ETV Bharat / state

মটৰ শ্ৰমিকৰ ধৰ্মঘটলৈ সমৰ্থন কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ - Transport Workers Strike

Motor workers strike: হিট এণ্ড ৰাণ আইন বাতিলৰ দাবীত ১৫ ফেব্ৰুৱাৰীত মটৰ শ্ৰমিক সকলৰ যৌথ মঞ্চৰ ২৪ ঘণ্টীয়া ধৰ্মঘটলৈ নৈতিক সমৰ্থন কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ । ৬ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে ক্ষেত্ৰ ভিত্তিক শ্ৰমিক ধৰ্মঘট আৰু ভাৰত বন্ধৰ আহ্বান কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন তথা কৃষক সংগঠনসমূহৰ ।

Support for motor workers strike
মটৰ শ্ৰমিকৰ ধৰ্মঘটলৈ সমৰ্থন কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ
author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 9:12 AM IST

মটৰ শ্ৰমিকৰ ধৰ্মঘটলৈ সমৰ্থন কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ

ডিফু, ১৪ ফেব্ৰুৱাৰী: হিট এণ্ড ৰাণ আইন বাতিলৰ দাবীত ১৫ ফেব্ৰুৱাৰীত মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চৰ ২৪ ঘণ্টীয়া ধৰ্মঘটলৈ এক সংবাদমেলযোগে নৈতিক সমৰ্থন আগবঢ়াই কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন তথা কৃষক সংগঠনসমূহে যৌথভাৱে বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক কৰ্মচাৰী বিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লক্ষ্য লৈ অহা ১৬ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে ক্ষেত্ৰভিত্তিক শ্ৰমিক ধৰ্মঘট আৰু ভাৰত বন্ধৰ আহ্বান জনায় ।

১৬ ফেব্ৰুৱাৰীৰ পৰা অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ বাবে ১৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অহা ১৫ ফেব্ৰুৱাৰীত এই বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে । শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে মটৰ পৰিবহন চালকসকলৰ ওপৰত এক নিৰ্মম আইন জাপি দিছে ।

ভাৰতীয় ন্যায় সংহিতাত হিট এণ্ড ৰাণ এক বিশেষ ধাৰা সংযোগ কৰিছে । যিখন আইন ৰূপায়ণ হ'লে যিকোনো মটৰ দুঘটনা হ'লে চালকজনে জেললৈয়ো যাব লাগিব আৰু জৰিমণাও ভৰিব লাগিব । সেয়ে মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চ অসমে ১৫ ফেব্ৰুৱাৰীত উক্ত বন্ধৰ প্ৰতি সমৰ্থন জনাই ২৪ ঘণ্টীয়া ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চ অসমৰ লগত সংগতি ৰাখি কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থায়ো উক্ত ধৰ্মঘটৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াব বুলি কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি আব্দুল নুৰ আৰু ভাৰপ্ৰাপ্ত সম্পাদক হৰি থাউচেনে জানিবলৈ দিয়ে ৷

ধৰ্মঘটৰ সময়চোৱাত চিকিৎসা, পানী, গাখীৰ, বাতৰি কাকত, আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিছে নেতাদ্বয়ে ৷ আনহাতে সকলো মটৰ শ্ৰমিক আৰু চালকসকলক শান্তিপূৰ্ণভাৱে উক্ত ধৰ্মঘট পালন কৰাৰ বাবে আহ্বান জনাইছে নেতাদ্বয়ে ৷ লগতে মটৰ শ্ৰমিক আৰু চালকসকলৰ ভৱিষ্যত সুৰক্ষা সুনিশ্চিত কৰিবলৈ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাই সভাপতি, সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক: চৰকাৰী পৃষ্ঠপোষকতাত চলিছে প্ৰশ্নকাকত ফাদিল কাৰ্য : কৃষক মুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.