ETV Bharat / state

গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উচ্চতাৰ গণেশৰ মূৰ্তি - Lord Ganesha large idol

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 9:11 PM IST

Lord Ganeshas 40 feet tall idol: গণেশ পূজাক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে অসমতো উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বৃহত্তম গণেশৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে ৷ কলকাতাৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰিছে গণেশৰ এই বৃহদাকাৰ প্ৰতিমূৰ্তিটো ৷ ক’ত আৰু কোনে প্ৰস্তুত কৰিছে এই প্ৰতিমূৰ্তিটো, জানিবলৈ পঢ়ক...

Lord Ganeshas 40 feet tall idol
গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উচ্চতাৰ গণেশৰ মূৰ্তি (ETV Bharat Assam)

গুৱাহাটী,২ ছেপ্টেম্বৰ: গণেশ চতুৰ্থীলৈ মাজত মাথো কেইদিনমান দিন বাকী । গণেশ পূজাক কেন্দ্ৰ কৰি দেশজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্ৰম নহয় । গণেশ চতুৰ্থী উপলক্ষে গুৱাহাটী মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বৃহত্তম গণেশৰ মূৰ্তি সজাত ব্যস্ত হৈ পৰিছে কেইগৰাকীমান মৃৎশিল্পী ।

গণেশৰ ৪০ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ :

মহানগৰীৰ ফটাশিলৰ ড৹ বি আৰ আম্বেদকাৰ পথত সাজি উলিওৱা হৈছে গণেশৰ ৪০ ফুট উচ্চতাৰ মূৰ্তিটো । তেলুগু এছ’চিয়েচন আৰু ড৹ বি আৰ আম্বেদকাৰ য়ুথ ক্লাৱৰ উদ্যোগত মৃৎশিল্পীসকলে বিগত ২০ দিন ধৰি গণেশৰ এই বৃহদাকাৰ মূৰ্তিটো নিৰ্মাণত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক: গণেশ বন্দনাৰে মুখৰিত মহানগৰী

কলকাতাৰ পৰা আহিছে মৃৎশিল্পী :

মূৰ্তিটো নিৰ্মাণৰ বাবে কলকাতাৰ পৰা ১০ গৰাকী মৃৎশিল্পীক অনা হৈছে ৷ পূৰ্বে ৩৫ ফুট ওখ মূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা আছিল যদিও মূৰ্তিটো বনাওতে ৪০ ফুট ওখ হৈছে । মৃৎশিল্পী সঞ্জীৱ পালে কয়, "বিগত বৰ্ষত ৩০ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি বনাইছিলো । এইবাৰ ৪০ ফুট উচ্চতাৰ বনোৱা হৈছে । বহু প্ৰত্যাহ্বানৰ মাজেৰে এই মূৰ্তিটো বনাইছো । মূৰ্তিটো নিৰ্মাণ কৰোতে খেৰ, কাঁঠ, বাঁহ, মাটিৰ প্ৰয়োজন হৈছে । নিৰ্মাণত ব্যৱহাৰ কৰা সকলোবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে । ২ লাখ ৭৫ হাজাৰ টকা ব্যয় সাপেক্ষে গণেশৰ মূৰ্তিটো নিৰ্মাণ কৰি উলিওৱা হৈছে ।"

অসমীয়া আৰু দক্ষিণ ভাৰতীয় সংস্কৃতিৰ সংমিশ্ৰণত হ’ব পূজা :

প্ৰায় ১২ লাখ টকাৰ বাজেটেৰে এই পূজাভাগৰ আয়োজন কৰা হৈছে । উক্ত পূজাস্থলী আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ কথা জানিবলৈ দিয়ে তেলুগু এছ’চিয়েচন আৰু ড৹ বি আৰ আম্বেদকাৰ য়ুথ ক্লাৱৰ উদ্যোক্তাসকলে ৷

ড৹ বি আৰ আম্বেদকাৰ য়ুথ ক্লাৱ উপদেষ্টা গোবিন্দ ৰাওৱে কয়, "৭ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে । অসমীয়া আৰু দক্ষিণ ভাৰতীয় সংস্কৃতি মিলাই পূজা কৰা হ'ব । ৩০ কিলোগ্ৰামৰ লাড়ু প্ৰসাদ হিচাপে গণেশক আগবঢ়োৱা হ'ব । পূজাৰ শেষত লাড়ুটো নিলাম কৰা হ’ব ।"

লগতে পঢ়ক: নাৰেংগী গণেশ মন্দিৰত সিদ্ধিদাতাক আৰাধনা; ১০ সহস্ৰাধিক ভক্তক ভোগ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.