ETV Bharat / state

বিদ্যালয়ৰ সাজেৰে আঘোণৰ পথাৰত দাৱনীৰ ৰূপত এজাক শিক্ষাৰ্থী

আঘোণ মানেই লেছেৰি বুটলি আত্মহাৰা হোৱাৰ বতৰ ৷ নৰাপেঁপা বজাই আনন্দ কৰাৰ বতৰ ৷ পথাৰত ৰবাব টেঙাৰ সোৱাদ লোৱাৰ বতৰ ।

Students Busy in Rice Harvesting
আঘোণ মানেই লেছেৰি বুটলি আত্মহাৰা হোৱাৰ বতৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 9 hours ago

মাজুলী: আঘোণ মানেই সোণগুটি চপোৱাৰ বতৰ । সোণালী হৈ জিলিকি উঠিছে আঘোণৰ পথাৰ ৷ আঘোণৰ ভৰপূৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক-দাৱনী ৷

প্ৰতিজন চহা কৃষকে এতিয়া পুৱাৰে পৰাই ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷ কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাইছে পথাৰ । বাদ পৰি যোৱা নাই শিক্ষাৰ্থী ।

আঘোণ মানেই লেছেৰি বুটলি আত্মহাৰা হোৱাৰ বতৰ (ETV Bharat Assam)

মাজুলীৰ এই সোণোৱালী পথাৰত এইবাৰ নামিল বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী । নিজৰ পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে চিনাকী কৰাই দিয়াৰ উদ্দেশ্য আজি বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলক নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আঘোণৰ পথাৰলৈ লৈ যায় । আঘোণৰ পথাৰত ছাত্ৰ-ছাত্ৰীসকলে মুকলি মনেৰে সময় অতিবাহিত কৰিবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰে । ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে লেচেৰী বুটলিবলৈ দি সাতাম পুৰুষীয়া লেচেৰী বুটলা পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

আঘোণৰ পথাৰত নৰাপেঁপা সাজি, নৰাপেঁপা বজাই বিহুগীত পৰিৱেশন কৰি গোটেই পথাৰখনেই আনন্দমুখৰ কৰি তোলে । একেদৰে বিদ্যালয়ৰ সন্মুখৰ পথাৰত দাৱনীসকলৰ লগত ছাত্ৰ-ছাত্ৰীসকলকো ধান দাবলৈ শিকোৱা হয় । উল্লেখ্য যে সদাব্যস্ত দৈনন্দিন জীৱনত পৰিয়ালৰ সকলো সদস্যই ঘড়ীৰ কাটাৰ লগত দৌৰি থাকিবলৈ বাধ্য হয় ৷ যাৰ ফলত নতুন প্ৰজন্মই সমাজত প্ৰচলিত বহু পৰম্পৰাৰ পৰা আঁতৰত অৱস্থান কৰিব লগা হয় ৷ আনকি বহু পৰম্পৰা সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে ।

এনে সময়ত উক্ত বিদ্যালয়খনে লোৱা এই পদক্ষেপ সঁচাই প্ৰশংসনীয় । বিদ্যালয়ৰ এনে কাৰ্যসূচীয়ে অসমীয়া সমাজৰ প্ৰচলিত বহু ব্যৱস্থা ধৰি ৰখাত তথা নতুন প্ৰজন্মক ইয়াৰ সৈতে জড়িত কৰোৱাত সহায় কৰিব বুলি মন্তব্য় কৰিছে শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য্য়গৰাকীয়ে ।

লগতে পঢ়ক:এইবাৰ আঘোণ সোণোৱালী নহ'ল খোৱাঙৰ কৃষকৰ

পথাৰৰ সোণগুটি আদৰাৰ পৰম্পৰাগত পানীতোলা সবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.