ETV Bharat / state

জীৱনত তিনিবাৰকৈ ল’ব খুজিছিল চৰম সিদ্ধান্ত; আজি তেওঁ বহুতৰে আদৰ্শ - Self reliant woman

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 10:00 AM IST

Story of a self reliant woman : সুদখোৰে অত্যাচাৰ চলোৱা এখন ঘৰ ৷ ঘৰখন ভাঙি জ্বলাই দিবলৈ ওলাইছিল সুদখোৰে ৷ তিনিবাৰকৈ চৰম সিদ্ধান্ত ল’বলৈ ওলাইছিল গৃহস্থই ৷ কিন্তু তেওঁ ৰৈ গৈছিল কিবা ভাবি ৷ মাটি বেচি সুদখোৰক পৰিশোধ কৰিছিল ঋণ ৷ এতিয়া ঘৰখনত ফুলিছে সুখৰ শতদল ৷ জীৱনৰ বাটত বিপদৰ সন্মুখীন হ’লেই সকলো শেষ হৈ নাযায়, যুদ্ধ জয় অৱকাশ ৷ এই কাহিনী তেনে এগৰাকী জীৱন যুদ্ধৰ প্ৰকৃত যোদ্ধাৰ...

Self reliant woman
জীৱনত তিনিবাৰকৈ ল’ব খুজিছিল চৰম সিদ্ধান্ত; আজি তেওঁ বহুতৰে আদৰ্শ (ETV Bharat Assam)

যোৰহাট, 14 জুন : কিছুদিন আগলৈকে ঘৰখনত নিতৌ উপদ্ৰৱ চলিছিল সুদখোৰৰ ৷ সুদত টকা লৈ পৰিশোধ কৰিব নোৱৰা গৰাকীয়ে প্ৰায় প্ৰতিদিনেই শুনিবলগীয়া হৈছিল সুদখোৰৰ অকথ্য গালি-গালাজ ৷ নিজৰ ওপৰতেই যেন ধিক্কাৰ উপজিছিল গৰাকীৰ ৷

তিনিবাৰকৈ তেওঁ গ্ৰহণ কৰিবলৈ ওলাইছিল চৰম সিদ্ধান্ত ৷ কিন্তু, নোৱাৰিলে ৷ তেওঁ বাৰে বাৰে থমকি ৰৈছিল ৷ অৱশেষত বাৰীৰ এটুকুৰা মাটি বেচি সুদখোৰক 13 লাখ টকা পৰিশোধ কৰি মুক্ত হৈছিল এই ঋণ তথা নিৰ্যাতনৰ পৰা ৷ তাৰ পিচতেই তেওঁ মন বান্ধিছিল কিবা এটা কৰাৰ ৷

হাতত আছিল মাত্ৰ 200 টকা, সেই 200 টকাৰেই আৰম্ভ হৈছিল যুঁজ ৷ স্ব-নিৰ্ভৰশীল হোৱাৰ যুঁজ ৷ আজি তেওঁ সফলতাৰ জখলা বগাইছে ৷ এই কাহিনী হৈছে যোৰহাটৰ 2 নং চেঙেলী গাঁৱৰ মাধুৰীমা দত্তৰ ৷

লগতে পঢ়ক: বানত হ’ব সাহয়: পানীতো চলাব পৰা চাইকেল উদ্ভাৱন অসমীয়া ছাত্ৰৰ - Aqua Cycle in Assam

কিছুদিন আগলৈকে তেওঁৰ জীৱনটো আছিল দুৰ্বিষহ ৷ কিন্তু আজি তেওঁ আন দহগৰাকী মহিলাৰ বাবে হৈ পৰিছে আদৰ্শ ৷ জীৱনত বেয়া দিন আহে, কিন্তু সাহসেৰে তাৰ মুখামুখি হ’লে এদিন সুখৰ সূৰ্যোদয় হ’বই ৷ এয়া প্ৰমাণ কৰি দেখুৱালে মাধুৰীমা দত্তই ৷ জীৱনত যুঁজিবলৈ হ’লে মূৰ ওপৰলৈ কৰি আগবাঢ়িব লাগিব, এই মন্ত্ৰকেই সৰোগত কৰি আগবাঢ়িল মাধুৰীমা দত্ত ৷

13 লাখ টকা ঋণ পৰিশোধৰ পিচত মাত্ৰ 200 টকাৰে তেওঁ তিনিটা বেগত আৰম্ভ কৰিছিল কাঠফুলা খেতি ৷ দিন বাগৰিল, কষ্টৰ ফচল উৎপন্ন হ’ল ৷ আজি তেওঁ দুখনকৈ কাঠফুলা ফাৰ্মৰ গৰাকী ৷

লগতে পঢ়ক: লক্ষ্য : বিশ্ববাসীৰ আগত উত্তৰ-পূৱৰ প্ৰতিষ্ঠা, বাইকেৰে লণ্ডনত উপস্থিত অসমৰ মীনাক্ষী - solo world tour on a bike

শুকান আৰু কেঁচা কাঠফুলা বজাৰত বিক্ৰী কৰাৰ উপৰিও কাঠফুলা আৰু মিলেটৰ পৰা তেওঁ প্ৰস্তুত কৰে কেক, বিস্কুট আদি ৷ ইয়াৰ লগতে আচাৰ, দৈ, লালমোহন আদি প্ৰস্তুত কৰি বিক্ৰী কৰে এইগৰাকী মহিলাই ৷ তেওঁ উৎপাদন কৰা কাঠফুলা আৰু মিলেটৰ খাদ্য সামগ্ৰী ৰপ্তানি হয় বহিঃৰাজ্যলৈও ৷

অকলেই আৰম্ভ কৰা তেওঁৰ এই যাত্ৰাত এতিয়া প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে অতিকমেও 30 গৰাকী মহিলা ৷ অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ তৰফৰ পৰা মাধুৰীমা দত্তই এতিয়া বিভিন্ন স্থানত প্ৰদান কৰে প্ৰশিক্ষণ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু যোৰহাটত দুবাৰকৈ জুতি লৈছে মিলেটৰ পৰা তেওঁ প্ৰস্তুত কৰা বিস্কুটৰ । ইতিমধ্যে কৃষি বিভাগ, কৃষি বিশ্ববিদ্যালয় আদিৰ পৰা তেওঁ লাভ কৰিছে বহু পুৰস্কাৰো । এসময়ত জীৱনৰ মোহ হেৰুৱাই পেলোৱা এইগৰাকী মহিলা এতিয়া বিজয়ী সেনাপতি হৈ জিলিকি উঠিছে জীৱন যুদ্ধত ।

লগতে পঢ়ক: চৰাইদেউক আকৰ্ষণীয় পৰ্যটনস্থলী কৰাৰ লক্ষ্যৰে প্ৰকৃতিপ্ৰেমীৰ নিৰলস প্ৰচেষ্টা - Nature lover of Charaideo

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.