ETV Bharat / state

মাতৃলৈ আবেগ ভৰা পত্ৰ লিখি চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া - Youth Commited Suicide

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 2:16 PM IST

Youth Commited Suicide in Silchar : এজন মেধাবী ছাত্ৰই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ? হতাশা নে আন কোনো কাৰণত কৰিলে আত্মহত্য়া ? নাই কাৰো ওচৰত উত্তৰ ।

Youth Commited Suicide in Silchar
চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া (ETV Bharat Assam)

শিলচৰ , ৪ ছেপ্টেম্বৰ: এখন আবেগ ভৰা পত্ৰ । পত্ৰখনত আছে এজন পুত্ৰই মাতৃলৈ লিখা কেইটিমান আবেগ সনা শব্দ । যেন মমতাময়ী মাতৃৰ ওচৰৰ পৰা চিৰবিদায় লোৱাৰ শব্দ । এই পত্ৰখনতেই আছে হতাশাই প্ৰাণ কাঢ়ি নিয়া এজন যুৱকৰ মনৰ কথা । মনৰ কোনোবা এটা কোনত থূপখাই থকা কথাবোৰ ক'ব খুজিও যেন ক'ব নোৱৰা এক অৱস্থা । মাতৃলৈ লিখা এই পত্ৰখনৰ পিচতেই সংসাৰৰ মায়া এৰি অজান দেশলৈ গুচি গ'ল এজন মেধাবী ছাত্ৰ ।

শিলচৰ চিকিৎসা মহাবিদ্য়ালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ বিপ্রোজিৎ কৰে মঙলবাৰে নিশা নিজ ঘৰতেই আত্মহত্য়া কৰে । যোৱা নিশা ১০ বজাত ৰে'লেৰে বেংগালুৰুলৈ যোৱাৰ কথা আছিলে বিপ্ৰোজিতৰ । কিন্তু ইয়াৰ পূৰ্বে নিশা প্ৰায় ৯ টা বজাত তেওঁ মাকক ঘৰৰ বাহিৰলৈ কিবা কামৰ বাবে ওলাই যাব বুলি কয় । মাতৃয়েও বিশেষ নাভাবিলে । পুত্ৰই ঘৰৰ বাহিৰলৈ যোৱা বুলি প্ৰথমতে ভাবিছিল যদিও বিপ্রোজিতৰ কোঠাৰ দুৱাৰ বন্ধ কৰা দেখি পুত্ৰক মাতিবলৈ ধৰে । কিন্তু পুত্ৰৰ পৰা কোনো সঁহাৰি নোপোৱাত দুৱাৰত ঢকিয়াবলৈ ধৰে ।

বিপ্ৰোজিৎ মাতৃয়ে চিঞৰবাখৰ কৰাত প্ৰতিবেশী উপস্থিত হৈ দুৱাৰ ভাঙি প্ৰত্যক্ষ কৰে যে বিপ্ৰোজিতৰ মৃতদেহ ডিঙিত চিপলৈ থকা অবস্থাত ওলমি আছে । নিশা ১০ বজাত ৰে'লেৰে বেংগালুৰুলৈ যোৱাৰ বাবে সাজু হোৱা যুৱকজনে হঠাতে কিয় এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া জানিব পৰা হোৱা নাই । ইপিনে, ঘটনাৰ খবৰ পোৱাৰ পিচতেই নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰে ।

  • আত্মহত্য়াৰ টোকা উদ্ধাৰ

বিপ্ৰোজিৎৰ মৃতদেহৰ ওচৰত উদ্ধাৰ হৈছে এখন আত্মহত্য়াৰ টোকা । এই আত্মহত্য়াৰ টোকাত যুৱকজনে তেওঁৰ মৃত্য়ুৰ বাবে কোনো দায়ী নহয় বুলি লিখি থৈ গৈছে । আত্মহত্য়াৰ টোকাত মাতৃলৈ সম্বোধন কৰি লিখিছে, “মা মোক ক্ষমা কৰিব, মা তোমাক অকলে এৰি গ'লো । মই আৰু হতাশা সহ্য কৰিব পৰা নাই, মোৰ বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিছো ৷ মা মই মোৰ ইচ্ছাত আত্মহত্যা কৰিছো । মোৰ আত্মহত্যাৰ বাবে কোনো দায়ী নহয় ।”

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:Girl commits suicide: চুবুৰীয়াৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ যুৱতীৰ আত্মহত্যা

চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰি আত্মহনন কৰিলে নেকি আৰক্ষী জোৱানে ! - Police suicide case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.