ETV Bharat / state

NEET-UGC NET, সমৰ্থ পৰ্টেলৰ বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ - NEET UG 2024 row

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:28 PM IST

NEET UG 2024 row: NEET আৰু UGC-NET পৰীক্ষা আৰু সমৰ্থ পৰ্টেলৰ বিসংগতি বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷ শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে পৃথকে পৃথকে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

NEET UG 2024 row
ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ (Etv Bharat Assam)

নিউজ ডেস্ক, ২২ জুন: NEET আৰু UGC-NET পৰীক্ষাত ভয়াবহ দুৰ্নীতি, বিসংগতিৰ লগতে সামৰ্থ পৰ্টেলৰ জৰিয়তে মহাবিদ্যালয়ৰ নামভৰ্তিত হোৱা ব্যাপক বিসংগতি, শৈক্ষিক অনিয়মৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনৰ আহ্বানমৰ্মে জিলা ছাত্ৰ সংগঠনসমূহে প্ৰতিখন জিলাৰ সদৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

ধেমাজি, মঙলদৈ, ধুবুৰী, নলবাৰী, গোলাঘাট, নগাঁও, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, ধেমাজিকে ধৰি বিভিন্ন জিলাত ছাত্ৰ সংগঠনৰ নেতৃত্বই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে জিলা সদৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি শিক্ষা বিভাগ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, ধৰ্মেন্দ্ৰ প্ৰধান মুৰ্দাবাদ, ৰণোজ পেগুৰ কাম নাই, বিজেপি লেইলেই ছেইছেই, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব আদি বিভিন্ন চৰকাৰবিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal

তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কোনো কাৰণত মানি লোৱা নহ'ব বুলি উল্লেখ কৰি কয় যে, বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰাৰ পাচত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সেই পৰীক্ষা পৰবৰ্তী সময়ত বাতিল কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰাৰ লগতে পৰীক্ষা ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলায় । প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি তেওঁলোকক ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰো দাবী উত্থাপন কৰে ৷

ইফালে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হায় হায়, পৰীক্ষাৰ নামত ল'ৰা ধেমালি বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে । তেওঁলোকৰ এই প্ৰতিবাদ সাব্যস্ত কৰা সময়তে আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাসহ কেইবাগৰাকী সদস্যক প্ৰতিবাদস্থলীৰ পৰাই আটক কৰে ৷

লগতে পঢ়ক: নীট ইউজিক লৈ বিতৰ্ক: এইবাৰ বাতিল হ’ল এন টি এৰ এন চি ই টি 2024 - NCET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.