ETV Bharat / state

ইটোৰ পিচত সিটো কিশোৰী ধৰ্ষণৰ ঘটনা : ঠেলামৰাত অভিযুক্তক গ্ৰেপ্তাৰ - Rape Case

Rape case in Sonitpur : ইটোৰ পিচত সিটো ধৰ্ষণকাণ্ডই জোকাৰি গৈছে শোণিতপুৰ ৷ ধৰ্ষণৰ বলি হৈছে স্কুলীয়া ছাত্ৰী ৷ বৃহস্পতিবাৰেও ঠেলামৰাত সংঘটিত হ’ল জঘন্য কাণ্ড ৷ আৰক্ষীৰ জালত পৰিছে অভিযুক্ত ৷

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:56 PM IST

Rape case in Sonitpur
ধৰ্ষণকাণ্ডক লৈ প্ৰতিবাদমুখৰ ঠেলামৰা (ETV Bharat Assam)

তেজপুৰ, ২৭ জুন : শোণিতপুৰৰ মাজবাট, ঢেকীয়াজুলিত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে ৷ তেনে সময়তে জিলাখনৰ ঠেলামৰা অঞ্চলত সংঘটিত আন এক ধৰ্ষণৰ ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উত্তেজনাময় পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাত শোণিতপুৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত বিপুল সংখ্যক আৰক্ষীৰ মোতায়েন কৰিবলগীয়া হয় ঠেলামৰাত ৷

উত্থাপিত অভিযোগ অনুসৰি বৃহস্পতিবাৰে আনাৰুল খান নামৰ এজন যুৱকে ঠেলামৰা তেলীয়া গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক হাতত ধৰি জংঘলৰ মাজলৈ নি শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলায় ৷ ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকজন পলাই যায় ৷ লগেলগে স্থানীয় ৰাইজৰ উপস্থিতিত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আনাৰুল নামৰ লোকজনে কিশোৰীগৰাকীক ধৰ্ষণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে জনোৱা মতে ছাত্ৰীগৰাকীৰ তৰফৰ পৰা বিয়লি ঘটনা সন্দৰ্ভত অৱগত কৰোৱা হয় আৰু আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: সাত বছৰীয়া নাবালিকাৰ ধৰ্ষণ তথা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে

ইয়াৰ পিচতে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ঘটনাৰ সংক্ৰান্তত গাঁৱৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰি ঠেলামৰা আৰক্ষী থানা ঘেৰাও কৰে । বৃহস্পতিবাৰে বিয়লি ঠেলামৰা অঞ্চলত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিচতে ক্ষোভিত জনসাধাৰণে ঠেলামৰা আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ই টিভি ভাৰতক জনাই যে ইতিমধ্যে অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।

উল্লেখযোগ্য যে, ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ পিচত অভিযুক্তই পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলগীয়া হৈছিল আৰক্ষীয়ে । ইয়াৰ পিচতে ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত অৰুণ চাহ বাগিচাত সংঘটিত হয় আন এটা ধৰ্ষণৰ ঘটনা ৷ অৰুণ চাহ বাগিচাৰ মাজত দশম শ্ৰেণীৰ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীক এটা নৰপিশাচে ধৰ্ষণ কৰি পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷

লগতে পঢ়ক: ককাদেউতাকৰ কামনাৰ বলি বিশেষভাৱে সক্ষম নাতিনী

ঘটনাৰ বিৱৰণী অনুসৰি ২৪ জুনৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত টিউশ্যনৰ পৰা উভতি অহাৰ পথত দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীৰ লগতে এই ঘটনা সংঘটিত হয় ৷ চাইকেলৰ পৰা বলপূৰ্বকভাৱে কিশোৰীগৰাকীক নমাই অৰুণ চাহ বাগিচাৰ মাজলৈ টানি নি এই জঘন্য কাণ্ড সংঘটিত কৰে ঢেকিয়াজুলিৰ ১ নং পলাশবস্তি গাঁৱৰ ছহিদুল ইছলাম নামৰ পাষণ্ড এটাই ৷ ইতিমধ্যে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ধৰ্ষণকাৰী ছহিদুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

এই দুই ঘটনাৰ পিচত বৃহস্পতিবাৰে পুৱা শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ আন এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: প্ৰথমে কিশোৰীক ধৰ্ষণ, তাৰ পাচত গাঁৱৰ যুৱকক হত্যা; ন্যায়ৰ দাবীত জ্বলিছে ধেমাজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.