ETV Bharat / state

ৰাজপথত মৃতদেহৰ শাৰী: এম্বুলেন্সত উঠি কি দৰে অসম পালেহি শিৱসাগৰৰ আব্বাছ ? - VIOLENCE HIT BANGLADESH

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 5:41 PM IST

Violence in Bangladesh: সুকলমে শিৱসাগৰৰ বাসগৃহত উপস্থিত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আব্বাছ আলী ৷ অগ্নিগৰ্ভা বাংলাদেশৰ পৰা ছাত্ৰগৰাকী কোনো বিপদ অবিহনে নিজ ঘৰত উপস্থিত হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালৰ লোকে ৷ চাওক সবিশেষ খবৰ...

VIOLENCE HIT BANGLADESH
সম্প্ৰতি বাংলাদেশৰ পৰিস্থিতি ভয়াৱহ (ETV Bharat Assam)

শিৱসাগৰ, 21 জুলাই: বাংলাদেশৰ ৰাজপথত এসময়ৰ অসম সদৃশ পৰিস্থিতি । এসময়ৰ অসমৰ তিৰাশীৰ জুই এতিয়া বাংলাদেশৰ অলিয়ে-গলিয়ে । পাৰ্থক্য মাথো এটাই সেই সময়ত অসমৰ এই হিংসাৰ জুই জ্বলিছিল অসমক বিদেশী মুক্ত কৰাৰ বাবে আৰু আজি বাংলাদেশত এই হিংসাৰ জুই জ্বলিছে সংৰক্ষণৰ বিৰুদ্ধে । কিন্তু এই দুয়োটা বিদ্ৰোহৰ কাৰক একেই 'ছাত্র সমাজ' ।

আব্বাছ আলীৰ মুখেৰে শুনক শিহৰণকাৰী বৰ্ণনা (ETV Bharat Assam)

চৰকাৰী চাকৰিৰ বাবে 55 শতাংশ সংৰক্ষণ থকা বাংলাদেশত সৃষ্টি হোৱা ছাত্র অভ্যুত্থানৰ ফলত বহু লোকৰ মৃত্যু হৈছে । স্থৱিৰ হৈ পৰিছে স্বাভাৱিক জনজীৱন । চৰকাৰী যন্ত্ৰই বিদ্ৰোহ দমনৰ নামত কৰা প্ৰত্যাক্ৰমণৰ ফলত বহু ছাত্ৰৰ মৃত্যু হৈছে । হানি হৈছে বহু চৰকাৰী সম্পত্তিৰ ।

লগতে পঢ়ক: অগ্নিগৰ্ভা বাংলাদেশ: অব্যাহত ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰত্যাৱৰ্তন - Bangladesh violence

ইয়াৰ মাজতে অধ্যয়নৰ বাবে বাংলাদেশলৈ যোৱা বহু ভাৰতীয় ছাত্ৰই মৰণত শৰণ দি বাংলাদেশৰ পৰা পলায়ন কৰিছে । ইয়াৰে এজন ছাত্র শিৱসাগৰৰ আব্বাছ আলী শনিবাৰে বাংলাদেশৰ পৰা আহি শিৱসাগৰ নগৰৰ নিজগৃহত উপস্থিত হয় । ঢাকাস্থিত 'ডেলটা চিকিৎসা মহাবিদ্যালয়' প্ৰথম বৰ্ষৰ ছাত্র আব্বাছে অগ্নিগৰ্ভা বাংলাদেশৰ পৰা শিৱসাগৰৰ জেঙনিকটীয়াৰ ঘৰত উপস্থিত হৈ স্বস্তিৰ নিশ্বাস এৰিছে । আশ্বস্ত হৈছে পৰিয়ালৰ লোক ।

আব্বাছে বৰ্ণনা কৰিছে কি ভয়াৱহ পৰিস্থিতি হৈছিল ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন নগৰ-চহৰত । ৰাজপথত পৰি ৰৈছিল মৃতদেহ । জুইত জাহ গৈছিল চৰকাৰী ভৱন । কিদৰে আন্দোলনকাৰী ছাত্ৰৰ ওপৰত জপিয়াই পৰিছিল চৰকাৰী সুৰক্ষা বাহিনী । যেন অসমৰ সেই তাহানিৰ তিৰাশীৰ পুনৰাবৃত্তি ৷

শিৱসাগৰ নগৰৰ জেঙনিকটীয়াৰ ৰফিক আলী আৰু য়াচমিন বেগমৰ জ্যেষ্ঠ পুত্ৰ আব্বাছ সুকলমে ঘূৰি অহাক লৈ আশ্বস্ত হৈছে পৰিয়ালৰ লোক । বিগত দিনৰ উৎকণ্ঠা আৰু ভয় শেষ হ'ল পৰিয়ালটোৰ । যদিও পুত্ৰৰ শিক্ষা জীৱনত যতি পৰিছে, তথাপিও ভগৱানক ধন্যবাদ দিছে পৰিয়ালে ।

লগতে পঢ়ক: প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

আনহাতে, শিৱসাগৰৰ আন এগৰাকী ছাত্ৰী বাংলাদেশৰ পৰা অসমলৈ সুকলমে ঘূৰি অহাৰ তথ্য লাভ কৰা হৈছে । শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি গাঁৱৰ সুনেনা আখতাৰ হুছেইন দেওবাৰে সুকলমে গুৱাহাটীত উপস্থিত হয় । বাংলাদেশ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী চতুৰ্থ ষান্মাষিকত অধ্যয়নৰত আছিল ।

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ-ছাত্ৰী এতিয়াও বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজত বন্দী হৈ আছে । অভিভাৱকমহলে এইসকল ছাত্ৰ-ছাত্ৰীক সুকলমে ওভতাই আনিবলৈ ভাৰত চৰকাৰক জনাইছে আহ্বান ৷

লগতে পঢ়ক: অগ্নিগৰ্ভা বাংলাদেশ: সুকলমে অসমত উপস্থিত মণিৰুজ্জামান - Violence hit Bangladesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.