ETV Bharat / state

কৃত্ৰিম বানৰ মাজতে ডিব্ৰুগড়ত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ'ল শিক্ষকৰ - Floods in Dibrugarh

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:26 PM IST

Sampoorna Kendra Vidyalaya : কৃত্ৰিম বানৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ ডিব্ৰুগড়ত এগৰাকী শিক্ষকৰ মৃত্যু ৷ ডিব্ৰুগড়ৰ সম্পূৰ্ণা কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হ'ল এই অঘটন ৷

TEACHER DIES OF ELECTROCUTION
সম্পূৰ্ণা কেন্দ্ৰীয় বিদ্যালয়ত অঘটন (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 30 জুন : কৃত্ৰিম বানৰ মাজতে ডিব্ৰুগড়ত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা ৷ ডিব্ৰুগড়ৰ সম্পূৰ্ণা কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হ'ল অঘটন ৷ বিদ্যুৎস্পৃষ্ট হৈ বিদ্যালয়খনৰ এজন শিক্ষকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে নিহত শিক্ষকগৰাকী মাজুলীৰ প্ৰণৱ গৰে ৷ কৃত্ৰিম বানৰ বাবে পানী সোমোৱাৰ ফলত ইনভাৰ্টাৰৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ শিক্ষকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ বিদ্যালয়ৰ চৌহদত থকা হোষ্টেলৰ ৱাৰ্ডেন আছিল তেওঁ ৷

ডিব্ৰুগড়ত বিদ্যুতস্পৃষ্ট হৈ শিক্ষকৰ মৃত্যু (ETV BHARAT ASSAM)

হোষ্টেলটোত পানী সোমোৱাত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু হয় শিক্ষকজনৰ ৷ ঘটনাৰ পাচতে শিক্ষকজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ উল্লেখযোগ্য যে, ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে চাৰিটা দিনেই পানীৰ তলত আছে চহৰখন ৷ কৃত্ৰিম বানে জলা-কলা খোৱাইছে চহৰবাসীক ৷ চহৰখনৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে এতিয়া পানীৰ তলত ৷ আনকি দুটা দিনে ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী ৷

কেৱল সেইয়াই নহয়, ডিব্ৰুগড়ৰ বিভিন্ন বিভাগীয় চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সোমাল কৃত্ৰিম বান ৷ বিভিন্ন বিদ্যালয়, সামাজিক বনানীকৰণ বন সংমণ্ডলৰ কাৰ্যালয়, ডিব্ৰুগড় আদালত চৌহদ, পুলিচ ৰিজাৰ্ভ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়কে ধৰি ডিব্ৰুগড়ৰ মূল পথ সমূহত একাঁঠু পৰ্যন্ত পানী ৷ ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিক লৈ অসহায় ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন ৷ ইয়াৰ মাজতে আজি শিক্ষকজনৰ মৃত্যু হোৱা ঘটনাই জিলাখনত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ৷ কৃত্ৰিম বানৰ পৰিস্থিতি উন্নত নহ'লে এনেধৰণৰ ভয়ংকৰ ঘটনা ডিব্ৰুগড়ত পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

লগতে পঢ়ক : চিয়াং নদীত ডুব গ’ল SDRF ৰ ৰবৰ ব’ট; বিষয়াসহ 9 গৰাকী জোৱানৰ কোনোমতে প্ৰাণৰক্ষা - SDRF rubber boat sinks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.