ETV Bharat / state

জৰাজীৰ্ণ ভাৰাঘৰত জোনাইৰ মহকুমা পুথিভঁৰাল কাৰ্যালয় - Jonai Sub Divisional Library

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 9:37 PM IST

Sub Divisional Library in Jonai : অসমৰ বহু ঠাইত নামতহে চৰকাৰী কাৰ্যালয় আছে । এইবোৰ চৰকাৰী কাৰ্যালয় যদিও ভূত বাংলাতহে পৰিণত হৈছে । একমাত্ৰ চৰকাৰৰ অৱহেলাৰ বাবেই বহু চৰকাৰী কাৰ্যালয় বা প্ৰতিষ্ঠান সম্প্ৰতি জৰাজীৰ্ণ হৈছে । জোনাইত চৰকাৰৰ আন এক অৱহেলাৰ তথ্য পোহৰলৈ আহিছে ।

Sub Divisional Library in Jonai
জোনাই মহকুমা পুথিভঁৰাল (ETV Bharat Assam)

জোনাই, ২৮ জুলাই: ধেমাজি জিলাৰ জোনাইৰ অতি গুৰুত্বপূৰ্ণ জোনাই মহকুমা পুথিভঁৰাল কাৰ্যালয়ৰ অৱস্থাই ৰাইজৰ চকু কপালত তুলিছে । মহকুমা পুথিভঁৰাল কাৰ্যালয়টোৰ নিজৰ স্থায়ী গৃহ নথকাৰ বাবে বছৰ বছৰ ধৰি এটা ভাৰাঘৰত চলি আহিছে । এইদৰে দীৰ্ঘদিন ধৰি ভাৰাঘৰত কাৰ্যালয়ৰ কাম-কাজ চলাই নিয়াত কৰ্মচাৰী সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

বৰষুণত নষ্ট হৈছে কিতাপ :

পকীঘৰত জোনাই মহকুমা পুথিভঁৰালৰ কাৰ্যালয়টো আছে যদিও এজাক বৰষুণ দিলেই চাদৰ পৰা পানী সোমায় । এই প্ৰসংগত কাৰ্যালয় কৰ্তৃপক্ষই কয়," ঘৰৰ ভিতৰৰ বিভিন্ন অংশত এজাক বৰষুণ দিলেই পানী পৰাত কাৰ্যালয়টোৰ বহুতো প্ৰয়োজনীয় নথি পত্ৰ বিনষ্ট হৈছে । ভাৰাঘৰটো প্ৰয়োজনতকৈ বহু সৰু হোৱাত চৰকাৰে যোগান ধৰা কিতাপ, সামগ্ৰী ৰাখিবলৈ ঠাই নোহোৱা হৈছে । তদুপৰি ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ পঢ়া কোঠাৰ অভাৱ হৈছে ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে এদিন বা দুদিন অহাৰ পিচতেই অসুবিধাৰ সন্মুখীন হোৱা বাবে পিচত আৰু আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে ।"

নিৰ্মিত পুথিভঁৰাল কাৰ্যালয় আজিও নহ'ল মুকলি :

ইফালে, বিগত কিছু বছৰ পূৰ্বেই জোনাই মহকুমা পুথিভঁৰাল কাৰ্যালয়টো মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে যদিও গৃহটো ব্যৱহাৰৰ অনুপযোগী হোৱাত আজিও ভাৰাঘৰতে আছে মহকুমা পুথিভৰাঁলটো ৷ কেইবা লাখ টকাৰে নিৰ্মাণ কৰা ৰাজহুৱা সম্পদবোৰৰ প্ৰতি চৰকাৰ তথা জোনাই মহকুমা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়া বাবে একাংশ ৰাজহুৱা সম্পত্তি ভূত বাংলালৈ পৰিণত হৈছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই এই প্ৰসংগত কয়," লাখ লাখ টকা ব্য়য় কৰি জোনাই মহকুমা পুথিভঁৰাল কাৰ্যালয়টো মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল যদিও কি কাৰণত আজিও ভাৰাঘৰতে থাকিবলগীয়া হৈছে সেয়াও তাত সন্দেহৰ অৱকাশ ঘটিছে

লগতে পঢ়ক:কিতাপৰ সুগন্ধি বিলোৱাৰ প্ৰয়াস কলিয়াবৰ মহকুমা পুথিভঁৰালৰ

জোনাইৰ শিক্ষাখণ্ডত চৰম দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.