ETV Bharat / state

দুলুং সংৰক্ষিত বনাঞ্চলত ৬ কুইণ্টল ওজনৰ দুটা বোমা উদ্ধাৰ; অসম-অৰুণাচল সীমান্তত উত্তেজনা - Bomb recovered

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 2:01 PM IST

Bomb recovered: দুলুং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হোৱা বোমা দুটা বায়ু সেনাৰ বুলি সন্দেহ কৰা হৈছে । বহু বছৰ ধৰি নৈত পৰি আছিল বোমা কেইটা । বোমা নিষ্ক্ৰিয় কৰাৰ প্ৰচেষ্টা অব্যাহত ।

Bomb recovered
দুলুং সংৰক্ষিত বনাঞ্চলত ৬ কুইণ্টল ওজনৰ দুটা বোমা উদ্ধাৰ (ETV Bharat)

লখিমপুৰ, ২৩ আগষ্ট : লখিমপুৰৰ দুলুং বনাঞ্চলত দুটাকৈ সন্দেহজনক বোমা উদ্ধাৰ হৈছে । যাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । সাধাৰণ বোমা নহয়, দুয়োটা বোমাৰ ওজন প্ৰায় ৬ কুইণ্টল । অৱশ্যে এয়া আলফাই সংস্থাপন কৰা বোমা নহয় !

৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ

এই বোমা দুটা ভাৰতীয় বায়ু সেনাই নিক্ষেপ কৰা বুলি অনুমান কৰা হৈছে । সামৰিক অনুশীলনৰ সময়ত ভাৰতীয় বায়ু সেনাই নিক্ষেপ কৰা বোমা দুটা নুফুটাকৈয়ে নৈৰ বুকুত আছে । বহু বছৰ ধৰি নৈৰ বুকুতে আছে বোমাকেইটা । কিন্তু বোমাকেইটা কিমান সক্ৰিয় সেয়া এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই । অসম-অৰুণাচল সীমান্তৰ দুলুঙত উদ্ধাৰ হোৱা বোমা দুটাৰ ওজন প্ৰায় ৬ কুইণ্টল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনা আলফা স্বাধীনে ৰাজ্যজুৰি সংস্থাপন কৰা বোমাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে । আলফাই দাবী কৰা ধৰণে লখিমপুৰত সংস্থাপন কৰা ৩ টা বোমাৰ এটা আজি পৰ্যন্ত উদ্ধাৰ হোৱা নাই । এনে সময়তে পুনৰ দুটা অতি শক্তিশালী বোমা উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ।

বায়ু সেনাৰ বোমা নেকি

সূত্ৰৰ মতে এই বোমা দুটা ভাৰতীয় বায়ু সেনাই নিক্ষেপ কৰিছিল । লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া অৰুণাচলতো ইয়াক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে । দুলুং সংৰক্ষিত বনাঞ্চলৰ সমীপৰ অসম-অৰুণাচল সীমান্তৰ দুলুং নদীত বৃহস্পতিবাৰে ৰাইজে প্ৰত্যক্ষ কৰে বোমা দুটা । পানীত উদ্ধাৰ বোমা দুটাৰ ভিতৰত এটাৰ ওজন ৫০০ কিঃগ্ৰাঃ আৰু আনটোৰ ১০০ কিঃগ্ৰাঃ হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে উক্ত বনাঞ্চলৰ মাজত আছে ভাৰতীয় বায়ু সেনাৰ সামৰিক অনুশীলন ক্ষেত্ৰ । বায়ুসেনাৰ বোম্বিং ৰেঞ্জৰ সমীপতে শক্তিশালী বোমা দুটা প্ৰত্যক্ষ কৰি ৰাইজে লখিমপুৰ জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনক খবৰ দিয়ে । লগে লগে লখিমপুৰ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসহ আৰক্ষী আৰু অৰুণাচল আৰক্ষী তথা বায়ুসেনা বাহিনীৰ লোকসকল সেই স্থানত উপস্থিত হয় । বোমাটো নিষ্ক্ৰিয় কৰাৰ পদক্ষেপ লোৱা হয় যদিও দলটো সফল নহ'ল ।

জানিব পৰা মতে বায়ুসেনা বাহিনীয়ে প্ৰায় ২৫ বছৰ পূৰ্বে পৰীক্ষা কৰিবলৈ নিক্ষেপ কৰিছিল ৫০০ কিঃগ্ৰাঃ ওজনৰ এয়াৰক্ৰাফ্ট বোমাটো । যিটো তেনেদৰে ভয়ংকৰভাৱে নৈ পৰি আছে । আনহাতে ১০০ কিঃগ্ৰাঃ ওজনৰ বোমাটো ৮ বছৰ ধৰি সক্ৰিয় অৱস্থাত নদীতেই পৰি আছিল আৰু নদীৰ গভীৰতাত থকাৰ বাবেহে ইমান দিনে বিস্ফোৰণ নোহোৱাকৈ আছিল বুলি বহুতে দাবী কৰে । এনে পৰিস্থিতিত বনাঞ্চলৰ জীৱ-জন্তু আৰু স্থানীয় লোকসকল ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ।

বিশেষজ্ঞসকলে অনুমান কৰা মতে বোমা দুটা যদি বিস্ফোৰণ হ'লহেঁতেন তেন্তে প্ৰায় ৩ কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চল ক্ষতিসাধন হ'লহেঁতেন । একেদৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈয়ো ভাবুকি অহাৰ সম্ভাৱানা আছিল । শুকুৰবাৰে গুৱাহাটীৰ পৰা বোমা বিশেষজ্ঞৰ এটা দল সেই স্থানলৈ যোৱাৰ সম্ভাৱনা আছে । তেওঁলোকে বোমা দুটা নিষ্ক্ৰিয় কৰাৰ চেষ্টা চলাব ।

লগতে পঢ়ক :আকৌ ধৰ্ষণৰ বলি দেশৰ কন্যা: তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গ’ল নাবালিকাক - Dhing Minor rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.