৰ নিচামুক্তি কেন্দ্রটোৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ তদন্তৰ পিচত দিছপুৰ আৰক্ষীৰ সহযোগত ৰাজ্যিক মাদক দ্রব্য নিবাৰণ পৰিষদে তলা ওলোমাই দিয়ে ।

লগতে পঢ়ক: এসময়ৰ নিচাসক্ত যুৱকে নিজৰ প্ৰচেষ্টাৰে মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.